শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মিনিটমেন মিছাইলৰ সফল পৰীক্ষণ আমেৰিকাৰ, ১৪ হাজাৰ কি.মি. লৈ কৰিব পাৰিব আক্ৰমণ…

আমেৰিকাই কৰিলে এক শক্তিশালী মিছাইল পৰীক্ষণ। শেহতীয়াকৈ দেশখনে নিৰস্ত্ৰ মিনিটমেন-২ আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল পৰীক্ষণ কৰে। এই মিছাইলে ৬,৭৫৯ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে।

মিনিটমেন মিছাইলৰ সফল পৰীক্ষণ আমেৰিকাৰ, ১৪ হাজাৰ কি.মি. লৈ কৰিব পাৰিব আক্ৰমণ…
আমেৰিকা
barasha-sarma
Barasha Sarma | Published: 05 Nov 2025 22:06 PM

বিশ্বত পাৰমাণৱিক পৰীক্ষণৰ ওপৰত চলি থকা বিভিন্ন চৰ্চাৰ মাজতে শেহতীয়াকৈ আমেৰিকাৰ পৰা পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। আমেৰিকাৰ মহাকাশ বাহিনী কমাণ্ডাৰৰ তথ্য অনুসৰি দেশখনে নিৰস্ত্ৰ মিনিটমেন-২ আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (ICBM)ৰ সফল পৰীক্ষণ কৰে। কেলিফৰ্ণিয়াৰ ভাণ্ডেনবাৰ্গ বায়ুসেনা ঘাটিৰ নিক্ষেপ কৰা হয় এই শক্তিশালী মিছাইল।

মিনিটমেন-৩ বিমানখনে পাৰমাণৱিক ৱাৰহেড কঢ়িয়াই নিব পাৰে আৰু ১৪ হাজাৰ কিলোমিটাৰ পৰ্যন্ত শক্ৰক আঘাত কৰিব পাৰে। আমেৰিকাই কয় যে, এই পৰীক্ষণৰ লক্ষ্য় হৈছে ICBM প্ৰণালীৰ বিশ্বাসযোগ্যতা, অপাৰেশ্যনেল প্ৰস্তুতি আৰু সঠিকতা মূল্যায়ন কৰা।

এই পৰীক্ষণৰ আৰম্ভণি ৬২৫ নং ষ্ট্ৰেটেজিক অপাৰেচন স্কোয়াড্ৰনৰ এটা দলে এয়াৰবোৰ্ণ লঞ্চ কন্ট্ৰোল চিষ্টেমত কৰে। এই চিষ্টেমে মিছাইল কমাণ্ড আৰু কন্ট্ৰোল বেকআপৰ কাম কৰে। চিষ্টেমটো ভালদৰে কাম কৰিছেনে নাই ইয়াৰ দ্বাৰা তাকেই পৰীক্ষা কৰা হয়। কামাণ্ডৰ লেফটেনেন্ট কৰ্ণেল কেৰী ৰেই কয় যে, এই পৰীক্ষণ ক্ষেপনাস্ত্ৰৰ লগতে সমগ্ৰ  ICBM চিষ্টেমৰ সমৰ্থতা পৰীক্ষা কৰিবলৈ কৰা হৈছে।

দূৰত্ব কিমান

এই ক্ষেপণাস্ত্ৰই ৬,৭৫৯ কিলোমিটাৰ (৪২০০ মাইল) দূৰত্ব অতিক্ৰম কৰিছিল। মাৰ্শ্বেল দ্বীপপুঞ্জৰ ৰ’নাল্ড ৰেগান বেলিষ্টিক মিছাইল ডিফেন্স টেষ্ট ছাইটলৈ যাত্ৰা কৰিছিল এই ক্ষেপণাস্ত্ৰ। ইয়াত থকা ৰাডাৰ আৰু চেন্সৰৰ দ্বাৰা এই তথ্য সংগ্ৰহ কৰা হৈছে। এই পৰীক্ষণত এয়াৰ ফোৰ্চৰ কমাণ্ডৰৰ তিনিটা মিছাইল ৱিংৰ এয়াৰমেন আৰু বায়োমিঙৰ F.E ৱাৰেন বায়ুসেনা ঘাটিৰ মেইণ্টেনেন্স ষ্টাফেও অংশগ্ৰহণ কৰে।  জানিব পৰা মতে, প্ৰায় ৫০ বছৰ পুৰণি এই ক্ষেপনাস্ত্ৰ। ইয়াৰ নতুন সংস্কৰণ চেন্টেনেল ICBM এতিয়া সম্পূৰ্ণ হৈ উঠা নাই।

মে’ মাহত পৰীক্ষণ

মিনিটমেন-৩ৰ শেষৰ পৰীক্ষণ মে’ মাহত পৰীক্ষা কৰা হৈছিল।  বৰ্তমান আমেৰিকাত কেৱল ২০৩০ চনলৈকেহে পৰীক্ষাৰ সময় নিৰ্ধাৰণ কৰা হৈছে।  উল্লেখ্য যে, মিনিটমেন মিছাইলৰ ব্যয় প্ৰায় ৭৮ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে। কিন্তু এতিয়া ই ১৪০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে।

 

অন্য খবৰ পঢ়কঃ চিন্তা বাঢ়িব নেকি ভাৰতৰ? পাকিস্তানে চলাই আছে পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষণ…