শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
India China Relation: চীনে নাম সলনি কৰিলেও অৰুণাচল ভাৰতৰেই

India China Relation: চীনে নাম সলনি কৰিলেও অৰুণাচল ভাৰতৰেই

Manas Borah
Manas Borah | Published: 14 May 2025 21:52 PM

অৰুণাচল প্ৰদেশৰ কেইবাখনো ঠাইৰ নাম সলনি কৰাৰ চেষ্টা চলাইছিল ৰঙা চীনে । ভাৰতে চীনক শক্তিশালী ভাষাত স্পষ্ট কৰি দিলে যে বিভিন্ন ঠাইৰ নাম সলনি কৰিলেই অৰুণাচল প্ৰদেশ চীন হৈ নাযায় । অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ হৈয়েই থাকিব ।

অৰুণাচল প্ৰদেশক লৈ পুনৰ আৰম্ভ হৈছে টনাটনি । চীনক এক শক্তিশালী বাৰ্তা দিছে ভাৰতে । অৰুণাচল প্ৰদেশৰ কেইবাখনো ঠাইৰ নাম সলনি কৰাৰ চেষ্টা চলাইছিল ৰঙা চীনে । ভাৰতে চীনক শক্তিশালী ভাষাত স্পষ্ট কৰি দিলে যে বিভিন্ন ঠাইৰ নাম সলনি কৰিলেই অৰুণাচল প্ৰদেশ চীন হৈ নাযায় । অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ হৈয়েই থাকিব ।

দুদিন পূৰ্বে চীনৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে অৰুণাচল প্ৰদেশৰ ২৭ টা স্থানৰ কথা উল্লেখ কৰিছিল, য’ত মেপত নতুন নামকৰণ কৰা হৈছিল । বিষয়টো ভাৰতৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰি কয়, “আমাৰ দৃষ্টিগোচৰ হৈছে যে চীনে ভাৰতৰ অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইৰ নাম সলনি কৰিবলৈ চেষ্টা কৰিছে । আমি এই প্ৰচেষ্টাৰ তীব্ৰ বিৰোধিতা কৰিছো । নতুন নাম দিলে এই সত্যটো সলনি নহয় যে অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু থাকিব ।”

প্ৰসংগক্ৰমে, চীনে ইয়াৰ পূৰ্বেও কেইবাবাৰো অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তক নিজৰ বুলি দাবী কৰিবলৈ চেষ্টা কৰিছে । ২০২৪ চনৰ এপ্ৰিল মাহত তেওঁলোকে নাম সলনি কৰি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ অৰুণাচল প্ৰদেশত ৩০ টা স্থান দাবী কৰিবলৈ চেষ্টা কৰিছিল । চীনে অৰুণাচল প্ৰদেশক জাংনান বুলি দাবী কৰিছে । ইয়াৰ দ্বাৰা ১২টা পাহাৰ, ৪খন নদী, ১টা হ্ৰদ আৰু এটা পাহাৰীয়া পথৰ লগতে ১১টা অঞ্চলৰ নাম সলনি কৰিছে ।

তাৰ আগতে ২০১৭ চনত ইয়াৰ মানচিত্ৰত অৰুণাচল প্ৰদেশৰ ৬ খন ঠাই অন্তৰ্ভুক্ত কৰিছিল । ২০২১ চনত ১৫ টা স্থানৰ নাম সলনি কৰি নিজৰ বুলি দাবী কৰিছিল, আৰু ২০২৩ চনত ১১ টা স্থানৰ নাম সলনি কৰিছিল।