শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চৰ্দাৰ যেতিয়া সিংহ হয়…..পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ জয়গান! শ্বাহবাজ শ্বৰীফক কাপুৰুষ, ভয়াতুৰ আখ্যা…

পাকিস্তানৰ সংসদত পিটিআইৰ এজন সাংসদে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰাৰ লগতে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক তীব্ৰ সমালোচনা কৰিছে। এই সময়ত সাংসদগৰাকীয়ে টিপু চুলতানৰ এটা বক্তব্যৰ কথা মনত পেলাই শ্বাহবাজক শিয়ালৰ লগত তুলনা কৰে।

চৰ্দাৰ যেতিয়া সিংহ হয়…..পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ জয়গান! শ্বাহবাজ শ্বৰীফক কাপুৰুষ, ভয়াতুৰ আখ্যা…
পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ জয়গান!
trishna-kalita
Trishna Kalita | Updated On: 09 May 2025 22:38 PM

ভাৰতে পাকিস্তানক ইমান তীব্ৰভাৱে আঘাত কৰিছে যে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে থিয় দিছে পাকিস্তানৰ সাংসদসকল। পাকিস্তানৰ সংসদ অধিৱেশনত পিটিআই সাংসদে পাকিস্তানৰ নেতৃত্বক তীব্ৰ সমালোচনা কৰে। আনকি তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক শিয়াল বুলি অভিহিত কৰে।

সাংসদগৰাকীয়ে কয় যে আমাৰ কায়দে (নেতা) ভাৰতৰ পৰা এই আক্ৰমণ সন্দৰ্ভত কোনো বিবৃতি প্ৰকাশ কৰা নাই। তেওঁ কয়, “দেশৰ নেতাজনৰ বাবে টিপু চুলতানৰ এটা উক্তি মোৰ মনত পৰিছে, “যদি কোনো সেনাৰ চৰ্দাৰ যদি সিংহ হয় আৰু তেওঁৰ সৈন্যবোৰ যদি শিয়াল হলেও তেওঁলোকে সিংহৰ দৰে যুঁজি যুদ্ধত জয়ী হয়। কিন্তু যদি কোনো সেনা জোৱানসকল সিংহ হয় আৰু চৰ্দাৰজন শিয়াল হয়, তেন্তে সিংহও যুদ্ধত পৰাস্ত হয়।”

তেওঁ আৰু কয়, “দেশৰ জনসাধাৰণৰ নেতাৰ পৰা আশা কৰিছে, কিন্তু যেতিয়া আপোনাৰ নেতা কাপুৰুষ আৰু তেওঁ পাকিস্তানৰ নামটোও ল’ব নোৱাৰে, তেতিয়া সীমান্তত যুঁজি থকা জোৱানসকলক কি বাৰ্তা দিব।পাকিস্তানৰ সাংসদগৰাকীয়ে ভাষণত স্পষ্ট কৰি দিয়ে যে পাকিস্তানৰ শীৰ্ষ নেতৃত্বই ভাৰতীয় প্ৰধানমন্ত্ৰীক ভয় কৰে আৰু তেওঁৰ নাম ল’বলৈও তেওঁলোকে কুণ্ঠাবোধ কৰে।

পহলগাম আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে ২৬ জন লোকক হত্যা কৰা দোষীয়ে কল্পনা কৰাতকৈ অধিক শাস্তি পাব। খবৰ অনুসৰি, পহলগাম আক্ৰমণৰ ১৫ দিনৰ পাছত ৭ মে’ত ভাৰতীয় সেনাই অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰি প্ৰায় ১০০ পাকিস্তানী সন্ত্ৰাসবাদীক হত্যা কৰে।

ভাৰতৰ এই অভিযানৰ পিছত পাকিস্তানে ভাৰতৰ বহু অঞ্চলত আক্ৰমণ চলায়, যিবোৰ ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই বিফল কৰে। এই আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে। একে সময়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো দুয়োখন দেশক সংযম প্ৰয়োগ কৰিবলৈ আহ্বান জনোৱা হৈছে।