এয়া আইনৰ স্পষ্ট উলংঘা… হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত বিদেশী শিক্ষাৰ্থীক নামভৰ্তি কৰিব নিদিয়া সিদ্ধান্তত স্থগিতাদেশ
হাৰ্ভাৰ্ডৰ সভাপতি এলান গাৰ্বাৰে এখন পত্ৰযোগে কয়, “আমি এই অবৈধ আৰু অনুপযুক্ত কাৰ্যক গৰিহণা দিছো।” তেওঁ লিখিছে, “এই বাতিলে হাৰ্ভাৰ্ডৰ বিৰুদ্ধে আমাৰ শৈক্ষিক স্বাধীনতা পৰিত্যাগ কৰাৰ বাবে আৰু আমাৰ পাঠ্যক্ৰম, অধ্যাপক আৰু আমাৰ ছাত্ৰ সংগঠনৰ ওপৰত ফেডাৰেল চৰকাৰৰ অবৈধ নিয়ন্ত্ৰণৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰাৰ বাবে চৰকাৰী পদক্ষেপৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে।”

হাৰ্ভাৰ্ডত বিদেশী ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ ক্ষেত্ৰত ট্ৰাম্প প্ৰশাসনক ডাঙৰ আঘাত দিলে আমেৰিকাৰ আদালতে । হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বিদেশী ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰাৰ ক্ষমতা বাতিল কৰাত ট্ৰাম্প প্ৰশাসনক বাধা দিছে আমেৰিকাৰ ন্যায়াধীশে। শুকুৰবাৰে বষ্টনৰ ফেডাৰেল আদালতত দাখিল কৰা অভিযোগত হাৰ্ভাৰ্ডে কয় যে নামভৰ্তি বাতিল কৰাটো আমেৰিকাৰ সংবিধান আৰু অন্যান্য ফেডাৰেল আইনসমূহৰ স্পষ্ট উলংঘা।
ইয়াৰ ফলত বিশ্ববিদ্যালয়খনৰ লগতে ৭ হাজাৰৰো অধিক ভিছাধাৰীৰ ওপৰত তাৎক্ষণিক আৰু বিনাশকাৰী প্ৰভাৱ পৰিছে। হাৰ্ভাৰ্ডে কয়, “চৰকাৰে হাৰ্ভাৰ্ডৰ ছাত্ৰ-ছাত্ৰীৰ এক চতুৰ্থাংশক মচি পেলোৱাৰ চেষ্টা কৰিছে, যিয়ে বিশ্ববিদ্যালয়খন আৰু ইয়াৰ অভিযানত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।”
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি
প্ৰকৃততে ট্ৰাম্প প্ৰশাসনে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা বিদেশী ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ ক্ষমতা কাঢ়ি লোৱাৰ পৰিকল্পনা বন্ধ কৰিবলৈ অস্থায়ী নিৰ্দেশ জাৰি কৰিছে এজন আমেৰিকান ন্যায়াধীশে। হাৰ্ভাৰ্ডে গোচৰ ৰুজু কৰাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে। বৃহস্পতিবাৰে প্ৰশাসনে আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীক নিষিদ্ধ কৰাৰ সিদ্ধান্ত স্পষ্টভাৱে আইন উলংঘা বুলি উল্লেখ কৰে।
হাৰ্ভাৰ্ডৰ বিৰুদ্ধে অভিযোগ ট্ৰাম্প প্ৰশাসনৰ
ট্ৰাম্প প্ৰশাসনে কয় যে হাৰ্ভাৰ্ডে যিহুদী বিৰোধীতাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু নিযুক্তি আৰু নামভৰ্তিৰ পদ্ধতি সলনি কৰিবলৈ পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ কৰা নাই। এই অভিযোগ বিশ্ববিদ্যালয়খনে কঠোৰভাৱে অস্বীকাৰ কৰিছে। শুকুৰবাৰে জাৰি কৰা ৰায়দানত আমেৰিকাৰ জিলা ন্যায়াধীশ এলিছন বাৰ’ছে অস্থায়ী ৰেষ্ট্ৰেইনিং আদেশ জাৰি কৰে। এই নিৰ্দেশৰ জৰিয়তে বৃহস্পতিবাৰে গৃহ নিৰাপত্তা বিভাগে হাৰ্ভাৰ্ডৰ ছাত্ৰ আৰু বিনিময় দৰ্শক কাৰ্যসূচী (SEVP)ৰ প্ৰৱেশ বাতিল কৰাৰ পদক্ষেপ বন্ধ কৰে। ২৯ মে’ত বষ্টনত হ’ব পৰৱৰ্তী শুনানি। হাৰ্ভাৰ্ডে গোচৰটোত যুক্তি দিছিল যে, “চৰকাৰে হাৰ্ভাৰ্ডৰ ছাত্ৰ-ছাত্ৰীৰ এক চতুৰ্থাংশ, বিশ্ববিদ্যালয়খন আৰু ইয়াৰ মিছনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীক মচি পেলাবলৈ চেষ্টা কৰিছে।”
হাৰ্ভাৰ্ডৰ সভাপতি এলান গাৰ্বাৰে এখন পত্ৰযোগে কয়, “আমি এই অবৈধ আৰু অনুপযুক্ত কাৰ্যক গৰিহণা দিছো।” তেওঁ লিখিছে, “এই বাতিলে হাৰ্ভাৰ্ডৰ বিৰুদ্ধে আমাৰ শৈক্ষিক স্বাধীনতা পৰিত্যাগ কৰাৰ বাবে আৰু আমাৰ পাঠ্যক্ৰম, অধ্যাপক আৰু আমাৰ ছাত্ৰ সংগঠনৰ ওপৰত ফেডাৰেল চৰকাৰৰ অবৈধ নিয়ন্ত্ৰণৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰাৰ বাবে চৰকাৰী পদক্ষেপৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে।”
ইফালে ইয়াৰ উত্তৰত হোৱাইট হাউছৰ উপ-প্ৰেছ সচিব এবিগেল জেকচনে কয়, “যদি হাৰ্ভাৰ্ডে তেওঁলোকৰ কেম্পাছত আমেৰিকা বিৰোধী, যিহুদী বিৰোধী, সন্ত্ৰাসবাদ সমৰ্থক আন্দোলনকাৰীৰ বিপদৰ অন্ত পেলোৱাৰ ইমানেই গুৰুত্ব দিয়ে, তেন্তে আৰম্ভণিতে তেওঁলোক এই অৱস্থাত নাথাকিব।” ৰেষ্ট্ৰেইনিং অৰ্ডাৰ জাৰি হোৱাৰ পিছত জেকচনে গোচৰটোৰ ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে উদাৰ এজেণ্ডা থকাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, ঠএই অনিৰ্বাচিত ন্যায়াধীশসকলৰ কোনো ক্ষমতা নাই যে ট্ৰাম্প প্ৰশাসনে প্ৰব্ৰজন আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা নীতিৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ প্ৰয়োগ কৰাত বাধা দিব পাৰে।”