শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভূমিকম্পৰ ফলত ভাঙিল কাৰাগাৰৰ দেৱাল, পলায়ন শ শ কয়দীৰ…

ভূমিকম্পৰ সুযোগ লৈ জেলৰ পৰা পলায়ন কৰিলে বহু কয়দীয়ে। এই ঘটনাৰ পাছতে এতিয়া আৰক্ষীয়ে পলায়ন কৰা কয়দীক বিচাৰি অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে কেইজনমানক পুনৰ গ্ৰেপ্তাৰ কৰিছে।

ভূমিকম্পৰ ফলত ভাঙিল কাৰাগাৰৰ দেৱাল, পলায়ন শ শ কয়দীৰ…
প্ৰতীকী ফটোImage Credit source: META AI
barasha-sarma
Barasha Sarma | Published: 03 Jun 2025 10:31 AM

বিভিন্ন সময়ত অহা প্ৰাকৃতিক দুৰ্যোগে মানুহৰ বিস্তৰ ক্ষতিসাধন কৰে। কেৱল সেয়াই নহয়, ভূমিকম্পৰ ফলত মাত্ৰ কেইটামান মূহুৰ্ততে ঘৰ ভাঙি যায়, চহৰৰ আন্তঃগাঁথনিৰ ক্ষতি হয় আনকি বহু মানুহৰো মৃত্যু হয়। কিন্তু ভূমিকম্পৰ ফলত পাকিস্তানৰ কৰাচীত সংঘটিত হৈছে এক আচৰতি ঘটনা। জানিব পৰা মতে, ভূমিকম্পৰ সুযোগ লৈ পাকিস্তানৰ কৰাচীৰ কাৰাগাৰত বন্দী হৈ থকা একাংশ কয়দীয়ে পলায়ন কৰে। কাৰাগাৰৰ বিষয়াসকলৰ মতে, পাকিস্তানত হোৱা ভূমিকম্পৰ ফলত মলীৰ জেলৰ দেৱালত ডাঙৰ ফাঁট মেলে, যাৰ সহায়ত বহু কয়দীয়ে জেলৰ পৰা পলায়ন কৰে।

কৰাচীৰ DIG মহম্মদ ছেহটোৱে কয় যে, ভূমিকম্পৰ ফলত জেলৰ দেৱালত ডাঙৰ ফাঁটৰ সৃষ্টি হৈছিল। তেনে সময়তে বহু কয়দীয়ে বেৰেকৰ পৰা ওলাই আহে আৰু জেলৰ গেট ভাঙি কৰ্মচাৰীক আক্ৰমণ কৰে। খবৰ অনুসৰি, কয়দীসকলে জেলৰ কৰ্মচাৰীসকলৰ অস্ত্ৰ-শস্ত্ৰ কাঢ়ি লৈ যায় আৰু তাৰ পাছতে গুলীচালনা কৰে। আৰক্ষী আৰু কয়দীৰ মাজত হোৱা গুলীয়াগুলীৰ মাজতে বহু কয়দী পলাই যায়। কাৰাগাৰৰ অধীক্ষক আৰ্ছাদ হুছেইনে নিশ্চিত কৰিছে যে গুলীচালনাৰ সময়ত এজন কয়দী আহত হৈছে।

কৰাচীৰ লান্ধী কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দীৰ সন্ধানৰ বাব ইতিমধ্যে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। সমগ্ৰ অঞ্চলত আৰক্ষীয়ে চেকপইন্ট স্থাপন কৰি তালাচী অব্যাহত ৰাখিছে। এই অভিযানত আৰক্ষীয়ে কাজাফি টাউন, শ্বাহ লতিফ, ভাইন্স কলনীকে ধৰি প্ৰায় ২০ জন কয়দীক পুনৰ গ্ৰেপ্তাৰ কৰিছে।  ইয়াৰ লগতে কাৰাগাৰৰৰ ভিতৰে-বাহিৰে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

উল্লেখ্য যে, যোৱা ২৪ ঘণ্টাৰ ভিতৰত কৰাচীত ২.৪ প্ৰাবল্যৰ দশমটো ভূমিকম্পটোত এই ঘটনা সংঘটিত হৈছে। নিশা প্ৰায় ১১.১৬ বজাত এই ভূমিকম্প ছোৰপাঅ, কায়দাবাদ আদিত অনুভূত হয়। বতৰ বিজ্ঞান বিভাগে কয় যে কিৰ্থাৰ ফল্ট লাইনৰ ওচৰত থকাৰ বাবে অঞ্চলটোত সৰু সৰু ভূমিকম্প সাধাৰণতে হয়।

সিন্ধ কাৰাগাৰ মন্ত্ৰী আলী হাছান জৰ্দাৰীয়ে এই ঘটনা সন্দৰ্ভত জেলৰ মহাপৰিদৰ্শক আৰু উপ-মহাপৰিদৰ্শকৰ পৰা প্ৰতিবেদন বিচাৰিছে। তেওঁ পলায়ন কৰা কয়দীসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ইয়াৰোপৰি ঘটনাত কোনো আৰক্ষী বিষয়াৰ গাফিলতি আছে নেকি সেই সন্দৰ্ভতো তদন্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

 

 

অন্য খবৰ পঢ়কঃ পাকিস্তান-বাংলাদেশৰ পাছত নেপালৰ কাষ চাপিছে চীন! কি প্ৰভাৱ পৰিব ভাৰতত? জানক…