শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
পুৱাৰ খবৰ
trishna-kalita
Trishna Kalita | Published: 24 May 2025 08:01 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  • দিনজোৰা অপেক্ষাৰ অন্তত শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত মুকলি কৰি দিয়া হ’ল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক। ডিব্ৰুগড়-শিৱসাগৰৰ সীমাত এৰি দিয়া হ’ল শৃংখল চলিহাক।  শুকুৰবাৰে নিশা শিৱসাগৰৰ স্বগৃহত উপস্থিত হয় বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা। মুকলি কৰি দিয়াৰ পাছতে  বহিৰাগতৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত থাকিব বুলি মন্তব্য চলিহাৰ। তনু শ্বাহীক গ্ৰেপ্তাৰৰো দাবী বীৰ লাচিত সেনাৰ নেতাগৰাকীৰ।
  • ৰাজ্যৰ নিম্ন প্ৰাথমিকৰ শিক্ষকৰ বাবে সুখবৰ। এতিয়াৰে পৰা নিম্ন প্ৰাথমিকৰ শিক্ষকে গ্ৰেড পে’ হিচাপে লাভ কৰিব ৮,৭০০ টকা। নিৰ্ধাৰিত গ্ৰেড পে’ আদায়ৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰিছিল এই গ্ৰেড পে’। ৰাজ্য চৰকাৰে আদায় দিয়া নাছিল এই গ্ৰেড পে’। সেয়ে প্ৰাপ্য বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শিক্ষকসকল।
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপন সুৰাৰ বিপনী খোলাৰ অনুমতি প্ৰদান কৰিছে আবকাৰী বিভাগে। এই খবৰে সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া লাভ কৰিছে। জানিব পৰা মতে, বিশ্ববিদ্যালয়ৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এখন ৰেষ্টুৰেন্টক সুৰাৰ বিপনী খোলাৰ অনুজ্ঞা পত্ৰ প্ৰদান কৰিছে আবকাৰী বিভাগে। ইয়াৰ পাছতে এতিয়া বিতৰ্কৰ সূচনা হৈছে। একাংশই অভিযোগ কৰিছে যে, এই পদক্ষেপে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক বাতাবৰণত প্ৰভাৱ পেলাব।
  • দিল্লীৰ ভাৰত মণ্ডপমত ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টাৰ্ছ ছামিট-২০২৫ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২৩ আৰু ২৪ মে’ত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ। উদ্বোধনী ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূবত অভূতপূৰ্ব অগ্ৰগতি হৈছে বুলি মন্তব্য কৰি অঞ্চলটোৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও উল্লেখ কৰে।   এই উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো অংশগ্ৰহণ কৰে। লগতে উত্তৰ-পূবৰ আন ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগতে উদ্যোগপতি মুকেশ আম্বানী আৰু গৌতম আদানীয়েও এই সন্মিলনত অংশগ্ৰহণ কৰে।
  • উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী। আগন্তুক ৫ দিনলৈ বৰষুণ দি থকাৰ সম্ভাৱনা। মজলীয়া বৰষুণৰ লগতে ঠায়ে ঠায়ে বতাহ বলাৰো সম্ভাৱনা। প্ৰান্তে প্ৰান্তে বিজুলী-ঢেৰেকনিৰে আহিব পাৰে বৰষুণ।
  • মহাৰাষ্ট্ৰ-ছত্তীশগড় সীমান্তত অৱস্থিত ভামৰাগড মহকুমাৰ সদ্য স্থাপিত কাৱন্দে থানা এলেকাত বৃহৎ সফলতা লাভ কৰিছে নিৰাপত্তাৰক্ষীয়ে । মাওবাদী আন্দোলনৰ সন্দৰ্ভত বিশ্বাসযোগ্য চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে (২২ মে’) কাভাণ্ডে আৰু নেলগুণ্ডাৰ পৰা গাডচিৰোলি আৰক্ষীৰ চি-৬০ কমাণ্ডোৰ ১২টা স্কোয়াড আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক (প্ৰশাসন) এম ৰমেশৰ নেতৃত্বত চিআৰপি এফ ১১৩ বেটেলিয়নৰ এটা দল ৰাওনা হয়।  ইন্দ্ৰাৱতী নদীৰ পাৰত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষৰ পিছত  দুগৰাকী মহিলা আৰু দুগৰাকী পুৰুষ মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
  • হাৰ্ভাৰ্ডত বিদেশী ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ ক্ষেত্ৰত ট্ৰাম্প প্ৰশাসনক ডাঙৰ আঘাত দিলে আমেৰিকাৰ আদালতে । হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বিদেশী ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰাৰ ক্ষমতা বাতিল কৰাত ট্ৰাম্প প্ৰশাসনক বাধা দিছে আমেৰিকাৰ ন্যায়াধীশে। শুকুৰবাৰে বষ্টনৰ ফেডাৰেল আদালতত দাখিল কৰা অভিযোগত হাৰ্ভাৰ্ডে কয় যে নামভৰ্তি বাতিল কৰাটো আমেৰিকাৰ সংবিধান আৰু অন্যান্য ফেডাৰেল আইনসমূহৰ স্পষ্ট উলংঘা।

লগতে পঢ়ক: কেনে যাব আপোনাৰ শনিবাৰৰ দিনটো, চাওক আজিৰ ৰাশিফল…