শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মোদী মোৰ বন্ধু, শীঘ্ৰেই মই ভাৰত ভ্ৰমণ কৰিম…ট্ৰাম্পৰ পুনৰ এক ডাঙৰ দাবী…

সঘনাই সলনি হৈ থাকে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ দাবী। শেহতীয়াকৈ তেওঁ পুনৰ ভাৰত-ৰাছিয়াৰ বাণিজ্যৰ কথা উল্লেখ কৰে। লগতে ভাৰত ভ্ৰমণ কৰাৰ কথাও কয়।

মোদী মোৰ বন্ধু, শীঘ্ৰেই মই ভাৰত ভ্ৰমণ কৰিম…ট্ৰাম্পৰ পুনৰ এক ডাঙৰ দাবী…
ট্ৰাম্প -মোদীImage Credit source: X
barasha-sarma
Barasha Sarma | Published: 07 Nov 2025 06:34 AM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দাবী আৰু কথাৰ সুৰ সলনি হোৱো কোনো নতুন কথা নহয়। এফালে যদি তেওঁ ভাৰত বিৰোধী কোনো মন্তব্য দিয়ে তাৰ পাছতে আকৌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা কৰে। বৃহস্পতিবাৰে ট্ৰাম্পে পুনৰ মোদীক মহান নেতা আখ্যা দি নিজৰ ভাল বন্ধু বুলি কয়। ইমানেই নহয়, দুই দেশৰ বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ট্ৰাম্পে অহা বছৰ ভাৰত ভ্ৰমণ কৰিব পাৰে।

হোৱাইট হাউচত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে কয় যে, “মোদীৰ সৈতে তেওঁৰ আলোচনা ভালকৈ চলি আছে। ভাৰতে ৰাছিয়াৰ পৰা সামগ্ৰী ক্ৰয় কৰা প্ৰায় বন্ধ কৰি দিছে”। মোদী সন্দৰ্ভত প্ৰশ্ন কৰাত ট্ৰাম্পে কয় যে, ”মোদী এজন মহান ব্যক্তি আৰু মোৰ ভাল বন্ধু। আমি প্ৰায়ে কথা পাতো। মোদীয়ে বিচাৰে মই ভাৰত ভ্ৰমণ কৰাতো”। তাৰ পাছত সাংবাদিকে অহা বছৰ ভাৰত ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে নেকি বুলি প্ৰশ্ন কৰাত ট্ৰাম্পে কয় যে, ”হয় কৰিব পাৰো”।

ভাৰত ভ্ৰমণ

আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ পাছতে যোৱা আগষ্ট মাহত দ্য নিউয়ৰ্ক টাইমছে প্ৰকাশ পাইছিল যে চলিত বৰ্ষৰ শেষৰ ফালে হ’বলগীয়া কোৱাড শীৰ্ষ সন্মিলনৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰত ভ্ৰমণ কৰাৰ উদ্দেশ্য নাই। পূৰ্বতে তেওঁ মোদীক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ আশ্বাস দিছিল যদিও পাছলৈ পৰিকল্পনা সলনি কৰিছিল। কিন্তু ইয়াৰ মাজতে এইবাৰ পুনৰ ট্ৰাম্পে ভাৰত ভ্ৰমণ ইংগিত প্ৰদান কৰিছে।

ভাৰত-আমেৰিকাৰ মাজত চলি থকা বাণিজ্যিক আলোচনাৰ মাজত ট্ৰাম্পৰ এই মন্তব্যই বিশেষ গুৰুত্ব বহন কৰিছে। উল্লেখ্য যে, ট্ৰাম্পৰ সংবাদমেল চলি থকাৰ মাজতে এটা কোম্পানীৰ প্ৰতিনিধি অজ্ঞান হৈ পৰে। যাৰ পাছত সংবাদমেল কিছু সময়ৰ বাবে স্থগিত কৰা হয়।

ৰাছিয়া-ভাৰতক পৃথক কৰাৰ প্ৰয়াস

বিগত কেইবাটা দিন ধৰি ভাৰত আৰু ৰাছিয়াক পৃথক কৰাৰ প্ৰয়াস কৰি আহিছে আমেৰিকাই। দেশখনে দাবী কৰি আহিছে যে ইউক্ৰেইনৰ বিৰুদ্ধে চলি থকা যুদ্ধত ভাৰতে ৰাছিয়াৰ পৰা সামগ্ৰী ক্ৰয় কৰি ইয়াত উদগনি যোগোৱাৰ কাম কৰিছে। কিন্তু ভাৰতে মানি লোৱা নাই আমেৰিকাৰ দাবী। চলিত মাহৰ আৰম্ভণিতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ট্ৰাম্পৰ মন্তব্যৰ প্ৰতি সঁহাৰি জনাই পুনৰ কয় যে দেশৰ শক্তি উৎসৰ সিদ্ধান্ত ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু গ্ৰাহকৰ কল্যাণৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে। এই সকলোবোৰৰ মাজতে ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ ইংগিতে এতিয়া বহু প্ৰশ্নৰ অৱকাশ আনিছে।

 

অন্য খবৰ পঢ়কঃ মিনিটমেন মিছাইলৰ সফল পৰীক্ষণ আমেৰিকাৰ, ১৪ হাজাৰ কি.মি. লৈ কৰিব পাৰিব আক্ৰমণ…