পাকিস্তানৰ সংগই কৰি তোলে ভিক্ষাৰী! প্ৰমাণ এই ২ দেশ, লোকচান হাজাৰ হাজাৰ কোটি টকা…
পাকিস্তানক সমৰ্থন কৰি বিপদত তুৰ্কী আৰু আজাৰবাইজান। শেহতীয়াকৈ বহু ভাৰতীয়ই দেশ দুখনৰ বুকিং বাতিল কৰিছে। দুয়োখন দেশে বছৰি হাজাৰ হাজাৰ কোটি টকা উপাৰ্জন কৰে ভাৰতৰ পৰা।

যদি আপুনি এমাহৰ আগতে বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰিছিল তেন্তে বহু ভাৰতীয় ট্ৰেভেল কোম্পানীয়ে হয়তো আপোনাৰ তুৰ্কী ভ্ৰমণ কৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰত-পাকিস্তানৰ মাজৰ উত্তেজনা চৰম পৰ্যায়লৈ গতি কৰে। এই সময়চোৱাত পাকিস্তানক মুকলিকৈ সমৰ্থন আগবঢ়াইছিল তুৰ্কী আৰু আজাৰবাইজানে। পাকিস্তানে তুৰ্কীৰ ড্ৰোনেৰে আক্ৰমণ কৰিছিল ভাৰতক। তেতিয়াৰ পৰা তুৰ্কী আৰু আজাৰবাইজানৰ সৈতে ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটে।
কিন্তু পাকিস্তানক সমৰ্থন কৰি এতিয়া বিপদত পৰিছে দেশ দুখন। তথ্য অনুসৰি, দুয়োখন দেশে কেৱল মাত্ৰ ভাৰতীয় পৰ্যটকৰ পৰা বছৰি হাজাৰ হাজাৰ কোটি টকা উপাৰ্জন কৰে। কিন্তু ভাৰতৰ বিৰোধিতা কৰাৰ পাছতে দুয়োখন দেশৰ পৰ্যটন উদ্যোগ এতিয়া যথেষ্ঠ সংকটত পৰিছে। য়াৰ পূৰ্বে মালদ্বীপৰ সৈতে সংঘাতৰ সময়ত ভাৰতে পিঠি দিওঁতে দ্বীপ ৰাষ্ট্ৰখনৰ কি অৱস্থা হৈছিল সেয়া সমগ্ৰ বিশ্বই দেখিছে।
বহু ভাৰতীয়ই এই দুখন দেশৰ বুকিং বাতিল কৰিবলৈ আৰম্ভ কৰিছে । সামাজিক মাধ্যমত #BoycottTurkey আৰু #BoycottAzerbaijan ট্ৰেণ্ড হৈ আছে। ইয়াৰ মাজতে বুধবাৰে সামাজিক মাধ্যমত এটা পোষ্ট কৰি আৰ পি জি এণ্টাৰপ্ৰাইজৰ অধ্যক্ষ হৰ্ষ গোৱেংকাই এই দুখন দেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয় যে, তুৰ্কী আৰু আজাৰবাইজানত ভাৰতীয়সকলে প্ৰতি বছৰে পৰ্যটনৰ বাবে ৪০০০ কোটি টকা খৰচ কৰে। ভাৰতীয়ৰ বাবে তেওঁলোকৰ অৰ্থনীতি, হোটেল, বিমান সংস্থা আদিৰ উন্নতি হয়। কিন্তু পহলগাম আক্ৰমণৰ পাছত দুয়োখন দেশ পাকিস্তানৰ ওচৰত থিয় দিয়ে। গতিকে এই ভ্ৰমণৰ বাবে এই দেশ দুখন এৰাই চলিব লাগে। বিশ্বত বহু ধুনীয়া ঠাই আছে। গতিকে সেইসমূহ ঠাইলৈ যাব।
কিয় ক্ষতি হৈছে
মেকমাইট্ৰিপে প্ৰকাশ কৰা তথ্য অনুসৰি তুৰ্কী আৰু আজাৰবাইজানত মাত্ৰ এসপ্তাহৰ ভিতৰতে বুকিং ৬০ শতাংশ হ্ৰাস পাইছে। বাতিলৰ সংখ্যা ২৫০ শতাংশ বৃদ্ধি পাইছে। আনকি এই দুয়োখন দেশৰ পৰ্যটনৰ সৈতে জড়িত সকলো প্ৰচাৰমূলক তথ্য দেখুৱাবলৈও বন্ধ কৰি দিছে সংস্থাটোয়ো। ইজিমাইট্ৰিপৰ তথ্য অনুসৰি তুৰ্কীৰ ২২ শতাংশ আৰু আজাৰবাইজানৰ ৩০ শতাংশতকৈ অধিক টিকট বাতিল কৰা হৈছে। কোম্পানীটোৱে দুয়োখন দেশৰ সকলো বিমান সেৱা আৰু হোটেল বুকিং বন্ধ কৰি দিছে। ইজি মাই ট্ৰিপৰ চিইঅ’ই কয় যে, ২০২৪ চনত ২.৭৪ লাখ ভাৰতীয় পৰ্যটকে তুৰ্কী আৰু ২.৪৩ লাখে আজাৰবাইজান ভ্ৰমণ কৰিছিল।
ভাৰতীয় ট্ৰেভেল এজেন্সী ডিএমচি ৱেলৰ চেলছ ডাইৰেক্টৰ ফাৰহানে সংবাদ মাধ্যমৰ আগত কয় যে, “ভাৰতীয়ই তুৰ্কী আৰু আজাৰবাইজান ভ্ৰমণ বাতিল কৰিবলৈ আৰম্ভ কৰিছে। এতিয়ালৈকে প্ৰায় ৮০ শতাংশ বুকিং বাতিল হৈছে। এতিয়ালৈকে আমি চৰকাৰৰ পৰা কোনো নিৰ্দেশনা পোৱা নাই। কিন্তু যি দেশে বিপদত আমাৰ ওচৰত নাই তেওঁলোকৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছো।
উল্লেখ্য যে, আজাৰবাইজানলৈ যোৱাৰ বাবে এহাল দম্পতীয়ে পেজেকৰ বাবে ট্ৰেভেল এজেন্সীক গড়ে ২ লাখ টকা দিব লাগে। ইয়াত বিমান ভাড়া সংযোগ নাথাকে। আজাৰবাইজান পৰ্যটন ব’ৰ্ডৰ তথ্য অনুসৰি ভাৰতীয়সকলে প্ৰতি ভ্ৰমণত প্ৰায় ১,০০,০০০-১,৩০,০০০ টকা খৰচ কৰে। ২০২৪ চনত ২,৪৩,৫৮৯ জন ভাৰতীয় পৰ্যটকে আজাৰবাইজান ভ্ৰমণ কৰিছিল।
ইয়াৰ বিপৰীতে তুৰ্কী ভ্ৰমণৰ বাবে এহাল দম্পতীয়ে ট্ৰেভেল এজেন্সীক গড়ে ৪ লাখ টকা দিব লাগে। ইয়াক বিমান ভাড়া আৰু ভিছা সংলগ্ন নাই। ইয়াৰোপৰি ভাৰতীয় পৰ্যটকে ১ ৰ পৰা ১.০৩ লাখ টকা তুৰ্কীত খৰচ কৰে। ২০২৪ চনত ৩,৩০,০০০ ভাৰতীয় পৰ্যটকে তুৰ্কী ভ্ৰমণ কৰিছিল । এনে পৰিস্থিতিত ভাৰতীয়ৰ এই সিদ্ধান্তই যে দেশ দুখনক আৰ্থিক দিশত প্ৰভাৱিত কৰিব তাত কোনো সন্দেহ নাই।
অন্য খবৰ পঢ়কঃ ১৮ মে’লৈ থাকিব ভাৰতৰ সৈতে যুদ্ধ বিৰতি…পাকিস্তানৰ মন্ত্ৰীৰ ডাঙৰ মন্তব্য