TOP 9: ১ মিনিটতে পঢ়ক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ
সম্পূৰ্ণ সুস্থ জুবিন গাৰ্গ। সুস্থ হৈ চিকিৎসালয়ৰ পৰা গ'ল হাৰ্টথ্ৰৱ। চিকিৎসকে কিছু জিৰণি ল'বলৈ দিছে সংগীতশিল্পীগৰাকীক। ঘৰলৈ যোৱাৰ পূৰ্বে অনুৰাগীক কৈ গ'ল 'ভাইমনদা' চাবলৈ।
আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-
A) ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰাৰ মন কংগ্ৰেছৰ! কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয়, আমাৰ হাইকামাণ্ড আছে। ৰাইজৰ দলৰ লগত মিত্ৰতা কৰাত অসুবিধা নাই। হাইকামাণ্ডে যি সিদ্ধান্ত লয় সেয়াই হ’ব।
B) ৰাজপথৰ পৰাই শৃংখল চলিহাক। দুলীয়াজানত প্ৰতিবাদত অংশ ল’বলৈ যাওতে আটক বীৰ লাচিত সেনাৰ নেতাগৰাকীক। ডিমৌ আৰক্ষীয়ে ভলোকাগুৰিত কৰে আটক।
C) আবকাৰী বিভাগৰ এক হঠকাৰী সিদ্ধান্ত। ৰাজহ সংগ্ৰৰ নামত এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত সুৰাৰ বিপনী খোলাৰ অনুমতি প্ৰদান। এই খবৰে সৰ্বত্ৰে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । এই পদক্ষেপে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক বাতাবৰণত প্ৰভাৱ পেলাব বুলি একাংশৰ অভিযোগ।
D) উত্তৰ-পূবৰ প্ৰথমটো বিশ্বমানৰ পৰীক্ষাগাৰ মুকলি। জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত স্থাপন এই পৰীক্ষাগাৰটো। ২২ কোটি টকাৰ অত্যাধুনিক সা-সঁজুলিযুক্ত এই পৰীক্ষাগাৰটো। ৰাজ্যিক ভেষজ বিশ্লেষণাগাৰটো মুকলি কৰে স্বাস্থ্যমন্ত্রী অশোক সিংঘালে।
E) মোদী চৰকাৰৰ পূৰ্বে আনে পাকিস্তানক কেতিয়াও উচিত প্ৰত্যুত্তৰ দিয়া নাছিল। অপাৰেচন সেন্দুৰ প্ৰধানমন্ত্ৰীৰ শক্তিশালী ৰাজনৈতিক ইচ্ছাশক্তিৰ ফল। অপাৰেচন সেন্দূৰৰ বিষয়ে সমগ্ৰ বিশ্বতে চৰ্চা চলিছে। দিল্লীত BSF ৰ এক কাৰ্যসূচীত মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ।
F) সম্পূৰ্ণ সুস্থ জুবিন গাৰ্গ। সুস্থ হৈ চিকিৎসালয়ৰ পৰা গ’ল হাৰ্টথ্ৰৱ। চিকিৎসকে কিছু জিৰণি ল’বলৈ দিছে সংগীতশিল্পীগৰাকীক। ঘৰলৈ যোৱাৰ পূৰ্বে অনুৰাগীক কৈ গ’ল ‘ভাইমনদা’ চাবলৈ।
G) শনিবাৰে পদত্যাগ কৰিব পাৰে মহম্মদ ইউনুছে। বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পিছত গঠন হয় অন্তৱৰ্তীকালীন চৰকাৰ। মুখ্য উপদেষ্টা হিচাপে নিযুক্তি পায় ইউনুছে। কিন্তু হঠাত্ পদত্যাগৰ চৰ্চা আৰম্ভ বাংলাদেশত।
H) আজি মুক্তি পালে নতুন অসমীয়া ছবি ‘ভাইমন দা’। যশস্বী ছবি পৰিচালক মুনিন বৰুৱাৰ ওপৰত আধাৰিত এই ছবিখন। প্ৰথম দিনটোত দৰ্শকে জনালে অভূতপূৰ্ব সঁহাৰি। ছবিগৃহত সজীৱ হৈ উঠিছে অতীতৰ বহু স্মৃতি।
I) আজি IPL ত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু আৰু চান ৰাইজাৰ্চ হাইদৰাবাদৰ যুঁজ। লক্ষ্ণৌৰ একনা ক্ৰিকেট ষ্টেডিয়াম ষ্টেডিয়ামত এই মেচখন অনুষ্ঠিত হৈছে।