শীঘ্ৰেই অনুষ্ঠিত কৰক নিৰ্বাচনঃ ইউনুছক কঠোৰ সকীয়নি সেনা প্ৰধানৰ
বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে কঠোৰ বাৰ্তা প্ৰদান কৰিছে ইউনুছ চৰকাৰক। শীঘ্ৰে নিৰ্বাচনৰ ব্যৱস্থা কৰিব লাগে বুলি স্পষ্ট কৰি দিয়ে তেওঁ। লগতে ইউনুছ চৰকাৰক সামৰিক কাম-কাজত হস্তক্ষেপ নকৰিবলৈও সকীয়নি দিছে সেনা প্ৰধানগৰাকীয়ে।
বহুদিন ধৰি উমি উমি জ্বলি আছিল ক্ষোভৰ জুইকুৰা। এইবাৰ জুইকুৰা যেন দাউ দাউকৈ জ্বলিছে। বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে কঠোৰ বাৰ্তা প্ৰদান কৰিছে ইউনুছ চৰকাৰক। শীঘ্ৰে নিৰ্বাচনৰ ব্যৱস্থা কৰিব লাগে বুলি স্পষ্ট কৰি দিয়ে তেওঁ। লগতে ইউনুছ চৰকাৰক সামৰিক কাম-কাজত হস্তক্ষেপ নকৰিবলৈও সকীয়নি দিছে সেনা প্ৰধানগৰাকীয়ে। তাৰোপৰি ৰাখাইন ক’ৰিডৰৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সন্দৰ্ভত সেনাবাহিনীক অৱগত কৰিবলৈ সোঁৱৰাই দিয়ে জেনেৰেল ৱাকাৰ-উজ-জামানে।
যোৱা বৰ্ষৰ আগষ্ট মাহত হাছিনা চৰকাৰৰ পতনৰ পিছত বাংলাদেশত মহম্মদ ইউনুছৰ নেতৃত্বত গঠন কৰা হৈছিল এখন অন্তৱৰ্তীকালীন চৰকাৰ। কিন্তু এই অন্তৱৰ্তীকালীন চৰকাৰে দেশখন বেছি দিন চলাব নোৱাৰে। তেওঁলোকৰ মূল দায়িত্ব আছিল শীঘ্ৰে দেশত নিৰ্বাচন অনুষ্ঠিত কৰা। কিন্তু ইউনুছ চৰকাৰে নিৰ্বাচনত বিলম্ব কৰিছে।
চলিত সপ্তাহৰ মঙলবাৰে বাংলাদেশৰ অন্যতম আগশাৰীৰ ৰাজনৈতিক দল বিএনপিৰ মহাসচিব মিৰ্জা ফখৰুল ইছলাম আলমগিৰে নিৰ্বাচন পিছুৱাই দিয়াৰ আঁৰত ইউনুছ চৰকাৰৰ এক বৃহৎ ষড়যন্ত্ৰ থকাৰ অভিযোগ উত্থাপন কৰে। এইবাৰ সেনাধ্যক্ষয়ো ইউনুছক সকীয়নি দিছে।
বুধবাৰে ঢাকাৰ সেনা কাৰ্যালয়ৰ চৌহদত থিয় হৈ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে কয় যে অহা ডিচেম্বৰৰ ভিতৰত অন্তৱৰ্তীকালীন চৰকাৰে নিৰ্বাচন আয়োজন কৰিব লাগিব। তেওঁ সোঁৱৰাই দিয়ে যে অন্তৱৰ্তীকালীন চৰকাৰখন নিকা আৰু মুক্ত নিৰ্বাচনৰ অনুষ্ঠিত কৰিবলৈ গঠন কৰা হৈছিল।
জেনেৰেল ৱাকাৰে এটা কঠোৰ বাৰ্তা দিয়ে যে অন্তৱৰ্তীকালীন চৰকাৰে সামৰিক বাহিনীৰ কামত হস্তক্ষেপ কৰিব নালাগে। একে সময়তে ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ সৈতে হিউমেন কৰিড’ৰ সৃষ্টিক লৈও তেওঁ ইউনুছক আক্ৰমণ কৰে। ৰাখাইনৰ হিউমেন কৰিড’ৰ সন্দৰ্ভত কেৱল নিৰ্বাচিত চৰকাৰেহে সিদ্ধান্ত ল’ব পাৰে বুলিও স্পষ্টকৈ কয় জেনেৰেল ৱাকাৰে। লগতে আইনী প্ৰক্ৰিয়া অনুসৰণ কৰি কৰিব লাগিব। ইয়াত জাতীয় স্বাৰ্থৰ কথা বিবেচনা কৰিব লাগিব। জাতীয় স্বাৰ্থ ৰক্ষা কৰি ৰাজনৈতিক সহমতৰ ভিত্তিত কাম কৰিব লাগিব বুলি তেওঁ সকীয়াই দিয়ে।