TV9 ASSAM
ভিটামিন এ শৰীৰৰ বাবে এক জৰুৰী উপাদান। ই চকুৰ দৃষ্টিশক্তি, ইমিউন চিষ্টেম, ছাল আৰু চুলিৰ বাবে উপকাৰী হয়। গতিকে শৰীৰত ভিটামিন এ পৰ্যাপ্ত পৰিমাণে থাকিব লাগে।
শৰীৰত ভিটামিনৰ অভাৱ হ'লে কিছুমান লক্ষণে দেখা দিয়ে। এই লক্ষণসমূহ আওকান কৰিব নালাগে। অন্যথা সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে।
ডাঃ সুভাষ গিৰীয়ে কয় যে, ভিটামিন এৰ অভাৱ হ'লে ব্যক্তিৰ দৃষ্টিশক্তি কম হয় বা নিশা ভালদৰে দেখা নাপায়। ই চকুৰ ৰেটিনাক প্ৰভাৱিত কৰে। যাৰ বাবে আন্ধাৰত দেখাৰ ক্ষমতা হ্ৰাস পায়।
ভিটামিন এ- ছালৰ কোষবোৰ ঠিক কৰে। কিন্তু ইয়াৰ অভাৱ হ'লে ছাল শুকান, শেতা হৈ পৰে। ইয়াৰ ফলত এক্জিমাৰ দৰে ছালৰ সমস্যাৰো সৃষ্টি হ'ব পাৰে।
ভিটামিন এ শৰীৰক সংক্ৰমণৰ পৰা যুঁজ দিয়াত সহায় কৰে। ইয়াৰ অভাৱ হ'লে চৰ্দি, কাহ, জ্বৰ আদি হ'ব পাৰে। ইয়াৰোপৰি ইমিউনিটি দুৰ্বল হোৱাৰ ফলত সঘনাই সংক্ৰমণ হ'ব পাৰে।
শৰীৰত ভিটামিন এ-ৰ অভাৱ হ'লে দুৰ্বল আৰু ভাগৰুৱা লাগিব পাৰে। কোনো কাম নকৰাৰ ফলতো ভাগৰ লাগিব পাৰে। ইয়াৰোপৰি আপোনাৰ এলাহ বৃদ্ধি হ'ব পাৰে।
যদি শিশুৰ ভিটামিন এ ৰ অভাৱ হয় তেন্তে শৰীৰ আৰু মানসিক বিকাশক প্ৰভাৱিত কৰে। ইয়াৰ ফলত ওজন হ্ৰাস পাব পাৰে লগতে উচ্চতা বৃদ্ধি পোৱাত বাধা আহিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক