শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আলফা(স্বা)ৰ শীৰ্ষ কেডাৰৰ আত্মসমৰ্পনৰ পৰা বিধানসভাৰ অধিৱেশনলৈ, দিনটোৰ খবৰ...

আলফা(স্বা)ৰ শীৰ্ষ কেডাৰৰ আত্মসমৰ্পনৰ পৰা বিধানসভাৰ অধিৱেশনলৈ, দিনটোৰ খবৰ…

barasha-sarma
Barasha Sarma | Published: 23 Nov 2025 21:14 PM

Top9 News: অহা ২৫ নৱেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন। এই সময়চোৱাত কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ইফালে ডিচেম্বৰৰ পৰা সদনৰ শীতকালীন অধিৱেশন।

আজি আলফা (স্বা)ৰ শীৰ্ষ কেডাৰ এজনে আত্মসমৰ্পন কৰে। লগতে তেওঁ বহু অস্ত্ৰ-শস্ত্ৰ জমা দিয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, তেওঁক দিল্লীলৈ নিয়া নহয়। সম্ভৱতঃ গুৱাহাটীলৈ অনা হ’ব পাৰে। ইয়াৰোপৰি আলফা (স্বা)ৰ সৈতে আলোচনা পৰেশ বৰুৱা অবিহনে সম্ভৱ নহয় বুলি শৰ্মাই কয়।

অহা ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শীতকালীন অধিবেশন। এই সমচোৱাত কেইবাখনো বিধেয়ক গৃহীত হোৱাৰ সম্ভাৱনা আছে। প্ৰায় ২৬ খন ন-পুৰণি বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা। অৱশ্যে কি কি বিধেয়ক উত্থাপন হ’ব সেয়া স্পষ্ট হোৱা নাই।

১ ডিচেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হ’ব। এই সময়চোৱাত ১০ খন নতুন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। ১২খন বিধেয়ক তালিকাভুক্ত কৰিছে চৰকাৰে।

সবিশেষৰ বাবে চাওক ভিডিঅ’…