এগৰাকী ২৩ বছৰীয়া যুৱতীয়ে আউল লগাইছে বাংলাদেশ-পাকিস্তানৰ সম্পৰ্কত! দেশ এৰি পলায়ন ৰাষ্ট্ৰদূতৰ…
বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰা পাকিস্তানৰ ৰাষ্ট্ৰদূত চৈয়দ মাৰুফৰ হঠাৎ নিৰুদ্দেশ হোৱা ঘটনাই এক চৰ্চাৰ বিষয় হৈ পৰিছে। অভিযোগ অনুসৰি, হানি ট্ৰেপিঙৰ জালত পৰিছিল আৰু বেংকৰ এজন কৰ্মচাৰীৰ সৈতে থকা সম্পৰ্কৰ বাবেই পলায়ন কৰিবলগীয়া হয়। বেংকৰ কৰ্মচাৰীজনক বাংলাদেশ বেংকৰ সহকাৰী সঞ্চালক হিচাপে চিনাক্ত কৰা হৈছে।

বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰা পাকিস্তানৰ ৰাষ্ট্ৰদূত চৈয়দ মাৰুফৰ নিৰুদ্দেশ সন্দৰ্ভত এক ডাঙৰ তথ্য পোহৰলৈ আহিছে। কোৱা হৈছে যে যোৱা ১১ মে’ত মাৰুফে জিন্স আৰু টি-চাৰ্ট পিন্ধি ঢাকাৰ পৰা ইছলামাবাদলৈ ৰাওনা হৈছিল। সমগ্ৰ বাংলাদেশতে এতিয়া মাৰুফ হানি ট্ৰেপিঙৰ জালত পৰা বুলি চৰ্চা চলিছে। সূত্ৰৰ উদ্ধৃতি দি নৰ্থ-ইষ্ট পোষ্টে দাবী কৰিছে যে বাংলাদেশৰ ২৩ বছৰীয়া বেংক কৰ্মচাৰীৰ সৈতে মাৰুফৰ প্ৰেমৰ সম্পৰ্ক আছিল। তেওঁলোকৰ সম্পৰ্কত ইমানেই ইউ টাৰ্ণ হৈ গ’ল যে মাৰুফে খৰখেদাকৈ বাংলাদেশ এৰি পলায়ন কৰিবলগীয়া হ’ল। মাৰুফৰ পাকিস্তান ভ্ৰমণৰ লগে লগে দুয়োখন দেশৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।
কোন এই ২৩ বছৰীয়া ছোৱালীজনী?
যুৱতীগৰাকীক ঢাকাৰ নিবাসী বুলি চিনাক্ত কৰা হৈছে। এই ২৩ বছৰীয়া যুৱতীগৰাকী বাংলাদেশ বেংকত কাম কৰে। যুৱতীগৰাকীৰ উপাধি হক। ইফালে যুৱতীগৰাকী আৰু মাৰুফৰ সৈতে জড়িত বহু ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। হকে কেৱল ইনষ্টাগ্ৰামত মাৰুফক অনুসৰণ কৰিছে। প্ৰফাইলত নিজকে বেংকৰ সহকাৰী সঞ্চালক বুলি অভিহিত কৰিছে ছোৱালীজনীয়ে। বাংলাদেশৰ পৰা মাৰুফে পলায়ন কৰাৰ পিছত ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডত আছে ২৩ বছৰীয়া যুৱতীগৰাকীৰ একাউণ্ট।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মাৰুফৰ সৈতে যুৱতীগৰাকীৰ ফটো
বিগত মাহত বাংলাদেশত হানি ট্ৰেপিঙৰ জালত আবদ্ধ হৈ পৰিছিল ছৌদি আৰৱৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰদূত। এই বিষয়ত বাংলাদেশ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছিল। এই কাৰ্যৰ অংশ হিচাপে ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে সম্পৰ্ক থকা মডেল মেঘনাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কিন্তু এই সমগ্ৰ অভিযানৰ সময়ত ছৌদি ৰাষ্ট্ৰদূতগৰাকীয়ে নিজৰ দেশলৈ উভতি যাবলগীয়া হৈছিল। সেই সময়ত বাংলাদেশ চৰকাৰে চৌদি আৰৱৰ সৈতে সম্পৰ্কক লৈ উদ্বেগ প্ৰকাশ কৰিছিল।
২০২৩ চনৰ শেষৰ ফালে চৈয়দ মাৰুফক পাকিস্তানে বাংলাদেশলৈ প্ৰেৰণ কৰিছিল। ২০২৪ চনৰ আগষ্ট মাহত শ্বেখ হাছিনাৰ অভ্যুত্থানৰ পিছত মাৰুফে সক্ৰিয় হৈ কাম আৰম্ভ কৰে। ফলত বাংলাদেশৰ মৌলবাদী চৰকাৰৰ সৈতে পাকিস্তানৰ সম্পৰ্ক উন্নত হ’ল। এইবাৰ ১৯৭১ চনৰ পিছত প্ৰথমবাৰৰ বাবে বাংলাদেশে পাকিস্তানৰ পৰা চাউল আমদানি কৰিছিল। বাণিজ্য সন্দৰ্ভত দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰীৰ মাজত এক চুক্তি হ’ব লগীয়াও আছিল। কিন্তু মাৰুফে ঢাকাৰ পৰা যিদৰে উভতি যাবলগীয়া হৈছে, সেইটোৱে এতিয়া সংকট আৰু গভীৰ কৰি তুলিছে।