শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

‘পাক-প্ৰেমী’ সংগঠনৰ সৈতে বৈঠকত মিলিত সেনা প্ৰধান! বাংলাদেশৰ ভিতৰত ৰচনা কৰা হৈছে নেকি ডাঙৰ পৰিকল্পনা?

বাংলাদেশৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি দেশৰ সেনা প্ৰধান ৱাকাৰ-উজ-জামানে জামাত-ই-ইছলামীৰ সৈতে এক বৈঠকত মিলিত হয়।  শনিবাৰে নিশা সেনা প্ৰধানৰ বাসগৃহত অনুষ্ঠিত হয় এই বৈঠক। বৈঠকত অংশগ্ৰহণ কৰে জামাতৰ মুৰব্বী আৰু আমিৰ চৈয়দ আব্দুল্লাহ মহম্মদ তাহেৰে ।

‘পাক-প্ৰেমী’ সংগঠনৰ সৈতে বৈঠকত মিলিত সেনা প্ৰধান! বাংলাদেশৰ ভিতৰত ৰচনা কৰা হৈছে নেকি ডাঙৰ পৰিকল্পনা?
প্ৰতীকি ফটো
trishna-kalita
Trishna Kalita | Published: 28 May 2025 13:00 PM

বাংলাদেশত পুনৰ ইউনুছ চৰকাৰ আৰু সেনাৰ মাজত পুনৰ আৰম্ভ হৈছে সংঘাত। বহিঃপ্ৰকাশ ঘটিছে ম্যানমাৰৰ ৰাখাইনক লৈ সেনাবাহিনীৰ মনত থকাৰ ক্ষোভৰ।  পদ্মা নদীৰ পাৰত ঘটিছে এই ক্ষোভৰ উদগীৰণ। ইয়াৰ মাজতে দেশখনৰ সেনাধ্যক্ষই লৈছে আন এক ডাঙৰ পদক্ষেপ। বাংলাদেশৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি দেশৰ সেনা প্ৰধান ৱাকাৰ-উজ-জামানে জামাত-ই-ইছলামীৰ সৈতে এক বৈঠকত মিলিত হয়।  শনিবাৰে নিশা সেনা প্ৰধানৰ বাসগৃহত অনুষ্ঠিত হয় এই বৈঠক। বৈঠকত অংশগ্ৰহণ কৰে জামাতৰ মুৰব্বী আৰু আমিৰ চৈয়দ আব্দুল্লাহ মহম্মদ তাহেৰে ।

কিন্তু হঠাতে কিয় দেশখনৰ ‘পাকিস্তান-প্ৰেমী’ সংগঠনটোৰ সৈতে বৈঠকত বহিবলগীয়া হ’ল সেনা প্ৰধানজনে? যদিও ৱাকাৰ-উজ-জামানে এই বিষয়ত মুখ খোলা নাছিল, তথাপিও সোমবাৰে জামাতৰ মুৰব্বীগৰাকীয়ে কয় যে, ‘এই বৈঠকখন আচলতে সৌজন্যমূলক আহ্বান।’ সেনাধ্যক্ষৰ সৈতে কি আলোচনা হ’ল বুলি সোধাত জামাতৰ মুৰব্বীগৰাকীয়ে কয়, ‘বাংলাদেশৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে বৈঠকত আলোচনা কৰা হৈছে। অৱশ্যে অতি গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ওপৰত আলোচনা নহ’ল।’

এতিয়া প্ৰশ্ন উত্থাপন হৈছে, ইউনুছৰ পদত্যাগ আৰু নিৰ্বাচনক লৈ দেশত সৃষ্টি হোৱা অশান্তিৰ বিষয়ে আলোচনা কৰিবলৈ জামাতৰ সদস্যসকলে সেনা প্ৰধানক সাক্ষাৎ কৰিছিল নেকি? এই প্ৰশ্নৰ উত্তৰত মহম্মদ তাহেৰে বিতং তথ্য সদৰি কৰা নাই। উপস্থিত সাংবাদিকসকলক তেওঁ কয়, ‘মই কি ক’লোঁ সেয়া মই জানো, ইয়াতকৈ বেছি একো ক’ব নোৱাৰিম।’

উল্লেখ্য যে পাকিস্তানক সমৰ্থন কৰা আৰু বাংলাদেশৰ স্বাধীনতাৰ বিৰোধিতা কৰাকে ধৰি একাধিক অভিযোগত চুবুৰীয়া দেশখনত জামাত-ই-ইছলামীক কেইবা দশক ধৰি নিষিদ্ধ কৰা হৈছিল। হাছিনাৰ কাৰ্যকালতো তেওঁলোকে ‘ৰাজনৈতিক অধিকাৰ’ হেৰুৱাইছিল। কিন্তু ইউনুছৰ আগমনৰ লগে লগে শিকলিৰ পৰা মুক্ত হ’ল জামাত। শেহতীয়াকৈ নিৰ্বাচনক লৈ সৃষ্টি হোৱা অশান্তিৰ মাজতে মুখ্য উপদেষ্টাগৰাকীৰ সৈতে সাক্ষাৎ কৰে সংগঠনটোৱে। লগতে নিৰ্বাচনৰ ৰোডমেপৰ দাবী উত্থাপন কৰে। এতিয়া সেই পৰিস্থিতিৰ মাজতে কি কাৰণত জামাতে সেনাধ্যক্ষৰ সৈতে বৈঠকত মিলিত হৈছে সেই কথা পৰৱৰ্তী সময়তহে হে পোহৰলৈ আহিব।