বাংলাদেশত গঠন হ’ব অন্তৱৰ্তীকালীন চৰকাৰ, পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব পাৰে নোবেল বিজয়ী মহম্মদ ইউনুছ…!
বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি দেশ এৰি পলায়ন কৰিছে শ্বেখ হাছিনাই । এনে পৰিস্থিতিত দেশখনত অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ কথা ঘোষণা কৰিছে দেশখনৰ সেনাই । ইয়াৰ সমান্তৰালভাৱে নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছ দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব পাৰে বুলি খবৰ প্ৰকাশ পাইছে ।

প্ৰতিবাদকাৰী সন্মুখত হাৰ মানিবলগীয়া হ’ল বাংলাদেশৰ হাছিনা চৰকাৰে । ইতিমধ্যে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি দেশ এৰি পলায়ন কৰিছে শ্বেখ হাছিনাই । এনে পৰিস্থিতিত দেশখনত অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ কথা ঘোষণা কৰিছে দেশখনৰ সেনাই । ইয়াৰ সমান্তৰালভাৱে নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছ দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব পাৰে বুলি খবৰ প্ৰকাশ পাইছে ।
প্ৰতিবাদকাৰীৰ আগ্ৰাসী আচৰণ দেখি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। পদত্যাগ আৰু দেশ এৰি যোৱাৰ পিছত বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে ঢাকাত ঘোষণা কৰে যে, এতিয়া বাংলাদেশত গঠন হ’ব অন্তৱৰ্তীকালীন চৰকাৰ । শ্বেখ হাছিনাই দেশ এৰি যোৱা পাছত প্ৰতিবাদকাৰীক উদ্দেশ্যি সেনা প্ৰধানগৰাকীয়ে কয়, ‘মই (দেশৰ) সকলো দায়িত্ব লৈছো। অনুগ্ৰহ কৰি আপোনালোকে সহযোগ কৰক।”
উল্লেখ্য যে, অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ কথা ঘোষণা কৰাৰ পূৰ্বে তেওঁ ৰাজনৈতিক নেতাসকলক সাক্ষাৎ কৰাৰ কথা উল্লেখ কৰে সেনা প্ৰধানগৰাকীয়ে ।
ইয়াৰ পাছতে নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছ বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব পাৰে বুলি চৰ্চা আৰম্ভ হৈছে । তেওঁৰ নামক লৈ যেন একমত হৈছে সকলো । নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছ হৈছে দেশখনৰ এজন বিখ্যাত অৰ্থনীতিবিদ । মনকৰিবলগীয়া যে, বৰ্তমান দেশৰ অন্তৱৰ্তীকালীন চৰকাৰত ১৮ জন লোকক অন্তৰ্ভুক্ত কৰা হৈছে বুলি খবৰ প্ৰকাশ পাইছে । বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকক এই চৰকাৰত ৰখা হৈছে।