নতুন GST মতে হ্ৰাস পাব নেকি পেট্ৰ’ল-ডিজেল আৰু সুৰাৰ দাম? চাওক সবিশেষ…
নতুন জি এছ টি নীতি অনুসাৰে প্ৰায় ৩৭৫ বিধ সামগ্ৰীৰ ওপৰত জি এছ টি (সামগ্ৰী আৰু সেৱা কৰ) হ্ৰাস কৰা হৈছে। এই নতুন জি এছ টি নীতি অনুসৰি পেট্ৰ’ল, ডিজেল, সুৰাৰ দাম হ্ৰাস পাব নেকি? এয়া স্বাভাৱিকতেই এক বহুল উত্থাপিত প্ৰশ্ন। জানো আহক এই বিষয়ে।

আজি পৰা বৃহৎ পৰিৱৰ্তন ঘটিছে দেশৰ কৰ ব্যৱস্থাত। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পূৰ্ব সিদ্ধান্ত মতে আজিৰ পৰা কাৰ্যকৰী হৈছে নতুন জি এছ টি নীতি। দেশৰ অৰ্থনৈতিক বিকাশ তথা জনসাধাৰণক সকাহ প্ৰদানৰ বাবে এই নতুন নীতিত প্ৰায় ৩৭৫ বিধ সামগ্ৰীৰ ওপৰত জি এছ টি (সামগ্ৰী আৰু সেৱা কৰ) হ্ৰাস কৰা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৫৬ সংখ্যক জি এছ টি পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই বৈঠকতে দেশবাসীক সকাহ প্ৰদান কৰি কৰ শ্লেব চাৰিটাৰ পৰা দুটালৈ হ্ৰাস কৰা হৈছিল। এই জি এছ টি সংস্কাৰৰ পিছত এতিয়া কেৱল ৫% আৰু ১৮% জি এছ টি শ্লেব থাকিব।
আনহাতে ৪০%ৰ এক বিশেষ জি এছ টি শ্লেব থাকিব। এই শ্লেবত বিলাসী সামগ্ৰীসহ ধঁপাত, চিগাৰেটৰ দৰে আন কিছুমান সামগ্ৰী সামৰি লোৱা হ’ব। পূৰ্বৰ ১২% জি এছ টি শ্লেবৰ অধীনত থকা প্ৰায় ৯৯% সামগ্ৰী ৫% কৰ শ্লেবত অন্তৰ্ভুক্ত কৰা হৈছে। একেদৰে ২৮% কৰ শ্লেবৰ অধীনত থকা ৯০% সামগ্ৰী ১৮% কৰ শ্লেবত অন্তৰ্ভুক্ত কৰা হৈছে।
এই নতুন জি এছ টি নীতি অনুসৰি পেট্ৰ’ল, ডিজেল, সুৰাৰ দাম হ্ৰাস পাব নেকি? এয়া স্বাভাৱিকতেই এক বহুল উত্থাপিত প্ৰশ্ন। এই বিষয়ে জানিবলৈ হ’লে প্ৰথমে বুজা উচিত যে বৰ্তমান পেট্ৰ’ল আৰু ডিজেল জি এছ টিৰ আওতাৰ বাহিৰত। গতিকে জি এছ টি হাৰ সংস্কাৰৰ ফলত পেট্ৰ’ল-ডিজেলত কোনো প্ৰভাৱ নপৰে।
ভাৰতত কৰবিহীন পেট্ৰ’লৰ মূল্য বা পেট্ৰ’লৰ প্ৰকৃত মূল্য খুচুৰা মূল্যতকৈ তুলনামূলকভাৱে কম। কাৰণ কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত কৰ আৰোপ কৰে। গতিকে ইন্ধনৰ মূল্যৰ ওপৰত ৰাজ্য চৰকাৰে লোৱা কৰৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্যভেদে পেট্ৰ’ল-ডিজেলৰ মূল্য বেলেগ বেলেগ হয়। খুচুৰা মূল্যত অতিৰিক্ত ধন, ডিলাৰ কমিচন, আৰু মালবাহী খৰচ অন্তৰ্ভুক্ত হয়।
পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপ কৰা বিভিন্ন কৰসমূহৰ ভিতৰত কেন্দ্ৰীয় আবকাৰী শুল্ক আৰু ৰাজ্যিক ভেট অন্তৰ্ভুক্ত। সকলো ৰাজ্যৰ বাবে আবকাৰী শুল্ক সমান হ’লেও ৰাজ্যভেদে ভেটৰ ভিন্নতা থাকে, ইয়াৰ ফলত কিছুমান ৰাজ্যত পেট্ৰ’লৰ দাম বেছি হোৱাৰ বিপৰীতে আন কিছুমান ৰাজ্যত মূল্য কম হয়।
পেট্ৰ’ল-ডিজেলৰ দৰে সুৰাৰ মূল্যৰ ক্ষেত্ৰতো নতুন জি এছ টি নীতিৰ কোনো প্ৰভাৱ নপৰে। ৰাজ্য চৰকাৰৰ সুৰাৰ ওপৰত কৰ আৰোপ কৰাৰ কৰ্তৃত্ব আছে। প্ৰতিখন ৰাজ্যই ৰাজহৰ এক উল্লেখযোগ্য অংশ সুৰাৰ পৰা আহৰণ কৰে, গতিকে সুৰাক জি এছ টিৰ পৰিসৰত অন্তৰ্ভুক্ত কৰা হোৱা নাই। যদি ৰাজ্য চৰকাৰে যিকোনো সময়তে ভেট হ্ৰাস কৰাৰ সিদ্ধান্ত লয় তেতিয়া সুৰাৰ মূল্য হ্ৰাস পায়।