শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
শত্ৰুৰ বাবে সাজু ভাৰতৰ নিজা অস্ত্ৰঃ নিৰ্মাণ হৈছে শক্তিশালী নাভাল ছাৰ্ফেচ গান

শত্ৰুৰ বাবে সাজু ভাৰতৰ নিজা অস্ত্ৰঃ নিৰ্মাণ হৈছে শক্তিশালী নাভাল ছাৰ্ফেচ গান

monjit-dutta
Monjit Dutta | Published: 23 May 2025 19:35 PM

পোহৰলৈ আহিছে ভাৰতীয় সেনাৰ এক নতুন অস্ত্ৰৰ তথ্য। কলকাতাৰ 'গাৰ্ডেনৰিচ শ্বিপ বিল্ডাৰ্ছ' এ নিজা প্ৰযুক্তিৰে তৈয়াৰ কৰিছে মিছাইল ধ্বংসকাৰী নাভাল ছাৰ্ফেচ গান। মাজ সাগৰত যুদ্ধজাহাজসমূহত ব্যৱহাৰ কৰা হ'ব এই অস্ত্ৰ।

অপাৰেচন সেন্দূৰ অভিযানৰ সফলতাৰ পাছত সম্প্ৰতি ঘোষণা কৰা হৈছে যুদ্ধ বিৰতি। কিন্তু তাৰ মাজতে পোহৰলৈ আহিছে এক নতুন অস্ত্ৰৰ তথ্য। কলকাতাৰ ‘গাৰ্ডেনৰিচ শ্বিপ বিল্ডাৰ্ছ’ এ নিজা প্ৰযুক্তিৰে তৈয়াৰ কৰিছে মিছাইল ধ্বংসকাৰী নাভাল ছাৰ্ফেচ গান। মাজ সাগৰত যুদ্ধজাহাজসমূহত ব্যৱহাৰ কৰা হ’ব এই অস্ত্ৰ। ভাৰতীয় নৌসেনাই নিজা প্ৰযুক্তিৰ ব্যৱহাৰ কৰি তৈয়াৰ কৰিছে এই নাভাল ছাৰ্ফেচ গান। গাৰ্ডেনৰিচ শ্বিপ বিল্ডাৰ্ছে এই অস্ত্ৰ তৈয়াৰ কৰি নজিৰ সৃষ্টি কৰিছে।

অতদিনে ৰাছিয়ান কোম্পানীয়ে নিৰ্মাণ কৰি আহিছিল এই ধৰণৰ শক্তিশালী অস্ত্ৰ। কিন্তু ভাৰতে কেতিয়াও এনেকুৱা মিছাইল ধ্বংসকাৰী অস্ত্ৰ তৈয়াৰ কৰা নাছিল। এতিয়া প্ৰথমবাৰলৈ ভাৰতৰ মাটিত এই অস্ত্ৰ নিৰ্মাণ কৰা হৈছে। দুটা বেচৰকাৰী সংস্থাৰ সৈতে যৌথভাৱে গাৰ্ডেনৰিচ শ্বিপ বিল্ডাৰ্ছে এই নাভাল ছাৰ্ফেছ গান তৈয়াৰ কৰিছে। ইতিমধ্যে সাগৰত ইয়াৰ পৰীক্ষণো সম্পন্ন কৰা হৈছে। সফল হৈছে এই পৰীক্ষণ।

নৌ সেনাৰ সূত্ৰ মতে, বৰ্তমান ভাৰত আৰু পাকিস্তানৰ মাজত যি পৰিস্থিতিৰ সৃষ্টি হৈছে, তাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় যুদ্ধজাহাজৰ বাবে এই ছাৰ্ফেছ গান অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। বৰ্তমান বহু কেইখন যুদ্ধজাহাজত এই অত্যাধুনিক তথা শক্তিশালী অস্ত্ৰ মজুত কৰা হৈছে। কিন্তু নিজা প্ৰযুক্তিৰে তৈয়াৰ কৰা এই অস্ত্ৰ শীঘ্ৰেই সকলো যুদ্ধজাহাজত স্থাপন কৰা হ’ব।

৭৬ মিলিমিটাৰ আৰু ১০০ মিলিমিটাৰ কেলিবাৰৰ ক্ষমতাসম্পন্ন এই নাভাল ছাৰ্ফেছ গান। প্ৰতি মিনিটত ২০০ ৰ পৰা ৫৫০ ৰাউণ্ড ফায়াৰ কৰাৰ ক্ষমতা আছে এই অস্ত্ৰৰ। শত্ৰুপক্ষৰ যিকোনো যুদ্ধজাহাজ বা মিছাইল মুহূৰ্তৰ ভিতৰত ধ্বংস কৰিবলৈ এই অস্ত্ৰ সক্ষম হ’ব। এই অস্ত্ৰ লাভ কৰাৰ লগে লগে নৌসেনা বাহিনীৰ শক্তি অধিক বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে প্ৰতিৰক্ষা বিশেষজ্ঞসকলে।