শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুনৰ বিধ্বংসী ৰূপ ধাৰণ কৰিব ক’ভিডে! ‘বাবা ভাংগা’ই কৰা ভৱিষ্যদ্বাণীক লৈ চৰ্চা…

বৰ্তমান ভাৰতত এহেজাৰৰো অধিক সক্ৰিয় ক’ভিড-১৯ ৰোগী আছে। একে সময়তে ভাইৰাছৰ প্ৰত্যাৱৰ্তনৰ মাজতে দশক দশক পূৰ্বে জাপানী ‘বাবা ভাংগাই’ কৰা ভৱিষ্যদ্বাণী ভাইৰেল হৈ পৰিছে, যিয়ে ভয় খুৱাইছে মানুহক। এই মহিলাগৰাকীয়ে ক’ৰ’না ভাইৰাছৰ মহামাৰী, ৰাজকুমাৰী ডায়েনাৰ মৃত্যু, ফ্ৰেডী মাৰ্কিউৰীৰ মৃত্যু আদি বহু কথাৰ আগজাননী দিছিল।

পুনৰ বিধ্বংসী ৰূপ ধাৰণ কৰিব ক’ভিডে! ‘বাবা ভাংগা’ই কৰা ভৱিষ্যদ্বাণীক লৈ চৰ্চা…
ক’ভিড-১৯ Image Credit source: Debarchan Chatterjee/NurPhoto via Getty Images
trishna-kalita
Trishna Kalita | Published: 28 May 2025 15:11 PM

ভাৰতত পুনৰবাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’না ভাইৰাছ (COVID-19) আক্ৰান্তৰ সংখ্যা। ইফালে দশক দশক পূৰ্বে কৰা এটা ভৱিষ্যদ্বাণীয়ে মানুহৰ হৃদয়ত আতংকৰ সৃষ্টি কৰিছে। এই ভৱিষ্যদ্বাণী কৰিছিল জাপানৰ ‘বাবা ভাংগা’ (Japan Baba Vanga) নামেৰে পৰিচিত বিখ্যাত মাংগা শিল্পী ৰিয়া তাটছুকি (Ryo Tatsuki)-এ। ২০৩০ চনত পুনৰ এটা মাৰাত্মক ভাইৰাছে বিধ্বংসী ৰূপ ধাৰণ কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছিল ৰয়োৱে।

যিহেতু জাপানৰ বাবা ভাংগা ৰিঅ’ তাটছুকিৰ পূৰ্বৰ কিছু ভৱিষ্যদ্বাণী সঁচা হৈছে, যেনে ২০২০ চনত ক’ৰ’না ভাইৰাছৰ দৰে মহামাৰীৰ আগমন। সেয়েহে ক’ৰোনা সন্দৰ্ভত তেওঁ দশক দশক পূৰ্বে কৰা আন এক ভৱিষ্যদ্বাণীক লৈ মানুহে ভয় খাইছে।

১০ বছৰৰ পাছত পুনৰ বিধ্বংসী ৰূপ ধাৰণ কৰিব এই ভাইৰাছে!

জাপানৰ এইগৰাকী ‘বাবা ভেংগা’ই ১৯৯৯ চনত ‘The Future as I See It’ শীৰ্ষক এখন গ্ৰন্থ লিখিছিল, য’ত তেওঁৰ দুঃস্বপ্নৰ পৰা উদ্ভৱ হোৱা কিছুমান আমনিদায়ক ভৱিষ্যদ্বাণী সন্নিবিষ্ট কৰা হৈছিল। মহিলাগৰাকীয়ে তেওঁৰ কিতাপখনত মহামাৰীৰ কথা উল্লেখ কৰি উল্লেখ কৰিছে যে ২০২০ চনত এটা অচিনাকি ভাইৰাছ আহিব, যিটো এপ্ৰিল মাহত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পিছত লেহেমীয়া হ’ব, আৰু তাৰ পিছত ১০ বছৰৰ পাছত পুনৰ আবিৰ্ভাৱ হ’ব।

‘বাবা ভাংগা’ৰ নতুন ভাইৰেল ভৱিষ্যদ্বাণীত কোৱা হৈছে যে এই ভাইৰাছ আৰু অধিক ধ্বংসলীলা লৈ উভতি আহিব। ৰিঅ’ৰ কিতাপখনৰ মতে, এই ভাইৰাছে পূৰ্বতকৈ অধিক ভয়াৱহভাৱে উত্থান ঘটাব, আৰু ইয়াৰ ফলত অধিক লোকৰ মৃত্যু হ’ব। ইয়াৰ লগে লগে ই পুনৰবাৰ বিশ্ব স্বাস্থ্য ব্যৱস্থাক ধ্বংস কৰিব।

ইফালে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ডাঃ ৰাজীৱ বাহলে কয় যে এই মুহূৰ্তত ক’ভিড ৰোগী বৃদ্ধি পোৱাৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই। তেওঁ কয় যে, দক্ষিণ ভাৰতৰ পৰা লোৱা নমুনাৰ জিনম ছিকুৱেন্সিঙে দেখুৱাইছে যে ক’ভিড-১৯ৰ নতুন ভিন্নতা গুৰুতৰ নহয়, আৰু এইটোৱেই হৈছে অমাইক্ৰন চাব ভেৰিয়েণ্ট।

বাবা ভাংগাৰ আন এক ভয়ংকৰ ভৱিষ্যদ্বাণী

উল্লেখ্য যে,  জাপানী বাবা ভাংগাই তেওঁৰ কিতাপখনত জাপান আৰু ফিলিপাইনছৰ মাজত পানীৰ তলত বিশাল বিভাজনৰ ভৱিষ্যদ্বাণী কৰিছিল, যাৰ ফলত ২০২৫ চনৰ জুলাই মাহত এক বিপৰ্যয়জনক চুনামীৰ সৃষ্টি হ’ব।কাৰণ জাপানৰ ভূমিকম্পৰ ইতিহাস আছে, সেয়েহে এই পূৰ্বাভাসক লৈ অতিশয় চিন্তিত হৈ পৰিছে সকলো। যদিও জাপান চৰকাৰে এই পূৰ্বাভাস সন্দৰ্ভত কোনো আনুষ্ঠানিক সতৰ্কবাণী জাৰি কৰা নাই, তথাপিও ২০১১ চনত দেশখনত হোৱা ছুনামীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ইতিহাসৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা বিষয়াসকল অতি সতৰ্ক হৈ আছে।

লগতে পঢ়ক: দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ! কোন ৰাজ্যত কিমানজন লোক আক্ৰান্ত হৈছে? সবিশেষ জানক