TV9 ASSAM
২০২৫ চনৰ আই পি এলত জয়লাভ কৰে আৰ চি বিয়ে। আই পি এল ট্ৰফীৰ বিশেষ মহত্ব আছে। ইয়াৰোপৰি এই ট্ৰফীটোত সংস্কৃতত এটা শাৰী লিখা আছে যিয়ে ইয়াক বিশেষ কৰি তোলে।
যদি আই পি এলৰ ট্ৰফী আপুনি ভালদৰে চাই তেন্তে দেখিব যে ট্ৰফীটোত সংস্কৃতত এটা লাইন লিখা আছে। সংস্কৃতত লিখা আছে-"যত্ৰ প্ৰতিভা অবসৰ প্ৰাপনোটিহি"।
কিন্তু এই সংস্কৃত শব্দ কেইটাৰ অৰ্থ আপুনি জানেনে? যদি ইয়াক অসমীয়াত ভাঙনি কৰা হয় তেন্তে ইয়াৰ অৰ্থ হ'ল- "য'ত প্ৰতিভাই সুযোগ পায়"।
আই পি এলৰ ট্ৰফীত যোৱা সংস্কৰণৰ পৰা বিজেতা দলটোৰ নামো লিখা আৰম্ভ কৰা হৈছে। এই ট্ৰফীটো অ'ৰা নামৰ এটা কোম্পানীয়ে প্ৰস্তুত কৰে।
আই পি এলৰ ট্ৰফী ২০০৮ চনৰ পৰা অ'ৰা নামৰ এটা কোম্পানীয়ে ডিজাইন কৰি আহিছে। এইটো এটা জুৱেলাৰী কোম্পানী। এই কোম্পানীটো ৰোজী ব্লু গ্ৰুপৰ অংশ।
আই পি এলৰ ট্ৰফী প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ ধাতু ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত সোণ, ৰূপ আৰু এলুমিনিয়ামকে ধৰি বিভিন্ন ধাতুৰ অৱস্থিতি থাকে।
২০০৮ চনত প্ৰথমবাৰৰ বাবে আই পি এলৰ খেল অনুষ্ঠিত হৈছিল। ২০০৮ চনৰ ১৮ এপ্ৰিলত এই খেল কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্চ বেংগালুৰুৰ মাজত হৈছিল।
পঢ়িবলৈ ক্লিক কৰক