Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- ১৯ জুনত অসমৰ দুখন আসনৰ বাবে ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । ইতিমধ্য়ে ইয়াৰে এখন অসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে বিজেপিয়ে । আনখন আসন মিত্ৰ দল অগপক এৰি দিছে শাসকীয় বিজেপিয়ে । ইফালে প্ৰাৰ্থীত্ব বিবেচনাৰ বাবে ১৩ জনীয়া এখন নেতাৰ তালিকা প্ৰস্তুত কৰিছে ৰাজ্যিক বিজেপিয়ে । প্ৰকাশিত খবৰ অনুসৰি তালিকাত আছে- প্ৰাক্তন সাংসদ কুইন ওজা, শিলচৰৰ প্ৰাক্তন সাংসদ ড° ৰাজদ্বীপ ৰায়, বৰ্তমান ৰাজ্যসভাৰ সাংসদ মিছন ৰঞ্জন দাস, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই,সুনীতা চাংকাকতি, প্ৰদীপ ঠাকুৰিয়া,সঞ্জীৱ গোস্বামী, দয়ানন্দ বৰগোহাঁই, বিজয় কুমাৰ গুপ্তা, মৃদুলা বৰকাকতি,ভাস্কৰ দাহাল, কনদ পুৰকায়স্থ, বিশ্বৰূপ ভট্টাচাৰ্যৰ নাম ।
- অসম প্ৰদেশ কংগ্ৰেছক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতিৰে আনুষ্ঠানিকভাৱে ৰাজ্যিক সভাপতি দায়িত্ব গ্ৰহণ কৰিলে সাংসদ গৌৰৱ গগৈয়ে । ইয়াৰ লগতে মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি হিতেশ্বৰ শইকীয়া আৰু তেওঁ পিতৃ তৰুণ গগৈৰ দৰে নেতাৰ আদৰ্শৰে দলটোক ঐক্যবদ্ধভাৱে আগুৱাই নিয়াৰ কথা প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছ নৱনিয়ুক্ত সভাপতিগৰাকীয়ে ।
- গোলাঘাটৰ জামুগুৰিত নৃশংস হত্যাকাণ্ড। মাধৱ দাস নামৰ এজন লোকক দাৰে ঘপিয়াই হত্যা। ৰতন দাস নামৰ এজন যুৱকৰ দাৰ ঘাপত মৃত্যু মাধৱ দাসৰ। দোকানৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত আক্রমণৰ বলি হয় মাধৱ দাস। হত্যাকাৰী ৰতন দাসক ইতিমধ্যে আটক কৰিছে জামুগুৰি আৰক্ষীৰ।
- মঙলবাৰে মুখ্যমন্ত্রীয়ে বান পৰিস্থিতিৰ পর্যালোচনা কৰি কাছাৰ জিলাৰ ছটা সাহায্য শিবিৰত থকা ক্ষতিগ্রস্ত লোকসকলক সাক্ষাৎ কৰে ৷ সেই সময়তে তেওঁ কয়, “আজি পুৱা প্ৰধানমন্ত্ৰীয়ে মোক ফোন কৰিছিল আৰু ৰাজ্যখনৰ দুয়োটা উপত্যকাৰ বানপীড়িত লোকসকলৰ দুখ-কষ্টৰ বিষয়ে তেওঁক অৱগত কৰিলোঁ।” শিলচৰত এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ মুখ্যমন্ত্ৰী শৰ্মাই।
- ন’ৰৱে’ৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা ফোনযোগে অসমৰ বান পৰিস্থিতিত উদ্বিগ্নতা প্ৰকাশ কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শেহতীয়া বান পৰিস্থিতিৰ বাবে উদ্বিগ্নতা প্ৰকাশ কৰি বন্যাৰ্ত জনসাধাৰণৰ বাবে সহায়ৰ হাত আগবঢ়াব বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ এই সময়ত সোণোৱালৰ সৈতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বান তথা গৰাখহনীয়া পৰিস্থিতিৰ বিষয়ে আলোচনা কৰাৰ লগতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত কৰে মুখ্যমন্ত্ৰীয়ে৷
- দ্বীপেন বড়োক পুনৰ এবছুৰ সভাপতিৰ দায়িত্ব। খনিন্দ্ৰ বসুমতাৰীক পুনৰ দিয়া হৈছে সাধাৰণ সম্পাদকৰ দায়িত্ব। নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাৰ অন্তত এই সিদ্ধান্ত।
- ৰাছিয়াত সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণৰ পিছত আন এক খেল খেলিছে ইউক্ৰেইনে । জেনেৰেল ষ্টাফৰ তথ্য অনুসৰি ইউক্ৰেইনে যোৱা ২৪ ঘন্টাত হত্যা কৰা হৈছে ভ্লাদিমিৰ পুটিনৰ ১১০০ ৰুছ সেনা জোৱানক । যদি জেনেৰেল ষ্টাফৰ দাবী বিশ্বাস কৰা হয়, তেন্তে এতিয়ালৈকে ৰাছিয়াৰ প্ৰায় ৯ লাখ ৯০ হাজাৰ ৮০০ সৈনিকক হত্যা কৰিছে ইউক্ৰেইনে । একে সময়তে ৰাছিয়াৰ এই আক্ৰমণত ৭ জন ইউক্ৰেইনৰ সাধাৰণ নাগৰিক নিহত হৈছে । ইউক্ৰেইনৰ মৃত সৈনিকৰ সংখ্যা প্ৰকাশ কৰা নাই ।
-
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত মঙলবাৰে অনুষ্ঠিত আই পি এল ২০২৫ৰ ফাইনেলত এক ৰোমাঞ্চকৰ যুঁজৰ অন্তত পঞ্জাৱ কিংছক ৬ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে আই পি এলৰ খিতাপ জয় কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। ইযাৰ লগে লগে ১৭ বৰ্ষ ধৰি মুখে মুখে উচ্চাৰিত হৈ অহা ‘ই চালা কাপ নামডে’ শ্ল’গানে লাভ কৰিলে পূৰ্ণতা। এই জয়ৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক অভিনন্দন জনালে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে। খেলত সুন্দৰ প্ৰদৰ্শনৰ বাবে পঞ্জাব কিংছকো জনালে শুভেচ্ছা।