24 May 2025
TV9 ASSAM
Photos Credit Getty Images
গৰমৰ দিনত শৰীৰক শীতল কৰি ৰখাৰ উপৰিও হজম শক্তি উন্নত কৰাত সহায়ক হোৱা খাদ্যৰ প্ৰয়োজন।
গৰমৰ দিনত টেঙা খাদ্য খোৱাটো বাঞ্ছনীয়। গ্ৰীষ্মকালত টেঙা ফল বা খাদ্য খালে কি কি উপকাৰ হয় জানেনে?
টেঙা খাদ্যত প্ৰাকৃতিক এচিড থাকে, যিয়ে শৰীৰৰ আভ্যন্তৰীণ উষ্ণতা হ্ৰাস কৰি শৰীৰক শীতল কৰি ৰখাত সহায় কৰে।
টেঙা খাদ্যই পাচন এনজাইম মুক্ত কৰাত সহায় কৰে, যাৰ ফলত খাদ্য হজম কৰাত সহজ হয়।
টেঙা খাদ্যই ভোক বৃদ্ধি কৰাত সহায় কৰে । বিশেষকৈ গৰম দুপৰীয়াত নেমুৰ ৰস, কেঁচা আমৰ চাটনি, তেঁতেলী পানী খালে ভোক বাঢ়ে।
টেঙা ফল বা পানীয় যেনে নেমু বা তেঁতেলী পানীত প্ৰচুৰ পৰিমাণে ইলেক্ট্ৰলাইট থাকে। ই শৰীৰটো হাইড্ৰেট কৰি ৰাখে।
টেঙা ফলত থকা ভিটামিন চি আৰু এন্টিঅক্সিডেন্টে শৰীৰৰ ক্লান্তি দূৰ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
পঢ়িবলৈ ক্লিক কৰক