বলীউডৰ জনপ্ৰিয় অভিনেতা মুকুল দেৱৰ দেহাৱসান, ছলমান খান, অজয় দেৱগনৰ সৈতে কৰিছিল অভিনয়
অসুস্থতাৰ সৈতে যুঁজি যুঁজি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে অভিনেতা মুকুল দেৱে। ৫৪ বছৰ বয়সত পৃথিৱীক চিৰবিদায় জনালে অভিনেতাগৰাকীয়ে। ছলমান খান, সঞ্জয় দত্ত আৰু শ্বাহিদ কাপুৰৰ সৈতে বহু জনপ্ৰিয় ছবিত অভিনয় কৰিছিল মুকুলে।

বলীউড উদ্যোগত এতিয়া শোকৰ ছাঁ। ছলমান খান আৰু অজয় দেৱগনৰ সৈতে জনপ্ৰিয় ছবিত অভিনয় কৰা অভিনেতা মুকুল দেৱৰ মৃত্যু। ‘চন অৱ চৰ্দাৰ’, ‘আৰ…ৰাজকুমাৰ’, ‘জয় হ্যে’ৰ দৰে জনপ্ৰিয় ছবিত দেখা গৈছিল অভিনেতাগৰাকীক। ২৩ মে’ৰ নিশা অকাল মৃত্যুক সাৱটি লয় জনপ্ৰিয় অভিনেতাগৰাকীয়ে।
মুকুল দেৱে বহু জনপ্ৰিয় ছবিত অভিনয় কৰিছে। কমেডীৰ লগতে তেওঁৰ আন চৰিত্ৰসমূহেও দৰ্শকৰ মন জয় কৰিছিল। কিছুদিন ধৰি বৰ অসুস্থ হৈ আছিল মুকুল, যাৰ বাবে তেওঁ ICUত ভৰ্তি কৰোৱা হৈছিল।ইয়াৰ মাজতে ২৩ মে’ শুকুৰবাৰে চিকিৎসাৰ সময়ত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।মুকুল দেৱৰ বন্ধু তথা চলচ্চিত্ৰ পৰিচালক ৰোশন গেৰীয়ে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰি কয়,” তেওঁক কিছুদিন চিকিৎসালয়ত ভৰ্তি কৰি যোৱা সপ্তাহত আই চি ইউলৈ স্থানান্তৰ কৰা হৈছিল। যোৱা নিশা তেওঁৰ মৃত্যু হয়”।
চলচ্চিত্ৰ জগতৰ এনে বিখ্যাত মুখে হঠাতে নোহোৱা হৈ যোৱা খবৰে শোকাস্তব্ধ কৰি তুলিছে সকলোকে। অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত উদ্যোগটোৰ বহু তাৰকাই তেওঁৰ বাবে নিজৰ ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰিছে। বিখ্যাত অভিনেত্ৰী দীপশিখা নাগপালে নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়াত অভিনেতাগৰাকীৰ সৈতে এই কাহিনী শ্বেয়াৰ কৰাৰ সময়তে লিখিছে যে, তেওঁ এই কথা বিশ্বাস কৰিব পৰা নাই।
এই খবৰৰ পিছতে অভিনেতাগৰাকীৰ সহ-অভিনেতা হান্সল মেহতা আৰু গুনীত মংগাও স্তম্ভিত হৈ পৰিছে। চিকিৎসাৰ সময়ত দিল্লীত আছিল অভিনেতাগৰাকী। অভিনেতা জনৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তেওঁৰ ঘনিষ্ঠসকল তেওঁৰ ঘৰ উপস্থিত হৈছে। মুকুলৰ কেৰিয়াৰৰ কথা ক’বলৈ গ’লে ১৯৯৬ চনত তেওঁ টেলিভিছন ধাৰাবাহিক ‘মুমকিন’ৰ জৰিয়তে অভিনয়ৰ আৰম্ভ কৰিছিল।