শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ফৌজদাৰী সংস্কাৰ আৰু জনকল্যাণত দেশৰ ভিতৰতে শীৰ্ষত অসম, নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰীয়ে দিলে খতিয়ান

অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সাফল্যৰ খতিয়ান দাঙি ধৰে। অসম বৰ্তমান আৰক্ষী প্ৰশাসনৰ আমূল পৰিৱৰ্তন, দ্ৰুত নিযুক্তি প্ৰক্ৰিয়া আৰু জনকল্যাণমূলক আঁচনিৰ সফল ৰূপায়ণেৰে দেশৰ ভিতৰতে এক আদৰ্শ ৰাজ্য হিচাপে থিয় দিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

ফৌজদাৰী সংস্কাৰ আৰু জনকল্যাণত দেশৰ ভিতৰতে শীৰ্ষত অসম, নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰীয়ে দিলে খতিয়ান
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook/Himanta Biswa Sarma
monjit-dutta
Monjit Dutta | Updated On: 01 Jan 2026 19:48 PM

নৱবৰ্ষ ২০২৬ৰ প্ৰথম দিনটোতে আজি ‘নতুন দিনৰ আলাপ’ শীৰ্ষক অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক আৰু জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সাফল্যৰ খতিয়ান দাঙি ধৰে। অসম বৰ্তমান আৰক্ষী প্ৰশাসনৰ আমূল পৰিৱৰ্তন, দ্ৰুত নিযুক্তি প্ৰক্ৰিয়া আৰু জনকল্যাণমূলক আঁচনিৰ সফল ৰূপায়ণেৰে দেশৰ ভিতৰতে এক আদৰ্শ ৰাজ্য হিচাপে থিয় দিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

ফৌজদাৰী ন্যায় ব্যৱস্থাত আমূল পৰিৱৰ্তন

মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে তিনিখন নতুন ফৌজদাৰী আইন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অসম বৰ্তমান দেশৰ ভিতৰত প্ৰথম স্থানত আছে। ২০২১ চনৰ তুলনাত ৰাজ্যত অপৰাধৰ সংখ্যা ১.৩৩ লাখৰ পৰা ৪৩,৭৪৮লৈ হ্ৰাস পাইছে বুলিও তেওঁ কয়। গোচৰৰ চাৰ্জশ্বিট দাখিলৰ হাৰ ৮১ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে দোষী সাব্যস্তকৰণৰ হাৰ ৬ শতাংশৰ পৰা ২৬.৩৮ শতাংশলৈ বৃদ্ধি পাইছে।

ড্ৰাগছ বিৰোধী অভিযানত যোৱা পাঁচ বছৰত ২,৯০০ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে বুলি তথ্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে, অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি চিনাক্তকৰণৰ এসপ্তাহৰ ভিতৰত তেওঁলোকক বহিষ্কাৰ কৰাৰ ব্যৱস্থা লোৱা হ’ব বুলি তেওঁ ঘোষণা কৰে।

নিযুক্তি আৰু অৰ্থনৈতিক বিকাশ

নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে এক অভিলেখ সৃষ্টি কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে ১.৪৬ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা হৈছে আৰু অতি সোনকালে এই সংখ্যাই ১.৫ লাখ অতিক্ৰম কৰিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা, চৰকাৰৰ লক্ষ্য হৈছে ২ লাখ নিযুক্তি সম্পূৰ্ণ কৰা।

ইয়াৰ উপৰিও ১ লাখ যুৱক-যুৱতীক স্ব-নিযুক্তিৰ বাবে ঋণ প্ৰদান কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে তথ্য প্ৰকাশ কৰে। কৃষি খণ্ডত ধান ক্ৰয়ৰ পৰিমাণ ২০ শতাংশৰ পৰা ৮০ শতাংশলৈ বৃদ্ধি পাইছে আৰু এনে পদক্ষেপে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰিছে বুলি লগতে উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

সামাজিক কল্যাণ আৰু স্বাস্থ্য খণ্ডত নতুন মাত্ৰা

অৰুণোদয় আঁচনিৰ অধীনত ফেব্ৰুৱাৰী মাহত ৩৮ লাখ উপভোক্তাই ৮,০০০ টকাকৈ সাহায্য লাভ কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে ৩২ লাখ মহিলা ‘মহিলা উদ্যমিতা’ আঁচনিৰ দ্বাৰা লাভান্বিত হৈছে বুলি তেওঁ তথ্য প্ৰকাশ কৰে। ইফালে অহা ফেব্ৰুৱাৰী মাহৰ পৰা চৰকাৰে ‘বাবু আঁচনি’ নামৰ এক নতুন আঁচনি ঘোষণা কৰিছে।

এই নতুন আঁচনিৰ অধীনত স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীক মাহিলি ২,০০০ টকা আৰু স্নাতক ছাত্ৰ-ছাত্ৰীক ১,০০০ টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব। অসমত ইতিমধ্যে ৯খন কৰ্কট হাস্পতাল কাৰ্যক্ষম হৈ উঠিছে বুলি সদৰী কৰি তেওঁ লগতে চৰকাৰী হাস্পতালত ৫০০ কোটি টকা ব্যয় সাপেক্ষে দেশৰ প্ৰথমটো প্ৰটন থেৰাপি মেচিন স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি উল্লেখ কৰে।

ভূমি অধিকাৰ আৰু অন্যান্য সফলতা

‘মিছন বসুন্ধৰা’ৰ জৰিয়তে ইতিমধ্যে ৰাজ্যৰ ৩ লাখ লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা হৈছে বুলি সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। চাহ শ্ৰমিকসকলক ভূমি আবণ্টনৰ ক্ষেত্ৰত যিবোৰ চাহ বাগিচাৰ মালিকে সহযোগ কৰা নাই, তেওঁলোকক চৰকাৰী ৰেহাই কৰ্তনৰ কঠোৰ সকীয়নী দিছে মুখ্যমন্ত্ৰীয়ে। আনহাতে, ২০২৫ চনত অসমে ‘শূণ্য গঁড় চিকাৰ’ৰ এক ঐতিহাসিক মাইলষ্ট’ন স্পৰ্শ কৰিছে বুলিও তেওঁ কয়।

ৰাজ্যত স্কুলীয়া ড্ৰপ-আউটৰ হাৰো এতিয়া হ্ৰাস পাইছে বুলি সদৰী কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই। লগতে ১৫৬খন নতুন আইন আৰু ২,৫৮৯টা কেবিনেট সিদ্ধান্তৰ জৰিয়তে অসম আজি বিকাশ আৰু সামগ্ৰিক ন্যায়ৰ এক সুদৃঢ় পথত অগ্ৰসৰ হৈছে বুলিও এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।