অপাৰেশ্যন সেন্দূৰৰ পৰা সিংহৰ সংখ্যা বৃদ্ধিলৈ…’মন কী বাত’ত কি কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে…
দেওবাৰে মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মন কী বাতৰ এয়া আছিল ১২২ সংখ্যক খণ্ড। এই সময়চোৱাত মোদীয়ে বিভিন্ন দিশৰ ওপৰত মন্তব্য কৰে।

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ অনুষ্ঠানত অংশগ্ৰহণ কৰি কেইবাটাও বিষয়ৰ ওপৰত মত প্ৰকাশ কৰে। আজি আছিল মন কী বাতৰ ১২২ সংখ্যক খণ্ড। এই সময়চোৱাত মোদীয়ে অপাৰেশ্যন সেন্দূৰৰ পৰা আৰম্ভ কৰি সন্ত্ৰাসবাদলৈকে বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে। মোদীয়ে কয় যে, আজি সমগ্ৰ দেশ সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈছে। দেশবাসী ক্ষোভিত হৈ আছে। আজি প্ৰতিগৰাকী ভাৰতীয়ৰ সংকল্প এয়াই যে সন্ত্ৰাসবাদ শেষ কৰিব লাগে।
ইয়াৰ পাছতে মোদীয়ে ভাৰতীয় সেনাৰ প্ৰশংসা কৰি কয় যে, ভাৰতীয় সেনাৰ বীৰত্ব তথা সাহসে প্ৰতিগৰাকী ভাৰতীয়ক গৌৰৱান্বিত কৰি তুলিছে। মোদীয়ে কয় যে, কিছুদিন পূৰ্বে ৰাইজিং নৰ্থ ইষ্ট ছামিটলৈ গৈছিলো আৰু তাতে অষ্টলক্ষ্মী মহোৎসৱৰ বিষয়ে তথ্য লাভ কৰিছিলো। ইয়াৰ পাছতে মোদীয়ে ছিক্কিমৰ ডাঃ চেৱাং নৰ্বু ভুটিয়াৰ উদাহৰণ দি কয় যে, ভূটিয়াই ক্ৰাফ্টেড ফাইবাৰক ব্ৰেণ্ড কৰি তুলিছে। এই বয়ন পৰম্পৰাক তেওঁ নতুন মাত্ৰা প্ৰদান কৰিছে। পেছাত পশু চিকিৎসক ভুটিয়াই বহু গ্ৰাম্য মহিলাক এই কামৰ লগত জড়িত কৰিছে। ইয়াৰ অধীনত হস্তশিল্পৰ জৰিয়তে চাদৰ, ষ্টোল, গ্লভছ, মোজাৰ দৰে বস্তু তৈয়াৰ কৰা হয়।
অপাৰেশ্যন সেন্দূৰ
মোদীয়ে কয় যে, অপাৰেশ্যন সেন্দূৰৰ সময়ত ভাৰতীয় সেনাই বীৰত্ব প্ৰদৰ্শন কৰিছে আৰু সেই বীৰত্বই প্ৰতিগৰাকী ভাৰতীয় সেনাক গৌৰৱান্বিত কৰি তুলিছে। সীমান্তৰ সিটোপাৰে থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ আমাৰ সেনাই ধ্বংস কৰি পেলাইছে। অপাৰেশ্যন সেন্দূৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলি থকা যুঁজখনক নতুন আত্মবিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে।
মোদীয়ে কয় যে, অপাৰেশ্যন সেন্দূৰ কেৱল সামৰিক অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তিত ভাৰতৰ ছবি। ইমানেই নহয়, এই ছবিয়ে সমগ্ৰ দেশৰ দেশভক্তি মনোভাবৰে ভৰাই তুলি ত্ৰিৰংগাৰ ৰঙেৰে ৰঙীণ কৰি তুলিছে।
কাতেঝাৰি গাঁও
মোদীয়ে কয় যে, বাছেৰে কোনো ঠাইলৈ অহা-যোৱা কৰা সামান্য কথা। মই আপোনালোকক এখন গাঁৱৰ কথা ক’ব বিচাৰিছো, য’ত প্ৰথমবাৰৰ বাবে এখন বাছ গৈছিল। বছৰ বছৰ ধৰি এই দিনটোৰ বাবে সেই গাঁৱৰ মানুহে অপেক্ষা কৰি আছিল। প্ৰথমবাৰৰ বাবে বাছখন গাঁৱত উপস্থিত হোৱাৰ লগে লগে মানুহে ঢোল বজাই আদৰণি জনাইছিল।
এই ঠাইখন মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাত আছে। এই গাঁৱখনৰ নাম কাতেঝাৰি। এই গাঁওখন মাওবাদী হিংসাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। কিন্তু এতিয়া লাহে লাহে এই গাঁৱখনৰ পৰিবেশ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে।
ফলাফলৰ ওপৰত আলোচনা
মোদীয়ে মন কী বাতত চত্তীশগড়ত অনুষ্ঠিত হোৱা বস্তৰ অলিম্পিক আৰু মাওবাদী ক্ষতিগ্ৰস্ত অঞ্চলৰ বিজ্ঞান লেবৰ বিষয়ে আলোচনা কৰে। তেওঁ কয় যে, অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিজ্ঞানৰ প্ৰতি ধাউতি আছে। তেওঁলোক ক্ৰীড়াৰ ক্ষেত্ৰখনতো ভাল। এনে প্ৰচেষ্টাই এই অঞ্চলসমূহত বসবাস কৰা লোকসকল কিমান সাহসী সেই কথা প্ৰকাশ কৰে। এইসকল লোকে সকলো প্ৰত্যাহ্বানৰ মাজতে নিজৰ জীৱন উন্নত কৰাৰ পথ বাছি লৈছে। লগতে কয় যে, দশম আৰু দ্বাদশ পৰীক্ষাৰ ফলাফল উৎকৃষ্ট হোৱা বুলি জানিও মই অতিশয় আনন্দিত হৈছো।
সিংহৰ সংখ্যা বৃদ্ধি
কেৱল যোৱা পাঁচ বছৰত গুজৰাটৰ গিৰত সিংহৰ সংখ্যা ৬৭৪ৰ পৰা ৮৯১লৈ বৃদ্ধি পাইছে। ইয়াৰোপৰি গুজৰাট প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে য’ত মহিলাক বৃহৎ পৰিসৰত বন বিষয়া পদত নিয়োগ কৰা হৈছিল।
অন্য খবৰ পঢ়কঃ মোদীৰ সকীয়নিৰ পাছত পাকিস্তানত হাহাকাৰ, বিচাৰিছে আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ সহায়…