শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আমেৰিকাত পাকিস্তানৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে শশী থাৰুৰে, ক’লে…আমি যুদ্ধৰ বাবে আগ্ৰহী নহয় কিন্তু…

পাকিস্তানে দাবী কৰিছিল যে তেওঁলোকে নাজানিছিল ওচামা বিন লাডেন ক'ত আছিল। কিন্তু পাছত লাডেনক সেনা শিবিৰৰ কাষৰ সুৰক্ষিত ঘৰ এটাত পোৱা গৈছিল। এয়াই হৈছে প্ৰকৃত পাকিস্তান।

আমেৰিকাত পাকিস্তানৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে শশী থাৰুৰে, ক’লে…আমি যুদ্ধৰ বাবে আগ্ৰহী নহয় কিন্তু…
শশী থাৰুৰImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 25 May 2025 18:43 PM

অপাৰেশ্যন সেন্দূৰৰ অধীনত বৰ্তমান সমগ্ৰ বিশ্ব ভ্ৰমণত ব্যস্ত আছে ভাৰতৰ সৰ্বদলীয় প্ৰতিনিধি দল। কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ নেতৃত্বত যোৱা দলটোৱে বৰ্তমানলৈ ৩৩ খন দেশ ভ্ৰমণ কৰি ভাৰতৰ সন্ত্ৰাসবাদ সন্দৰ্ভত স্থিতি প্ৰকাশ কৰিছে। আমেৰিকাত উপস্থিত হৈ দলটোৰ নেতৃত্ব প্ৰদান কৰা শশী থাৰুৰে কয় যে, আমেৰিকাৰ দৰে ভাৰতো বাৰে বাৰে সন্ত্ৰাসবাদৰ বলি হৈ আহিছে। মুম্বাইৰ ২৬/১১, উৰি, পহলগাম আদি কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ উল্লেখ কৰি তেওঁ পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ সুনিৰ্দিষ্ট প্ৰমাণৰ ইংগিত দিয়ে।

থাৰুৰে কয় যে, মুম্বাই আক্ৰমণৰ প্ৰমাণ আমাৰ হাতত আছে, পাকিস্তানে ইয়াক নাকচ কৰি আছিল, কিন্তু পাকিস্তানৰ এই অস্বীকাৰ সম্পূৰ্ণ মিছা বুলি প্ৰমাণিত হ’ল। ইয়াৰ পাছত পাকিস্তানে দাবী কৰিছিল যে তেওঁলোকে নাজানিছিল ওচামা বিন লাডেন ক’ত আছিল। কিন্তু পাছত লাডেনক সেনা শিবিৰৰ কাষৰ সুৰক্ষিত ঘৰ এটাত পোৱা গৈছিল। এয়াই হৈছে প্ৰকৃত পাকিস্তান।

প্ৰতিনিধি দলটোৰ নেতৃত্ব দি থকা শশী থাৰুৰে কয় যে , নিজৰ বিশ্বাসযোগ্যতা প্ৰমাণ কৰিবলৈ পাকিস্তানে সুযোগ হেৰুৱাইছে। ২০১৫ চনৰ কাণ্ডৰ কথা উল্লেখ কৰি থাৰুৰে কয়, “২০১৫ চনৰ জানুৱাৰী মাহত ভাৰতীয় বিমানঘাটি আক্ৰমণ কৰা হৈছিল আৰু আমাৰ প্ৰধানমন্ত্ৰীয়ে আগৰ মাহত পাকিস্তান ভ্ৰমণ কৰিছিল। তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক ফোন কৰি কৈছিল, আপুনি কিয় তদন্তত যোগদান নকৰে? আহক তদন্ত কৰি জানো কোনে এই কাম কৰিছে।  ২০১৫ চনটোৱেই আছিল তেওঁলোকৰ আচৰণ, সহযোগিতা আৰু প্ৰকৃততে দেখুৱাবলৈ যে  সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে গুৰুত্বপূৰ্ণ।

কিন্তু ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত উৰিত আক্ৰমণ হৈছিল, তাৰ পিছত আমি  LoC পাৰ হৈ ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিলো। তাৰ পাছত কিছু শান্ত হৈ পৰিছিল। তেওঁ কয় যে, দুৰ্ভাগ্যজনকভাৱে ২০১৯ চনৰ জানুৱাৰী মাহত পুলৱামাত পুনৰ আক্ৰমণ সংঘটিত হৈছিল। আমি আই বি পাৰ হৈ প্ৰতিশোধ লৈছিলো। সন্ত্ৰাসবাদৰ বিষয়ে বাৰ্তা প্ৰেৰণ কৰিবলৈ আমি পাকিস্তানৰ দুৰ্গত আঘাত কৰিছো। বিশ্বাসৰ যোগ্য নহয় পাকিস্তান। আমি যুদ্ধৰ প্ৰতি আগ্ৰহী নহয়, কিন্তু অৰ্থব্যৱস্থাক উন্নত কৰিবলৈ আমি অকলে থকাটোৱেই পচন্দ কৰিম।

উল্লেখ্য যে, ভাৰতীয় প্ৰতিনিধি দলটোৱে ৯/১১ৰ আক্ৰমণত প্ৰাণ হেৰুওৱাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই সময়চোৱাত থাৰুৰে কয় যে, যে আমেৰিকা সন্ত্ৰাসবাদৰ বলি হৈছে। একেদৰে ভাৰতো বাৰে বাৰে এই সন্ত্ৰাসবাদৰ বলি হৈ আহিছে। আমেৰিকাই যি আঘাত পাইছে, আমিও পাইছো। আমি এক সংহতিৰ ভাবনা লৈ আহিছো আৰু এয়াও কব আহিছো যে এয়া এক মিছন।

 

 

অন্য খবৰ পঢ়কঃ অপাৰেশ্যন সেন্দূৰৰ পৰা সিংহৰ সংখ্যা বৃদ্ধিলৈ…’মন কী বাত’ত কি কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে…