শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাষ্ট্ৰসংঘত পাকিস্তানক থকা-সৰকা ভাৰতৰ, ক’লে- তেনে এখন দেশৰ শান্তি-সুৰক্ষাৰ বিষয়ে কথা কোৱাৰ অধিকাৰ নাই…

ৰাষ্ট্ৰসংঘত পাকিস্তানক কঠোৰ সমালোচনা ভাৰতৰ। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্বথানেনী হৰিশে কয় যে, শান্তি সন্দৰ্ভত কথা কোৱাৰ অধিকাৰ নাই পাকিস্তানৰ।

ৰাষ্ট্ৰসংঘত পাকিস্তানক থকা-সৰকা ভাৰতৰ, ক’লে- তেনে এখন দেশৰ শান্তি-সুৰক্ষাৰ বিষয়ে কথা কোৱাৰ অধিকাৰ নাই…
হৰিশImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 24 May 2025 12:58 PM

ৰাষ্ট্ৰসংঘত পাকিস্তানৰ মুখ খুলিলে ভাৰতে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতে পাকিস্তানক গৰিহনা দি কয় যে, যিখন দেশে সন্ত্ৰাসবাদী আৰু সাধাৰণ নাগৰিকৰ মাজত পাৰ্থক্য বিচাৰি নাপাই তেনে এখন দেশৰ সাধাৰণ নাগৰিকক কোনো কথা কোৱাৰ অধিকাৰ নাই। বিগত কেইটামান দিনৰ কথা উল্লেখ কৰি ভাৰতে কয় যে, চলিত মাহৰ আৰম্ভণিতে পাকিস্তানী সেনাই ইচ্ছাকৃতভাৱে ভাৰতৰ সীমান্তৱৰ্তী গাঁওসমূহত গুলীচালনা কৰিছিল যাৰ ফলত সাধাৰণ মানুহৰ মৃত্যু হৈছিল। আনকি তেওঁলোকে ইচ্ছাকৃতভাৱে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লৈছিল।

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্বথানেনী হৰিশে শুকুৰবাৰে কয় যে পাকিস্তানী প্ৰতিনিধিয়ে কেইবাটাও বিষয়ত উত্থাপন কৰা ভিত্তিহীন অভিযোগৰ উত্তৰ দিবলৈ বাধ্য। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি আলোচনাৰ সময়ত এক বক্তব্য প্ৰদান কৰে।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘত পাকিস্তানৰ ৰাষ্ট্ৰদূত অসীম ইফতিকাৰ আহমেদে ভাষণত কাশ্মীৰ বিষয়টো উত্থাপন কৰিছিল। এই সময়চোৱাত তেওঁ শেহতীয়াকৈ হোৱা ভাৰত-পাকিস্তানৰ সংঘৰ্ষৰ বিষয়েও মন্তব্য কৰিছিল। পাকিস্তানী ৰাষ্ট্ৰদূতগৰাকীৰ মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি হৰিশে কয় যে, ভাৰতে দশক দশক ধৰি নিজৰ সীমান্তত পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হৈ আহিছে।

তেওঁ কয় যে, ভাৰতে দশক দশক ধৰি নিজৰ সীমান্তত পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হৈ আহিছে। মুম্বাইৰ ২৬/১১ৰ ভয়ানক আক্ৰমণৰ পৰা আৰম্ভ কৰি ২০২৫ চনৰ এপ্ৰিল মাহত সংঘটিত পহলগাম আক্ৰমণলৈ, বহু নিৰীহলোকক হত্যা কৰি আহিছে সন্ত্ৰাসবাদীয়ে। পাকিস্তানী সন্ত্ৰাসবাদীৰ বলি বিশেষকৈ সাধাৰণ লোক হৈছে। কিয়নো তেওঁলোকৰ লক্ষ্য হৈছে আমাৰ সমৃদ্ধি, প্ৰগতি আৰু মনোবলক আক্ৰমণ কৰা। আনকি এনে এখন দেশে নিজৰ নাগৰিকৰ সুৰক্ষা সম্পৰ্কীয় আলোচনাত অংশ লোৱাটো আন্তৰ্জাতিক সমাজৰ অপমান।

তেওঁ কয় যে, পাকিস্তানে সন্ত্ৰাসবাদক প্ৰচাৰ কৰাৰ বাবে সাধাৰণ নাগৰিকক বাৰে বাৰে ঢাল হিচাপে ব্যৱহাৰ কৰি আহিছে। আনকি অপাৰেশ্যন সেন্দূৰত নিহত হোৱা সন্ত্ৰাসবাদীৰ অন্ত্যোষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিছে পাকিস্তান চৰকাৰ, আৰক্ষী আৰু সামৰিক বিষয়াই। যিখন দেশে সন্ত্ৰাসবাদী আৰু সাধাৰণ নাগৰিকৰ মাজত পাৰ্থক্য বিচাৰি নাপাই তেনে এখন দেশৰ শান্তি-সুৰক্ষাৰ ওপৰত মন্তব্য কৰাৰ অধিকাৰ নাই।

তেওঁ কয় যে, আমি স্পষ্ট হ’ব লাগে । সাধাৰণ নাগৰিকৰ সুৰক্ষাক ৰাষ্ট্ৰসংঘৰ দ্বাৰা ঘোষিত সন্ত্ৰাসবাদীৰ সুৰক্ষাৰ যুক্তি হিচাপে ব্যৱহাৰ কৰিব নালাগে। আন্তঃৰাষ্ট্ৰীয় সমাজে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিব লাগিব আৰু ইয়াৰ মালিকসকলক বিচাৰি উলিয়াব লাগে। হৰিশে লগতে কয় যে, পৰিষদ আৰু আন্তঃৰাষ্ট্ৰীয় সমাজে সাধাৰণ নাগৰিকৰ জীৱন, মৰ্যাদা আৰু অধিকাৰকে সময় উপযোগী সুৰক্ষা নিশ্চিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে।

 

 

অন্য খবৰ পঢ়কঃ মোদীৰ সকীয়নিৰ পাছত পাকিস্তানত হাহাকাৰ, বিচাৰিছে আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ সহায়…