শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাংলাদেশৰ ৰাজনীতিত পুনৰ অস্থিৰতা! পদত্যাগৰ দিশে মহম্মদ ইউনুছ, এইসকল ঘনিষ্ঠই মাতি আনিছে সৰ্বনাশ…

বাংলাদেশত পুনৰ হ'ব পাৰে অভ্যুত্থান। বাংলাদেশ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে পদত্যাগ কৰাৰ কথা কৈছে। জানিব পৰা মতে, ইউনুছৰ ধ্বংসৰ আঁৰত আছে তেওঁৰে একাংশ ঘনিষ্ঠ।

বাংলাদেশৰ ৰাজনীতিত পুনৰ অস্থিৰতা! পদত্যাগৰ দিশে মহম্মদ ইউনুছ, এইসকল ঘনিষ্ঠই মাতি আনিছে সৰ্বনাশ…
বাংলাদেশImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 23 May 2025 13:54 PM

বাংলাদেশত পুনৰ আৰম্ভ হৈছে ৰাজনৈতিক অস্থিৰতা। চুবুৰীয়া দেশখনত চলি থকা উত্তেজনাময় পৰিস্থিতিৰ মাজতে মুখ্য উপদেষ্টা মহম্মদ ইউনুছে নিজৰ পদত্যাগৰ কথা ঘোষণা কৰে। ২০২৪ চনৰ আগষ্ট মাহত শ্বেখ হাছিনাৰ অভ্যুত্থানত মুখ্য ভূমিকা গ্ৰহণ কৰা ইউনুছে এতিয়া ৯ মাহতেই গাদী এৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ইউনিছৰ এই অৱস্থাত তেওঁৰেই একাংশ ঘনিষ্ঠই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি ক’ব পাৰি।

বাংলাদেশৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি, ইউনুছক ধ্বংস কৰাত চাৰিটা চৰিত্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰে ৩ জনক ইউনুছৰ অতি ঘনিষ্ঠ বুলি গণ্য কৰা হয়।

খলিলুৰ ৰহমান

খলিলুৰ ৰহমান বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ আভ্যন্তৰীণ পৰিক্ৰমা উপদেষ্টা। ৰহমানৰ হাতত এন এছ এৰ অতিৰিক্ত তথ্য আছে। ইউনুছ চৰকাৰৰ বিৰুদ্ধে বাংলাদেশত সৃষ্টি হোৱা উত্তেজনাৰ ক্ষেত্ৰত খলিলুৰ ৰহমানৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

জনসাধাৰণক ক্ষোভিত কৰা বহু কামে খলিলুৰ ৰহমান কৰিছিল। উদাহৰণ স্বৰূপে, পাকিস্তানক বাংলাদেশত প্ৰৱেশৰ অনুমতি দিয়াৰ সিদ্ধান্ত, ৰহিংগীয়াসকলৰ বাবে ৰাখাইনলৈ কৰিড’ৰ নিৰ্মাণৰ সিদ্ধান্ত আদি। জানিব পৰা মতে, এই সিদ্ধান্তসমূহৰ বিৰোধিতা হোৱাৰ সময়ত অন্তৱৰ্তীকালীন চৰকাৰখন বেকফুটলৈ আহিছিল। কিন্তু খলিলুৰ ৰহমানৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

ইয়াৰ মাজতে বৃহস্পতিবাৰে সৰ্ববৃহৎ দল বিএনপিয়ে খলিলুৰৰ পদত্যাগৰ দাবী জনায়। তেওঁলোকে কৈছিল যে, যদি খলিলুৰ ৰহমানে পদত্যাগ নকৰে তেন্তে অন্তৱৰ্তীকালীন চৰকাৰক দলে সমৰ্থন নকৰে।

সেনাপ্ৰধান জামান

বাংলাদেশৰ সেনা প্ৰধান ৱাকাৰ-উজ-জামানক ইউনুছৰ ঘনিষ্ঠ বুলি গণ্য কৰা হৈছিল। শ্বেখ হাছিনাই বাংলাদেশৰ পৰা পলায়ন কৰাৰ পাছত জামানে ইউনুছক মুখ্য উপদেষ্টা হিচাপে নিযুক্তি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিন্তু ২০২৫ চনৰ আৰম্ভণিতে দুয়োৰে সম্পৰ্কত অৱনতি ঘটে।

২০২৫ চনৰ মে’ মাহত ইউনুছে সেনাপ্ৰধানগৰাকীক পদৰ পৰা আঁতৰ কৰাৰ চেষ্টা কৰিছিল। ১১ মে’ত জামান আমেৰিকালৈ যোৱাৰ কথা আছিল যদিও ইউনুছৰ চৰকাৰে ক্লিয়াৰেন্সৰ নামত তেওঁক বাধা দিছিল। ইয়াৰ পিছত জামানে পোনপটীয়াকৈ ইউনুছৰ বিৰুদ্ধে মাত মাতিছিল। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত জামানে কয় যে, ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাটো প্ৰয়োজন।নিৰ্বাচিত চৰকাৰেহে জনসাধাৰণৰ বাবে নীতি নিৰ্ধাৰণ কৰিব পাৰে। সেনা প্ৰধানগৰাকীৰ এই মন্তব্যই ইউনুছ চৰকাৰক আৰু অধিক বিপদত পেলাইছিল।

খালেদা জিয়া

চলিত মাহৰ আৰম্ভণিতে লণ্ডনৰ পৰা ঢাকালৈ উভতি আহিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়া। তেওঁ উভতি অহাৰ পাছতে বিএনপি (BNP)সক্ৰিয় হৈ পৰিছিল। এই দলটোৱে ডিচেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত কৰি তিনিজন উপদেষ্টাক অপসাৰণ কৰিবলৈ ইউনুছৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। কিন্তু এই হেঁচা লব নোৱাৰি ইউনুছে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ঢাকা মেয়ৰ ইছৰাক

এটা সময়ত ইছৰাকক মহম্মদ ইউনুছৰ ঘনিষ্ঠ বুলি গণ্য কৰা হৈছিল। কিন্তু এতিয়া তেওঁ ইউনুছৰ বিৰুদ্ধে থিয় দিছে। ইছৰাকৰ বিৰুদ্ধে ইউনুছ চৰকাৰৰ সিদ্ধান্ত ইয়াৰ কাৰণ বুলি ক’ব পাৰি। জানিব পৰা মতে, ইউনুছ চৰকাৰে ইছৰাকক ঢাকাৰ মেয়ৰ হোৱাত বাধা প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। ইয়াৰ মাজতে ইছৰাকে ইউনুছৰ বিৰুদ্ধে ৰাজপথত শ শ মানুহৰ সৈতে প্ৰতিবাদ কৰিবলৈ সক্ষম হয়। এনেবোৰ ঘটনা-পৰিঘটনাৰ মাজতে এতিয়া ইউনুছে আত্মসমৰ্পন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

 

অন্য খবৰ পঢ়কঃ এগৰাকী মহিলাৰ বাবে বাংলাদেশ চৰকাৰত বিভাজন! ২ মন্ত্ৰীৰ মাজত সংঘাত…