শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নীতি আয়োগৰ বৈঠকত উপস্থিত নাই মমতা-নীতিশকে ধৰি ৫ ৰাজ্যৰ মুখ্যমন্ত্ৰী…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে নীতি আয়োগৰ দশম গভৰ্নিং কাউন্সিল বৈঠক। এই বৈঠকত উপস্থিত নাই ৫ ৰাজ্যৰ মুখ্যমন্ত্ৰী ।

নীতি আয়োগৰ বৈঠকত উপস্থিত নাই মমতা-নীতিশকে ধৰি ৫ ৰাজ্যৰ মুখ্যমন্ত্ৰী…
নীতি আয়োগৰ বৈঠকImage Credit source: PTI
manas-borah
Manas Borah | Updated On: 24 May 2025 14:50 PM

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ভাৰত মাণ্ডপামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে নীতি আয়োগৰ দশম গভৰ্নিং কাউন্সিল বৈঠক। এই বৈঠকত ২০৪৭ চনৰ ভিতৰত “উন্নত ভাৰত” গঢ়াৰ লক্ষ্যৰে “উন্নত ৰাজ্য” গঠনৰ দৃষ্টিভংগীৰ ওপৰত আলোচনা কৰা হৈছে। এই বৈঠক দেশৰ সামগ্ৰিক উন্নয়নত ৰাজ্যসমূহৰ ভূমিকা সম্পৰ্কে এক উমৈহতীয়া দৃষ্টিভংগী গঢ়ি তোলাৰ এক অনন্য মঞ্চ হিচাপে পৰিগণিত হৈছে ।

অৱশ্যে এই বৈঠকৰ পৰা বহু ৰাজ্যৰ মুখ্যমন্ত্রীসকলে নিজকে আঁতৰাই ৰাখিছে । ভাৰত মাণ্ডপামত অনুষ্ঠিত হোৱা এই বৈঠকত অংশগ্ৰহণ কৰিছে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই । ইফালে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই বৈঠকৰ পৰা নিজকে আঁতৰাই ৰাখিছে। প্ৰকাশিত খবৰ অনুসৰি, ইতিমধ্যে মমতাই এই সভাত উপস্থিত নোহোৱাৰ সিদ্ধান্ত লৈছে। অৱশ্যে উপস্থিত নোহোৱাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

মমতাৰ উপৰিও কৰ্ণাটকৰ মুখ্যমন্ত্ৰী চিদ্দাৰামায়াৰ আৰু কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজায়ানেও বৈঠকত অংশগ্ৰহণ কৰা নাই । ইয়াৰ উপৰিও বিজেপিৰ মিত্ৰ তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰো এই বৈঠকত অনুপস্থিত। নীতিশ উপস্থিত নোহোৱাৰ কাৰণ এতিয়াও প্ৰকাশ হোৱা নাই।

খবৰ অনুসৰি, ৫খন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে অংশগ্রহণ কৰা নাই এই বৈঠকত ৷ এই ৰাজ্য কেইখনৰ ভিতৰত আছে-বিহাৰ, কৰ্ণাটক, পুডুচেৰী, কেৰালা, পশ্চিম বংগ । আনহাতে, আন ৰাজ্যৰ মুখ্যমন্ত্রীসকল বৈঠকৰ পূর্বে দিল্লীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ।