ধুবুৰীত প্রস্তাৱিত তাপ শক্তি কেন্দ্ৰৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ, ১০ হাজাৰ নিয়োগ সৃষ্টিৰ আশা…
মুখ্যমন্ত্ৰীয়ে কয় যে, ২০৩৫ চনৰ ভিতৰত ৫ হাজাৰ মেগাৱাট তাপ শক্তি উৎপাদনৰ জৰিয়তে শক্তি খণ্ডত স্বাৱলম্বী কৰাৰ লক্ষ্য আগত ৰাখিছে অসম চৰকাৰে। ইয়াৰ বাবে নতুন নতুন তাপ শক্তি কেন্দ্ৰ স্থাপন কৰা হ'ব।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ অন্তর্গত চাপৰ ৰাজহ চক্ৰৰ অধীনস্থ চিৰাকোটা চাৰুৱা বকৰাত স্থাপন হ’বলগীয়া প্রস্তাৱিত তাপ শক্তি কেন্দ্ৰৰ স্থান পৰিদৰ্শন কৰে। বিলাসীপাৰা ৰে’লৱে ষ্টেচনৰ পৰা প্ৰায় ৮ কিলোমিটাৰ নিলগত অৱস্থিত ৩৩০০ বিঘাতকৈও অধিক ভূমি সামৰি থকা অঞ্চলটোত এই প্ৰকল্প মুকলি হ’ব।
মুখ্যমন্ত্ৰীয়ে শক্তিমন্ত্রী প্রশান্ত ফুকনৰ উপৰি জিলা আযুক্ত প্রমুখ্যে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে প্ৰস্তাৱিত প্রকল্পস্থলী পৰিদৰ্শন কৰাৰ লগতে প্রকল্পটোৰ বাবে আন্তঃগাঁথনিমূলক প্রয়োজনীয়তাসমূহ পর্যালোচনা কৰে। তদুপৰি, তেওঁ এই তাপ বিদ্যুৎ কেন্দ্রটো স্থাপনৰ সুবিধাৰ বাবে প্ৰৱেশ পথ নিৰ্মাণকে ধৰি আনুসাংগিক দিশসমূহ সম্পর্কেও বিতংভাবে আলোচনা কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই প্রকল্পটোৰ ৰূপায়ণৰ বাবে উক্ত ভূমিখিনি সাজু কৰি তুলিবলৈ প্রয়োজনীয় উন্নয়নমূলক কাম-কাজসমূহ অনতিপলমে আৰম্ভ কৰিবলৈ জিলা আয়ুক্তক নির্দেশ দিয়ে। এই প্রকল্পটোৰ বাবে প্রয়োজনীয় পানী নিচেই কাষতে থকা গৌৰাঙ্গ নদীৰ পৰা সংগ্ৰহ কৰিব পাৰিব বুলিও মুখ্যমন্ত্রীয়ে কয়। প্রকল্পটো স্থাপন কৰাৰ ক্ষেত্ৰত ভূমি অধিগ্রহণৰ বাবে যদি কোনোবা পৰিয়ালক স্থানান্তৰৰ প্রয়োজন হয়, তেন্তে ৰাজ্য চৰকাৰে তেওঁলোকক পুনৰ সংস্থাপনৰ বাবে উপযুক্ত বিকল্প ভূমি প্রদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস প্রদান কৰে।
২০৩৫ চনৰ ভিতৰত ৫ হাজাৰ মেগাৱাট তাপ শক্তি উৎপাদনৰ জৰিয়তে শক্তি খণ্ডত স্বাৱলম্বী কৰাৰ লক্ষ্যৰে নতুন নতুন তাপ শক্তি কেন্দ্ৰ স্থাপনৰ বাবে অসমে অতি সক্ৰিয়তাৰে কাম-কাজ অব্যাহত ৰাখিছে বুলিও মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। এই দৃষ্টিভংগীৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে অসম তাপ শক্তি উৎপাদন প্ৰসাৰ নীতি-২০২৫ প্ৰৱৰ্তন কৰিছে। যাৰ দ্বাৰা ইতিমধ্যে ৭৭.৩ বিলিয়ন টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয়। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে এই নীতিৰ ৰূপায়ণৰ বাবে ন’ডেল এজেঞ্চি হিচাপে কাম কৰিব। এই তাপ বিদ্যুৎ কেন্দ্রটো নির্মাণ হৈ উঠিলে ইয়াত প্রত্যক্ষ বা পৰোক্ষভাৱে ১০ হাজাৰ নিয়োগ সৃষ্টি হ’ব বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ উপৰি এই প্রকল্পটোৰ নিৰ্মাণৰ সময়ত প্রায় ২৫ হাজাৰ স্থানীয় শ্রমিক এই প্রকল্পটোৰ লগত জড়িত হ’ব পাৰিব।
আজিৰ এই পৰিদৰ্শনৰ সময়ছোৱাত মুখ্যমন্ত্ৰীৰ সৈতে শক্তি আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথ প্রমুখ্যে সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে গোৱালপাৰা জিলাত স্থাপন হ’বলগীয়া চিকিৎসা মহাবিদ্যালয় তথা হাস্পতালৰ স্থানৰ লগতে প্রস্তাবিত শক্তি উদ্যানৰ ভূমি পৰিদৰ্শন কৰে। তেওঁ জিলাখনৰ বালিজানা ৰাজহ চক্ৰৰ অধীনৰ ভান্দাৰা গাঁৱত উপস্থিত হৈ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়খনৰ স্থান পৰিদৰ্শন কৰি উক্ত স্থানলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সূচল যাতায়াত ব্যৱস্থাকে ধৰি আনুষংগিক দিশসমূহ শীর্ষ বিষয়াসকলৰ সৈতে আলোচনা কৰে।
বাজেট ঘোষণা অনুসৰি স্থাপন হ’বলগীয়া এই চিকিৎসালয়খন সর্বাংগসুন্দৰভাৱে গঢ়ি তোলাৰ দিশত আজিৰ এই পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় নির্দেশ দিয়ে। ইয়াৰ পিছতে উপস্থিত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে ৰাজ্য চৰকাৰে চলিত বিত্তীয় বর্ষতে গোৱালপাৰা চিকিৎসা মহাবিদ্যালয় তথা হাস্পতালত নির্মাণকার্য আৰম্ভ কৰাৰ বাবে প্রয়াস চলাব। উল্লেখ্য যে, ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে গ্রহণ কৰা পদক্ষেপৰ অংশ হিচাপে গোৱালপাৰাবাসীয়েও যাতে জিলাখনতে উন্নত আৰু অত্যাধুনিক চিকিৎসা সেৱা লাভ কৰিব পাৰে তাক ৰাজ্য চৰকাৰে সুনিশ্চিত কৰিব বিচাৰিছে।
অন্য খবৰ পঢ়কঃ ১০ দিন পূৰ্বে ফেচবুকত হৈছিল চিনাকী, মহিলাগৰাকীয়ে কৰিছিল মেছেজ…মৃগাংক কাণ্ডৰ ন তথ্য পোহৰলৈ…