শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আন্তৰিকতা প্ৰদৰ্শন, সম্পৰ্কত মধুৰতা আহিব নেকি ভাৰত-বাংলাদেশৰ?

ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ ইতিহাস অতি পুৰণি। যদি ভাৰতে বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত থিয় নহ'লহেঁতেন আৰু তেওঁলোকৰ হৈ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ নকৰিলেহেঁতেন তেন্তে চুবুৰীয়া দেশখন স্বাধীন নহ’লহেঁতেন ৷ ক্ষমতাত থকা চৰকাৰ নিৰ্বিশেষে বহু দশক ধৰি মাজত ভাল সম্পৰ্ক আছিল দুয়োখন দেশৰ। শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত ছন্দ সলনি হ’ল।

খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আন্তৰিকতা প্ৰদৰ্শন, সম্পৰ্কত মধুৰতা আহিব নেকি ভাৰত-বাংলাদেশৰ?
বাংলাদেশত এছ জয়শংকৰImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 01 Jan 2026 14:26 PM

খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ। অন্ত্যেষ্টিক্ৰিয়াত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানৰ কাষত থিয় দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখা এখন শ্ৰদ্ধাপূৰ্বক চিঠি প্ৰদান কৰে ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে। কূটনীতিবিদসকলে কয় যে বিএনপি নেতাগৰাকীৰ সৈতে এই সাক্ষাৎ আৰু তেওঁৰ জীৱনৰ কঠিন সময়ত তাৰিকৰ কাষত থিয় দিবলৈ ভাৰতে যি আন্তৰিকতা দেখুৱাইছে, সেইটোৱে দুয়োখন দেশৰ সম্পৰ্কত এক টাৰ্নিং পইণ্ট কঢ়িয়াই আনিব পাৰে। তিক্ত সম্পৰ্কটো আকৌ আগৰ দৰে মধুৰ হ’ব পাৰে।

পশ্চিম বংগৰ জলপাইগুৰিৰ কন্যা খালেদা জিয়া বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়। বিএনপি নেত্ৰী খালেদা জিয়াৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শোক প্ৰকাশ কৰে। ইয়াৰ পিছতে বিদেশ মন্ত্ৰণালয়ে প্ৰকাশ কৰে যে অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব বিদেশ মন্ত্ৰী এছ জয়শংকৰ। দেশখনৰ এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ বিদেশ মন্ত্ৰীৰ উপস্থিতি অতি তাৎপৰ্যপূৰ্ণ আৰু অভূতপূৰ্ব। বিশেষকৈ যদি সেই দেশ বাংলাদেশ হয়।

ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ ইতিহাস অতি পুৰণি। যদি ভাৰতে বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত থিয় নহ’লহেঁতেন আৰু তেওঁলোকৰ হৈ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ নকৰিলেহেঁতেন তেন্তে চুবুৰীয়া দেশখন স্বাধীন নহ’লহেঁতেন ৷ ক্ষমতাত থকা চৰকাৰ নিৰ্বিশেষে বহু দশক ধৰি মাজত ভাল সম্পৰ্ক আছিল দুয়োখন দেশৰ। শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত ছন্দ সলনি হ’ল।

২০২৪ চনৰ আগষ্ট মাহত যেতিয়া শ্বেখ হাছিনাই গণ বিদ্ৰোহৰ সন্মুখত নতজানু হৈ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু নিজৰ জীৱন ৰক্ষাৰ বাবে ভাৰতত আশ্ৰয় লৈছিল, তেতিয়া দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অৱনতি ঘটিবলৈ আৰম্ভ কৰে। বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত চলি থকা অত্যাচাৰ আৰু ভাৰতৰ বিভিন্ন প্ৰান্ত দখল কৰাৰ অহৰহ ভাবুকিৰ ফলত দুয়োখন দেশৰ মাজত সম্পৰ্কই ফাট মেলে। কিছুদিন পূৰ্বে ওছমান হাদীৰ হত্যাকাণ্ডৰ পাছতো বাংলাদেশে ভাৰতলৈ আঙুলি টোঁৱাই, আৰু বাংলাদেশৰ নেতাই ভাৰতৰ সাত ভনীক দখল কৰাৰ ভাবুকি দিয়ে। সেই সময়তে খালেদা জিয়াৰ মৃত্যুত হঠাৎ সম্পর্কৰ সমীকৰণ সলনি হৈ গ’ল ৷

বাংলাদেশ এতিয়া অন্তৱৰ্তীকালীন চৰকাৰৰ নিয়ন্ত্ৰণত আছে। অহা ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় নিৰ্বাচন। বৰ্তমান বাংলাদেশত যিহেতু আৱামী লীগ নিষিদ্ধ, গতিকে একমাত্ৰ প্ৰতিষ্ঠিত শক্তিশালী ৰাজনৈতিক দলটো হ’ল খালেদা জিয়াৰ বাংলাদেশ নেচনেলিষ্ট পাৰ্টি বা বিএনপি। খালেদা জিয়াৰ অবৰ্তমানত এতিয়া তেওঁৰ পুত্ৰ তাৰিক ৰহমান দলৰ দায়িত্বত আছে। বাংলাদেশত যদি নিকা নিৰ্বাচন হয় তেন্তে বিএনপিৰ জয়ৰ সম্ভাৱনা বেছি। তাৰিক ৰহমান প্ৰধানমন্ত্ৰীও হ’ব পাৰে। আৰু তাতেই ভাৰতৰ সৈতে পুনৰ সম্পৰ্ক উন্নত কৰাৰ আশা নিহিত হৈ আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ বছৰ পূৰ্বে বেগম খালেদা জিয়াৰ সৈতে হোৱা বৈঠক আৰু দুয়োখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ কথাও পত্ৰত উল্লেখ কৰিছে। বৈদেশিক মন্ত্ৰীগৰাকীয়েও তাৰিক ৰহমানৰ সৈতে সাক্ষাৎ কৰি খালেদা জিয়াৰ অৱদানৰ কথা স্মৰণ কৰে, আৰু ভৱিষ্যতে দুয়োখন চুবুৰীয়া দেশৰ মাজৰ সম্পৰ্ক পুনৰ সুদৃঢ় হ’ব বুলি আশা প্ৰকাশ কৰে।

কেৱল কূটনীতিবিদসকলেহে দুয়োখন দেশৰ সম্পৰ্ক উন্নত কৰাৰ আশা দেখা নাই, বাংলাদেশৰ উচ্চায়ুক্তগৰাকীয়েও এই কথা কৈছে। বৈদেশিক মন্ত্ৰী জয়শংকৰৰ চাৰি ঘণ্টীয়া ক্ষন্তেকীয়া ভ্ৰমণৰ সন্দৰ্ভত ৰিয়াজ হামিদুল্লাই লিখিছে, “ভাৰত আৰু বাংলাদেশে পাৰস্পৰিক স্বাৰ্থ, বাস্তৱতা আৰু আন্তঃনিৰ্ভৰশীলতাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ সম্পৰ্কত এক নতুন অধ্যায় লিখিবলৈ বিচাৰিব, যিটো বিএনপিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানৰ সৈতে হোৱা চমু আলোচনাত প্ৰকাশ পাইছে।”

আনহাতে, বৈদেশিক মন্ত্ৰী জয়শংকৰে বাংলাদেশৰ মাটিত পাকিস্তানৰ সংসদৰ অধ্যক্ষ চৰ্দাৰ আয়াজ ছাদিকৰ সৈতেও সাক্ষাৎ কৰে। অপাৰেচন সেন্দূৰৰ পিছত এয়া আছিল প্ৰথম সাক্ষাৎ। এই সাক্ষাৎ দুই নেতা-মন্ত্ৰীৰ মাজত মানুহেৰে ভৰা কোঠা এটাত হৈছিল যদিও চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, ই এক সৌজন্যতাৰ বাহিৰে আন একো নাছিল।

শেহতীয়াকৈ বাংলাদেশৰ সৈতে পাকিস্তানৰ বন্ধুত্ব বৃদ্ধি পোৱাৰ ধৰণে ভাৰতত যথেষ্ট চিন্তাৰ উদ্ৰেক ঘটাইছে। কিন্তু বাণিজ্য আৰু খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত ভাৰতৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল বাংলাদেশ। কূটনীতিবিদসকলৰ মতে তাৰিকৰ সহায়ত চুবুৰীয়া দুয়োখন দেশে পুনৰ নতুন অধ্যায় ৰচনা কৰিব পাৰে।