শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাংলাদেশত পুনৰ হিন্দুৰ ওপৰত অত্যাচাৰ, চোকা অস্ত্ৰৰে আক্ৰমণ কৰি জ্বলাই দিয়াৰ চেষ্টা যুৱকক

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২৪ চনৰ আগষ্ট মাহত অন্তৱৰ্তীকালীন চৰকাৰখন ক্ষমতালৈ অহাৰ পিছত সংখ্যালঘুৰ বিৰুদ্ধে ২৯০০ৰো অধিক হিংসাত্মক কাণ্ড সংঘটিত হৈছে। মানৱ অধিকাৰ সংগঠন (HRCBM)ৰ এক প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ জুনৰ পৰা ডিচেম্বৰৰ ভিতৰত হিন্দুসকলৰ বিৰুদ্ধে ৭১টা হিংসাৰ গোচৰ ৰুজু হৈছে।

বাংলাদেশত পুনৰ হিন্দুৰ ওপৰত অত্যাচাৰ, চোকা অস্ত্ৰৰে আক্ৰমণ কৰি জ্বলাই দিয়াৰ চেষ্টা যুৱকক
বাংলাদেশত হিন্দুক নিৰ্যাতনImage Credit source: PTI/AP
raj-saikia
Raj Saikia | Published: 01 Jan 2026 18:40 PM

বাংলাদেশত ধাৰাবাহিকভাৱে অত্যাচাৰৰ বলি হ’বলগীয়া হৈছে সংখ্যালঘু হিন্দুসকল। এইবাৰ পুনৰ আন এজন হিন্দু যুৱকক মাৰাত্মক আক্ৰমণ পদ্মাৰ পাৰত। শ্বৰীয়তপুৰৰ টিলয়ত দুৰ্বৃত্তৰ এটা দলে খোকন দাসক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। আক্ৰমণৰ পিছত যুৱকজনৰদেহত জুই লগাবলৈ চেষ্টা কৰে দুৰ্বিত্তই। দুদিন পূৰ্বে মৈমনচিং জিলাত ৪০ বছৰীয়া বিজেন্দ্ৰ বিশ্বাসক হত্যা কৰা হৈছিল।

ইয়াৰ পূৰ্বে দীপু চন্দ্ৰ দাস আৰু অমৃত মণ্ডলক হত্যা কৰা হৈছিল। বাংলাদেশত হিন্দু সংখ্যালঘুৰ ওপৰত হিংসা বৃদ্ধি পাইছে। বিগত কিছুদিনত কেইবাজনো হিন্দুক হত্যা কৰা হৈছে দেশখনত। ছাত্ৰ নেতা ওছমান শ্বৰীফ হাদীৰ মৃত্যুত বাংলাদেশত অশান্তি বৃদ্ধি পায়। কেইবাখনো জিলাত হিন্দুৰ ঘৰত অগ্নিসংযোগৰ ঘটনাও সংঘটিত হৈছে।

১৮ ডিচেম্বৰত ডিপু চন্দ্ৰ দাসক হত্যা কৰা হৈছিল। মৈমনচিং জিলাৰ ভালুকাত উন্মত্ত লোকৰ এটা দলে তেওঁক প্ৰহাৰ কৰি হত্যা কৰে। ছয় দিনৰ পাছত ২৪ ডিচেম্বৰত অমৃত মণ্ডলক হত্যা কৰা হয়। চট্টগ্ৰামৰ ৰাউজানত কেইবাটাও হিন্দু পৰিয়ালৰ ঘৰত অগ্নিসংযোগ কৰা হয়। এই গোচৰৰ সৈতে জড়িত দুই এজন লোকক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

মৈমনচিং জিলাত হিন্দু জনসংখ্যা হ্ৰাস

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২৪ চনৰ আগষ্ট মাহত অন্তৱৰ্তীকালীন চৰকাৰখন ক্ষমতালৈ অহাৰ পিছত সংখ্যালঘুৰ বিৰুদ্ধে ২৯০০ৰো অধিক হিংসাত্মক কাণ্ড সংঘটিত হৈছে। মানৱ অধিকাৰ সংগঠন (HRCBM)ৰ এক প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ জুনৰ পৰা ডিচেম্বৰৰ ভিতৰত হিন্দুসকলৰ বিৰুদ্ধে ৭১টা হিংসাৰ গোচৰ ৰুজু হৈছে। মৈমনচিঙৰ দৰে জিলাত, য’ত এসময়ত হিন্দু জনসংখ্যাৰ সংখ্যা ৭৮% আছিল, তেনে জিলাত এতিয়া এই সংখ্যা মাত্ৰ ৯% লৈ হ্ৰাস পাইছে।

এইবাৰ হিংসাত্মক ঘটনাত ১৮৪ জন নিহত

বাংলাদেশত হিংসা আৰু অগ্নিসংযোগৰ ঘটনাই আতংকিত কৰি তুলিছে মানুহক। ১২ ডিচেম্বৰত ঢাকাত ইনকিলাব মঞ্চৰ নেতা শ্বৰীফ ওছমান হাদীক গুলীয়াই হত্যা কৰা হৈছিল আৰু ছিংগাপুৰত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল। হাদীৰ ওপৰত হোৱা আক্ৰমণৰ পিছত ক্ষুব্ধ জনতাই জনপ্ৰিয় বাতৰি কাকত ডেইলী ষ্টাৰ আৰু প্ৰথম আলোৰ কাৰ্যালয়ত জুই লগাই দিয়ে।

মহম্মদ ইউনুছৰ কাৰ্যালয়ে উল্লেখ কৰিছে যে উৰাবাতৰি বা অভিযোগৰ ভিত্তিত হিংসা কৰাটো ভুল আৰু ইয়াক সহ্য কৰা নহ’ব। ইফালে, মানৱ অধিকাৰ সংস্থা আইন অ’ ছালিশ কেন্দ্ৰৰ তথ্য অনুসৰি ২০২৫ চনত বাংলাদেশত এতিয়ালৈকে ১৮৪ জন লোকে হিংসাত্মক ঘটনাত প্ৰাণ হেৰুৱাইছে।