শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতৰ বিৰুদ্ধে পাকিস্তানে উলিয়াইছিল ৰেলী, বেলুচ আৰ্মীৰ আক্ৰমণত নিহত আৰু আহত বহুতো…

ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাই এক প্ৰকাৰ সাৰ-পানী যোগাইছে বেলুচ আৰ্মীক। বিগত কেইটামান দিনত পাকিস্তানী সেনাক কেইবাবাৰো আক্ৰমণ কৰিছে বেলুচ আৰ্মীয়ে।

ভাৰতৰ বিৰুদ্ধে পাকিস্তানে উলিয়াইছিল ৰেলী, বেলুচ আৰ্মীৰ আক্ৰমণত নিহত আৰু আহত বহুতো…
বেলুচ আৰ্মী (প্ৰতীকি ফটো)Image Credit source: TV9 Bangla
barasha-sarma
Barasha Sarma | Published: 15 May 2025 13:33 PM

ভাৰতৰ সৈতে হোৱা যুদ্ধ বিৰতিৰ পাছতে পাকিস্তানে এক নতুন কাণ্ড আৰম্ভ কৰিছে। পাকিস্তান চৰকাৰে দেশখনৰ বিভিন্ন অঞ্চলত ‘জছন-ই-পাকিস্তান’ ৰেলী উলিয়াই এক প্ৰকাৰ ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ জয় বুলি জনতাক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে। বিভিন্ন অঞ্চলৰ লগতে পাকিস্তান চৰকাৰে বেলুচিস্তানতো এই ৰেলী উলিয়ায়। কিন্তু বেলুচ লিবাৰেশ্যন আৰ্মীয়ে এই ৰেলী বন্ধ কৰি দিয়ে। জানিব পৰা মতে, বুধবাৰে কুৱেটাত চৰকাৰীভাৱে আয়োজিত এই ৰেলীক এক বিস্ফোৰণ সংঘটিত হয়। ইয়াৰোপৰি গুলীচালনাৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ১০ জন আহত হয়।

আৰক্ষীয়ে জনোৱা মতে, সৰিয়াব কাষ্টমছৰ পৰা মহানগৰ অভিমুখে গৈ থকা অৱস্থাত মুনীৰ মেংগল পথৰ সমীপত এই ৰেলীৰ ওপৰত ডাঙৰ আক্ৰমণ কৰা হয়। সশস্ত্ৰ আক্ৰমণকাৰীয়ে গ্ৰেনেড নিক্ষেপ কৰাৰ লগতে ৰেলীত উপস্থিত থকা লোকসকলৰ ওপৰত গুলীচালনা কৰে। লগে লগে আৰক্ষীয়ে সেই অঞ্চলটো ঘেৰি ধৰে। বেলুচ সেনাৰ এই কাৰ্যই স্পষ্ট কৰি দিছে যে তেওঁলোকে কোনো পধ্যেই পাকিস্তানক স্বীকাৰ নকৰে।

আক্ৰমণৰ পাছত আহতসকলক হাস্পাতালত প্ৰেৰণ কৰা হয়। বৰ্তমান তেওঁলোকৰ চিকিৎসা চলি আছে। ইয়াৰ বিপৰীতে চিকিৎসাধীন অৱস্থাত এজন ব্যক্তিৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।উল্লেখ কৰা প্ৰয়োজন যে, ‘জছন-ই-পাকিস্তান’ শীৰ্ষক এই ৰেলী পাকিস্তান পিপলছ পাৰ্টিৰ সাংসদ আলী মাদাদ জাকাতৰ নেতৃত্বত অনুষ্ঠিত হৈছিল। য’ত মুখ্যমন্ত্ৰী ছাৰফৰাজ বুগটিও উপস্থিত আছিল। কিন্তু নিৰাপত্তাজনিত কাৰণতে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ আধাতে সামৰি সভাস্থলী ত্যাগ কৰে বুলি জানিব পৰা গৈছে।  এই ঘটনাৰ পাছতে এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। বেলুচিস্তান স্বাস্থ্য বিভাগৰ মুখপাত্ৰ ডাঃ ৱাছিম ​​বেগে কয় যে এই আক্ৰমণত দহজন লোক আহত হৈছে। এই লোকসকলৰ বয়স ২০ ৰ পৰা ৫০ বছৰৰ ভিতৰত।

ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাই যেন সাৰ-পানী যোগাইছে বেলুচ আৰ্মীক। যোৱা কেইটামান দিনত বেলুচ আৰ্মীয়ে পাকিস্তানী সেনাক কেইবাবাৰো আক্ৰমণ কৰিছে। ইয়াৰ বিপৰীতে পাকিস্তানক ধ্বংস কৰিবৰ বাবে বিচাৰিছে ভাৰতৰ সহায়। দশক দশক ধৰি পৃথক বেলুচিস্তানৰ দাবী কৰি অহা বেলুচ আৰ্মীয়ে কৈছে যে স্বাধীনতা লাভ নকৰালৈকে তেওঁলোকে যুঁজ অব্যাহত ৰাখিব। উল্লেখ কৰা প্ৰয়োজন যে,  ‘মুক্ত বেলুচিস্তান আন্দোলন’ৰ নেতা হিৰ্বয়াৰ মাৰীয়ে মুম্বাইৰ জিন্না হাউছক বেলুচিস্তান হাউছলৈ ৰূপান্তৰিত কৰাৰ দাবী জনাইছে। ভাৰতৰ সৈতে  সম্পৰ্ক ভাল কৰাৰ বাবে সকলো চেষ্টা কৰি গৈছে বেলুচ আৰ্মীয়ে।

 

 

অন্য খবৰ পঢ়কঃ বেলুচিস্তানক পাকিস্তানৰ পৰা স্বাধীন ঘোষণা কৰাৰ দাবী! ভাৰতক বিশেষ আহ্বান BLA ৰ…