উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ কৰক এই কাম

24  May 2025

TV9 ASSAM

Pic credits: Getty Images

আমাৰ হৃদযন্ত্ৰই শৰীৰৰ বিভিন্ন অংশলৈ তেজ পাম্প কৰা চাপক ৰক্তচাপ বোলে। স্বাভাৱিক ৰক্তচাপ 120/80 mmHg থাকে । হঠাতে 140/90 mmHg  বা তাতকৈ বেছি হ’লে ইয়াক হাই বিপি বুলি কোৱা হয়।

ৰক্তচাপ

ৰক্তচাপ বৃদ্ধি হ’লে মূৰৰ বিষ, মূৰ ঘূৰোৱা, হাৰ্ট এটেক বা ষ্ট্ৰোকৰ আশংকা, অস্থিৰতা, টোপনিৰ অসুবিধা বা চকু আৰু বৃক্কৰ ক্ষতি হ’ব পাৰে।

ক্ষতি

ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ এই পদ্ধতিসমূহ গ্ৰহণ কৰক।

নিয়ন্ত্ৰণ

লাহে লাহে আৰু গভীৰভাৱে উশাহ ল’লে স্নায়ুতন্ত্ৰ শান্ত হয় আৰু ৰক্তচাপ কমোৱাত সহায় কৰে।

দীঘলকৈ উশাহ লওক

যদি আপুনি মূৰ ঘূৰোৱা অনুভৱ কৰে বা আপোনাৰ ৰক্তচাপ অতি উচ্চ হয়, তেন্তে ভৰি দুখন অলপ ওপৰলৈ তুলি শুভ। ই হৃদযন্ত্ৰলৈ তেজৰ যোগানত সহায় কৰে আৰু বিপিৰ ভাৰসাম্য ৰক্ষা কৰে।

ভৰি দুখন ওপৰলৈ তুলি শুব

উচ্চ ৰক্তচাপ থাকিলে নিমখৰ পৰা বিৰত থাকে। নিমখে ৰক্তচাপ আৰু অধিক বৃদ্ধি কৰিব পাৰে। পেকেটত ভৰোৱা খাদ্য বা ছডিয়ামযুক্ত নিমখীয়া জলপান একেবাৰেই খাব নালাগে।

নিমখ নাখাব

উচ্চ ৰক্তচাপত কফি, চাহ বা কেফেইনযুক্ত যিকোনো বস্তু পৰিহাৰ কৰক। ইয়াৰ লগতে যিকোনো ধৰণৰ মানসিক চাপ আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক।

কেফেইন আৰু মানসিক চাপ

চাবলৈ ক্লিক কৰক 

তেজৰ অভাৱৰ লক্ষণ