শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তান-বাংলাদেশৰ পাছত নেপালৰ কাষ চাপিছে চীন! কি প্ৰভাৱ পৰিব ভাৰতত? জানক…

পাকিস্তান-বাংলাদেশৰ পাছত এইবাৰ নেপালৰ ওপৰত চকু চীনৰ। ভাৰতৰ বিৰুদ্ধে সম্ভৱতঃ কোনো ডাঙৰ ষড়যন্ত্ৰ ৰচিছে বাংলাদেশে। যাৰ বাবে এইবাৰ নেপালৰ ৰাজনীতিত সুমাই পৰিছে।

পাকিস্তান-বাংলাদেশৰ পাছত নেপালৰ কাষ চাপিছে চীন! কি প্ৰভাৱ পৰিব ভাৰতত? জানক…
নেপাল-চীনImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 02 Jun 2025 13:08 PM

কোনো ডাঙৰ ষড়যন্ত্ৰৰ পিনে আগবাঢ়িছে চীন। বাংলাদেশ, পাকিস্তানৰ পাছত এইবাৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ ওপৰত চকু চীনৰ। নেপালৰ ৰাজনৈতিক ক্ষেত্ৰখনত খলকনি তুলিবলৈ ইতিমধ্যে চীনে নিজৰ খেল আৰম্ভ কৰিছে। দেওবাৰে চীনে এই খেলখনৰ কামান নেপালৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীৰ হাতত অৰ্পণ কৰিছে। দৰাচলতে ৰাজনৈতিক উচ্চাকাংক্ষা আগত ৰাখি বেইজিং ভ্ৰমণলৈ যোৱা ভাণ্ডাৰীক নতুন কাম দিছে চীনে।

কান্তিপুৰ মিডিয়াৰ তথ্য অনুসৰি চীনে ভাণ্ডাৰীক নেপালৰ সকলো কমিউনিষ্ট দলক একত্ৰিত কৰাৰ কাম অৰ্পন কৰিছে। চীনৰ মতে, সকলো কমিউনিষ্ট দল একলগ নোহোৱা পৰ্যন্ত নেপালৰ উত্থান হ’ব নোৱাৰে।

ৰাষ্ট্ৰপতি পদৰ পৰা আঁতৰ হোৱাৰ দুবছৰ পাছত পুনৰ এবাৰ ৰাজনীতিত সক্ৰিয় হৈ পৰিছে বিদ্যা দেৱী ভাণ্ডাৰী। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী কে পি শৰ্মা অলী দলৰ সৈতে জড়িত। বৰ্তমান সময়ত কে পি শৰ্মা অলি নেপালৰ প্ৰধানমন্ত্ৰী, কিন্তু বয়সৰ বাবে দলৰ বিভিন্নজনে তেওঁৰ বিৰোধিতা কৰি আছে।

গতিকে ইয়াৰ মাজতে ভাণ্ডাৰী এতিয়া সক্ৰিয় হৈ পৰিছে। ২০২৭ চনত নেপালত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু তাৰ পাছতেই গঠন হ’ব নতুন চৰকাৰ। এনে সময়ত ভাণ্ডাৰীৰ দৃষ্টি প্ৰধানমন্ত্ৰী পদৰ ওপৰত। গতিকে এনে কথাসমূহৰ ওপৰত লক্ষ্য ৰাখিয়েই ভাণ্ডাৰীয়ে বেইজিং ভ্ৰমণ কৰিছে।

ইউএমএল (কে পি শৰ্মাৰ দল) ৰ আভ্যন্তৰীণ ৰাজনীতিত চীনে এতিয়া অধিক অগ্ৰাধিকাৰ লাভ কৰিছে। কিয়নো নেপালৰ চুবুৰীয়া ৰাষ্ট্ৰ চীন আৰু ইয়াতো কমিউনিষ্টৰ প্ৰভাৱ বেছি।

চীনে কিয় একত্ৰিত কৰাৰ চেষ্টা কৰিছে

নেপালত তিনিটাকৈ ডাঙৰ কমিউনিষ্ট দল আছে। এই কেইটা হল- কেপি শৰ্মা অলিৰ নেতৃত্বত চিপিএন (ইউএমএল),পুষ্প কমল দাহাল প্ৰচন্দৰ নেতৃত্বত মাওবাদী কেন্দ্ৰ আৰু তৃতীয়টো মাধৱ কুমাৰ নেপালৰ নেতৃত্বত চিপিএন (ইউনিফাইড) দল।

ইয়াৰে মাধৱ কুমাৱ আৰু প্ৰচণ্ড ইতিমধ্যে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। নেপালৰ ৰাজনীতিত দুয়োৰে বিশেষ প্ৰভাৱ আছে। দুয়োৰে ৰাজনৈতিক ভেঁটি শক্তিশালী। গতিকে এই সময়ত আটাইকেইটা কমিউনিষ্ট পাৰ্টীক একলগ কৰাৰ চেষ্টা কৰিছে চীনে। ইয়াৰ আঁৰৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল।

  • বৰ্তমান নেপালত চিপিএন (ইউএমএল) আৰু কংগ্ৰেছ দলৰ চৰকাৰ আছে। কংগ্ৰেছে ভাৰতক সমৰ্থন কৰিব বিচাৰে, যাৰ বাবে চীনৰ প্ৰকৃত উদ্দেশ্য নেপালত পূৰণ হোৱা নাই। আনকি চীনৰ বি আৰ আই প্ৰকল্পৰ গতিও নেপালত লেহেমীয়া হৈ আছে।
  • নেপালৰ ৰাজতন্ত্ৰ আন্দোলনৰ বাবে কমিউনিষ্ট পাৰ্টিত প্ৰভৱ পৰিছে। কোৱা হৈছে, ৰাজতন্ত্ৰ আন্দোলনৰ বাবে ভৱিষ্যতে নেপালত সোঁপন্থী দলৰ আধিপত্য বৃদ্ধি পাব পাৰে। যদি এনে হয়, ভৱিষ্যতে চীনে নেপালত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব।
  •  যদি নেপালত তিনিওটা কমিউনিষ্ট দল একত্ৰিত হয়, তেন্তে দেশখনত অন্য দলে চৰকাৰ গঠন কৰা কঠিন হৈ পৰিব। গতিকে এই তিনিটা দলক একত্ৰিত কৰি চীনে নেপালত প্ৰভাৱ আৰু ভাৰতৰ বিৰুদ্ধে বীজ ৰোপন কৰাৰ চেষ্টা কৰি গৈছে।

 

অন্য খবৰ পঢ়কঃ এতিয়া মই জনপ্ৰিয়- পাকিস্তানৰ ৰাজনৈতিক সভাত অংশগ্ৰহণ পহলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড ছাইফুল্লাহ কছুৰীৰ…