শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভূমিকম্পৰ অভিকেন্দ্ৰত পৰিণত পাকিস্তানৰ পাৰমাণৱিক ঘাটি! হ’ব নেকি ডাঙৰ বিস্ফোৰণ?

পাকিস্তানৰ কৰাচীত একেৰাহে ১৯টা ভূমিকম্পৰ তথ্য পোৱা গৈছে, যাৰ অভিকেন্দ্ৰ হৈছে মালিৰ, লান্ধী আৰু কোৰংগী আদি অঞ্চল। এই অঞ্চলসমূহ পাকিস্তানৰ পাৰমাণৱিক কাৰ্যকলাপৰ আশে-পাশে বুলি ধৰা হয়। বিশেষজ্ঞসকলে ইয়াৰ কাৰণ হিচাপে লান্ধী ফল্ট লাইনক উল্লেখ কৰিছে । অবিৰত কম্পনৰ বাবে আতংকৰ সৃষ্টি হৈছে অঞ্চলটোত। এতিয়া এয়া বৃহৎ ভূতাত্ত্বিক বা পাৰমাণৱিক ভাবুকিৰ সতৰ্কবাণী নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে।

ভূমিকম্পৰ অভিকেন্দ্ৰত পৰিণত পাকিস্তানৰ পাৰমাণৱিক ঘাটি! হ’ব নেকি ডাঙৰ বিস্ফোৰণ?
ভূমিকম্পৰ অভিকেন্দ্ৰত পৰিণত পাকিস্তানৰ পাৰমাণৱিক ঘাটি! Image Credit source: Meta AI
trishna-kalita
Trishna Kalita | Published: 04 Jun 2025 08:40 AM

বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে কঁপি উঠিছে পাকিস্তানৰ কৰাচী চহৰৰ  ভূমি। এতিয়ালৈকে ১৯টা সৰু সৰু ভূমিকম্পৰ তথ্য পোৱা গৈছে। ইয়াৰে বহুকেইটা ভূমিকম্পৰ অভিকেন্দ্ৰ মালিৰ আৰু কোৰাংগীৰ দৰে অঞ্চল। এই অঞ্চলৰ পৰা পাকিস্তানৰ পাৰমাণৱিক কাৰ্যকলাপৰ সৈতে জড়িত গোপন স্থান কেইকিলোমিটাৰ দূৰত্বত থকাৰ সন্দেহ কৰা হৈছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে পাকিস্তানৰ পাৰমাণৱিক ঘাটিৰ ওপৰত কোনো বৃহৎ ভাবুকিৰ সৃষ্টি হৈছে নেকি?

সোমবাৰে মাজনিশা হোৱা প্ৰথমটো ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মালিৰৰ সমীপত ৪০ কিলোমিটাৰ গভীৰতাত। ইয়াৰ পিছত মঙলবাৰে পুৱালৈকে ১৯টা সৰু সৰু কঁপনি অনুভৱ কৰা হৈছে। এই কম্পনৰ কিছুমানৰ তীব্ৰতা আছিল ৩.৪ পৰ্যন্ত । যিবোৰক মৃদু ভূমিকম্প বুলি গণ্য কৰা হয়, কিন্তু ইয়াৰ কম্পাঙ্ক আৰু স্থানে সকলোকে চিন্তিত কৰি তুলিছে।

কিয় কঁপিছে পাকিস্তান?

পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগৰ ভূমিকম্পীয় নিৰীক্ষণ কেন্দ্ৰৰ তথ্য অনুসৰি এই সকলোবোৰ কম্পনৰ মূল কাৰণ হৈছে কৰাচীৰ লান্ধী ফল্ট লাইন সক্ৰিয় হোৱা। বিভাগটোৰ মুখ্য বতৰ বিজ্ঞানী আমিৰ হাইদৰে কয় যে এই ফল্ট লাইনটো দশক দশকৰ পাছত সক্ৰিয় হৈ পৰিছে আৰু ইয়াৰ পৰা লাহে লাহে শক্তি ওলাই আহিছে। অৱশ্যে এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু বৃহৎ ভূমিকম্পৰ সম্ভাৱনা কম বুলিও তেওঁ কয়।

কোনো পাৰমাণৱিক সংযোগ আছে নেকি?

কিন্তু এই কম্পন অনুভৱ কৰা অঞ্চলটোৰ আশে-পাশে পাকিস্তানৰ পাৰমাণৱিক প্ৰকল্পৰ উপস্থিতিক লৈ দীৰ্ঘদিন ধৰি সন্দেহৰ সৃষ্টি হৈ আহিছে। এনে পৰিস্থিতিত এই ভূমিকম্পীয় পৰিঘটনা পাকিস্তানৰ পাৰমাণৱিক কাৰ্যকলাপৰ লগত কিবা সম্পৰ্ক আছে নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে? বিশেষজ্ঞসকলৰ মতে এনেধৰণে ভূমিকম্প থাকিলে নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা ই এক ডাঙৰ ভাবুকি হৈ পৰিব পাৰে।

পাকিস্তানত ভয়ৰ পৰিৱেশ

বিশেষকৈ মালিৰ, লান্ধী, কোৰংগী, কোৱাইদাবাদ আদি অঞ্চলত ৰাইজৰ মাজত এতিয়া বিৰাজ কৰিছে শংকাৰ পৰিৱেশে। য’ত অট্টালিকাৰ অৱস্থা ইতিমধ্যে জৰাজীৰ্ণ হৈ পৰিছে, তাত সঘনাই হোৱা ভূমিকম্পৰ বাবে দেৱালত ফাট মেলিবলৈ আৰম্ভ কৰিছে। এই কঁপনিবোৰ কোনো ডাঙৰ বিপদৰ সংকেতৰ আগজাননি বুলি চিন্তিত হৈ পৰিছে সাধাৰণ জনতা ।  প্ৰশাসনক অট্টালিকাসমূহৰ শক্তি পৰীক্ষা কৰাৰ লগতে ভূমিকম্পৰ ক্ষেত্ৰত সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে জনতাই।

পাকিস্তান চৰকাৰৰ আবেদন

ইফালে পাকিস্তান চৰকাৰ আৰু বতৰ বিজ্ঞান বিভাগে ৰাইজক আতংকিত হোৱাৰ পৰিৱৰ্তে সাৱধান হ’বলৈ আহ্বান জনাইছে। কিন্তু এইটোও নিশ্চিত যে পাৰমাণৱিক কাৰ্যকলাপৰ ওচৰত থকা কৰাচীৰ এই হঠাতে সৃষ্টি হোৱা ভূমিকম্পীয় কেন্দ্ৰটো অনাগত দিনত আৰু অধিক আলোচনাত বিষয় হ’ব। এতিয়া পাকিস্তানে এই সংকট কেনেদৰে চম্ভালিব সেয়া এক চিন্তনীয় বিষয়। আৰু ই কেৱল ভূতাত্ত্বিক সংকট নে ইয়াৰ আঁৰত আন কিবা লুকাই আছে? তাক হৈ সৃষ্টি হৈছে ৰহস্যৰ।