শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণাঃ গিলৰ কান্ধত অধিনায়কৰ দায়িত্ব, উভতিল কৰুণ

বিচিচিআইয়ে কিছু সময় পূৰ্বে ঘোষণা কৰিছে ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় ক্ৰিকেট দল। ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু ৰবিচন্দ্ৰন অশ্বিনৰ দৰে তাৰকা ক্ৰিকেটাৰৰ অৱসৰৰ পিছত এয়া হ’ব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথমটো টেষ্ট শৃংখলা। এই দলটোৰ অধিনায়ক কোন হ’ব, সেয়াই আছিল অনুৰাগীৰ উৎসুকতাৰ কাৰণ। এতিয়া এই চৰ্চাৰ ওৰ পেলাইছে বিচিচিআইয়ে।

ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণাঃ গিলৰ কান্ধত অধিনায়কৰ দায়িত্ব, উভতিল কৰুণ
ভাৰতীয় দল ঘোষণাImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 24 May 2025 14:38 PM

আই পি এল ২০২৫ৰ পিছতে টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ডলৈ ৰাওনা হ’ব ভাৰতীয় ক্ৰিকেট দল। ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু ৰবিচন্দ্ৰন অশ্বিনৰ দৰে তাৰকা ক্ৰিকেটাৰৰ অৱসৰৰ পিছত এয়া হ’ব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথমটো টেষ্ট শৃংখলা। আগন্তুক এই ইংলেণ্ড ভ্ৰমণৰ বাবে ক্ৰিকেট অনুৰাগীৰ মাজত বিগত কেইবাদিন ধৰি চলি আহিছিল আলোচনা। প্ৰধানতঃ অধিনায়ক ৰোহিতে অৱসৰ ঘোষণা কৰাৰ পিছত ভাৰতীয় দলটোৰ নতুন অধিনায়ক কোন হ’ব, সেয়া জানিবলৈ উদগ্ৰীৱ হৈ আছিল সকলো। অৱশেষত এই সকলো চৰ্চাৰ আজি ওৰ পৰিছে।

বিচিচিআইয়ে কিছু সময় পূৰ্বে ঘোষণা কৰিছে ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় ক্ৰিকেট দল। এই দলটোৰ অধিনায়ক কোন হ’ব, সেয়াই আছিল অনুৰাগীৰ উৎসুকতাৰ কাৰণ। এইক্ষেত্ৰত প্ৰথমেই চৰ্চিত হৈছিল শুভমন গিলৰ নাম। আনহাতে সমান্তৰালকৈ কে এল ৰাহুল আৰু ঋষভ পণ্টৰ নামো চৰ্চালৈ আহিছিল। অৱশেষত বিচিচিআইয়ে শুভমন গিলৰ নাম অধিনায়ক পদৰ বাবে ঘোষণা কৰিছে।

আনহাতে ঋষভ পণ্টক দলৰ সহঃ অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে। চৰ্চা চলি থকাৰ দৰেই ঘোষিত দলটোত স্থান পাইছে কৰুণ নায়াৰ আৰু ছাই সুদৰ্শনে। বিশেষকৈ ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিক প্ৰদৰ্শনৰ পিছত কৰুণ নায়াৰৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত যথেষ্ট আলোচনা চলিছিল। অৱশেষত এই প্ৰদৰ্শনৰ ফল পালে নায়াৰে আৰু সুদীৰ্ঘ ৮ বছৰৰ মূৰত জাতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটালে।

তেওঁলোকৰ লগতে যুৱ পেচাৰদ্বয় অৰ্শদীপ সিং আৰু প্ৰসিধ কৃষ্ণই স্থান লাভ কৰিছে দলত। প্ৰত্যাৱৰ্তন ঘটিছে আন এগৰাকী অভিজ্ঞ খেলুৱৈ শ্বাৰ্দুল ঠাকুৰৰ। লক্ষণীয়ভাৱে ঘোষিত এই দলটোত স্থান লাভ কৰা নাই অভিজ্ঞ পেচাৰ মহম্মদ ছামি আৰু যুৱ তাৰকা ছৰফৰাজ খানে। দুয়োগৰাকী খেলুৱৈয়ে স্থান লাভ নকৰাৰ বিষয়টোৱে আন এক চৰ্চাৰ সূত্ৰপাত ঘটাইছে।

ইংলেণ্ড ভ্ৰমণৰ বাবে ঘোষিত ভাৰতীয় টেষ্ট  দলঃ শুভমন গিল (অধিনায়ক), ঋষভ পণ্ট (সহ-অধিনায়ক), যশস্বী জয়ছোৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, অভিমন্যু ইশ্বৰন, কৰুণ নায়াৰ, নীতিশ কুমাৰ ৰেড্ডী, ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল, ৱাশ্বিংটন সুন্দৰ, শ্বাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, প্ৰসিধ কৃষ্ণ, আকাশ দীপ, অৰ্শদীপ সিং, কুলদীপ যাদৱ।