Muhammad Yunus: পদত্যাগ কৰিব নেকি মহম্মদ ইউনুছে ? বাংলাদেশত হাহাকাৰ
Bangladesh: ৰাজনৈতিক দলৰ হেঁচা আৰু তাৰ ওপৰত কিছুদিন পূৰ্বে সেনা প্ৰধান জেনেৰেল ৱায়াকাৰ-উজ-জামানেও ডিচেম্বৰৰ মাজভাগত নিৰ্বাচনৰ বাবে হেঁচা প্ৰয়োগ কৰে। ইয়াৰ বাবে মহম্মদ ইউনুছৰ পদত্যাগৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।

পদত্যাগ কৰিব নেকি মহম্মদ ইউনুছে ? বাংলাদেশত আৰম্ভ চৰ্চা। বৃহস্পতিবাৰে মহম্মদ ইউনুছক সাক্ষাৎ কৰিবলৈ যায় নেশ্যনেল চিটিজেনছ পাৰ্টিৰ আহ্বায়ক নাহিদ ইছলামে। তেওঁ ওলাই আহি ঘোষণা কৰে যে মহম্মদ ইউনুছে পদত্যাগ কৰাৰ কথা চিন্তা কৰিছে । ইয়াৰ পিছতে কাইলৈ অৰ্থাৎ শনিবাৰে মহম্মদ ইউনুছে পদত্যাগ কৰিব পাৰে বুলি আৰম্ভ হৈছে চৰ্চা ।
যোৱা বছৰৰ আগষ্ট মাহত বাংলাদেশত বৈষম্যৰ বিৰুদ্ধে ছাত্ৰ প্ৰতিবাদৰ সন্মুখীন হৈ পতন ঘটিছিল শ্বেখ হাছিনাৰ চৰকাৰৰ । শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি দেশ এৰি যাবলৈ বাধ্য হয় । তাৰ পিছত প্ৰতিবাদকাৰীসকলে একেলগে গঠন কৰিলে অন্তৱৰ্তীকালীন চৰকাৰ । নোবেল বিজয়ী মহম্মদ ইউনুছক সেই চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে নিযুক্তি দিয়ে ।
দেশৰ সংস্কাৰৰ প্ৰতিশ্ৰুতিৰে এই অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ’লেও বাংলাদেশত এনে কোনো সংস্কাৰ ৰূপায়ণ হোৱা নাই । কেৱল হাছিনাৰ সমৰ্থক প্ৰশাসনিক বিষয়াকহে পদৰ পৰা অপসাৰণ কৰি ইউনুছৰ ঘনিষ্ঠ বিষয়াক নিযুক্তি দিয়া হয় । ইয়াৰ মাজতে বাংলাদেশত দাবী উত্থাপন হৈছে সাধাৰণ নিৰ্বাচনৰ । কিন্তু ২০২৬ চনৰ মাজভাগৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ইচ্ছুক নহয় ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখন ।
ৰাজনৈতিক দলৰ হেঁচাৰ উপৰিও সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানেও ডিচেম্বৰৰ মাজভাগত নিৰ্বাচনৰ বাবে হেঁচা প্ৰয়োগ কৰে । যাৰ ফলত মহম্মদ ইউনুছৰ পদত্যাগৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল । আৱামী লীগ সমৰ্থক বেৰিষ্টাৰ নিজুম মজুমদাৰৰ দাবী, মহম্মদ ইউনুছে পদত্যাগ কৰিবলৈ শনিবাৰলৈকে অপেক্ষা কৰিছে ।
অৱশ্যে আৱামী লীগৰ সমৰ্থক এজন বেৰিষ্টাৰৰ দাবী, ইউনুছে পদত্যাগ কৰাৰ কথা ঘোষণা কৰাটো নাটক! আচলতে ইউনুছ ক্ষমতা লোভী আৰু তেওঁ নিজৰ পদ এৰিব নিবিচাৰে । এইবোৰ তেওঁ কৰি থকা ‘আৱেগিক নাটক’।