TV9 ASSAM
Photos Credit Getty Images
তিয়ঁহে শৰীৰটো সতেজ কৰি ৰাখে । কিন্তু বহুতে নাজানে তিয়ঁহ খোৱাৰ উচিত সময় । বহুতে যেতিয়াই মন যায় তেতিয়াই তিয়ঁহ খায় ।
তিয়ঁহে শৰীৰটো হাইড্ৰেট কৰি ৰখাই নহয়, ই ওজন হ্ৰাস কৰাত সহায় কৰাৰ লগতে হজম শক্তিও উন্নত কৰে ।
ছালৰ বাবেও তিয়ঁহ উপকাৰী । ই শৰীৰটো সতেজ কৰি ৰাখে । জানক তিয়ঁহ খোৱাৰ উপযুক্ত সময় ।
তিয়ঁহ ৰাতিপুৱা ডিটক্স হিচাপে খাব পাৰে । ই পেট পৰিষ্কাৰ কৰাৰ লগতে শৰীৰ বিষাক্ত পদাৰ্থ আঁতৰ কৰে ।
দুপৰীয়া আহাৰৰ লগত চালাদ হিচাপে খাব পাৰে । ই হজম শক্তি বৃদ্ধি কৰে আৰু খাদ্য হজম হোৱাত সহায় কৰে ।
তিয়ঁহত ৯০ শতাংশতকৈ অধিক পানী থাকে । ৰাতি লঘু আহাৰ হিচাপে তিয়ঁহ খাব পাৰে । ই শৰীৰটো হাইড্ৰেট কৰি ৰাখিব ।
ৰাতি তিয়ঁহ খালে গেছৰ সমস্যা সৃষ্টি হ'ব পাৰে । যিসকল লোকৰ এই সমস্য়া আছে তেওঁলোকে ৰাতি তিয়ঁহ খাব নালাগে ।
পঢ়িবলৈ ক্লিক কৰক