শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৩৪গৰাকী পৰ্যটকে…

এক ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে প্ৰায় ৩৪ জন লোকে। জানিব পৰা মতে, এই লোকসকল পৰ্যটক আছিল। কিন্তু হঠাতে অহা ধুমুহাৰ ফলত প্ৰাণ হেৰুৱাই আটাইয়ে।

ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৩৪গৰাকী পৰ্যটকে…
নাও (প্ৰতীকী ফটো)Image Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 20 Jul 2025 15:54 PM

এক ভয়ংকৰ দুৰ্ঘটনা। পৰ্যটকৰ নাও বাগৰি মৃত্যু হয় প্ৰায় ৩৪ জন লোকৰ। শনিবাৰে ভিয়েটনামত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, বহু পৰ্যটকে পৰ্যটনস্থলী ভ্ৰমণ কৰি থকাৰ সময়ত অহা ধুমুহাৰ ফলত এখন পৰ্যটক নাও বাগৰি পৰে। যাৰ ফলত ৩৪ গৰাকী লোকৰ মৃত্যু হয়। তথ্য অনুসৰি ৱাণ্ডাৰ ছি নাওখনে ৪৮ জন যাত্ৰী আৰু ৫ জন ক্ৰু সহায়ত মুখ্য পৰ্যটন স্থলী হা লং বে’লৈ যাত্ৰা কৰি আছিল।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি উদ্ধাৰ কৰ্মীয়ে ১১ জন লোকক সুকলমে উদ্ধাৰ কৰে। ইয়াৰ বিপৰীতে নাওৰ ওচৰৰ পৰা বাকীসকলৰ মৃতদেহ উদ্ধাৰ কৰে। প্রতিবেদন অনুসৰি প্রচণ্ড বতাহৰ ফলত নাওখন বাগৰি পৰে। উদ্ধাৰকাৰী দলে প্ৰাণ ৰক্ষা কৰাসকলৰ ভিতৰত আছে ১৪ বছৰীয়া কিশোৰ,  এই কিশোৰজন নাওখনত আৱদ্ধ হৈ পৰাৰ ৪ ঘন্টা পাছত উদ্ধাৰ হৈছিল।

তথ্য অনুসৰি, প্ৰায় ২০টা শিশুকে ধৰি অধিকাংশ যাত্ৰী দেশখনৰ ৰাজধানী হানয়ৰ পৰা অহা পৰ্যটক। ইয়াৰ মাজতে অঞ্চলটোত পুনৰ ধুমুহা আহিব পাৰে। ৰাষ্ট্ৰীয় বতৰ পূৰ্বাভাসৰ মতে অহা সপ্তাহত হা লং বে’ উপকূলকে ধৰি ভিয়েটনামৰ উত্তৰ অঞ্চলত ভিফা আমফানে আঘাত কৰাৰ সম্ভাৱনা আছে। তেনে অঞ্চলত অঞ্চলটোত ধাৰাসাৰ বৰষুণৰ লগতে, বতাহ অহাৰ সম্ভাৱনা আছে।

১১ জন লোকক উদ্ধাৰ

ঘটনাৰ লগে লগে উক্ত স্থানত উদ্ধাৰকাৰী দল উপস্থিত হয়। বহু সময় ধৰি চলা অভিযানৰ অন্তত উদ্ধাৰ কৰা হয় ১১ জন লোকক। প্ৰথম অৱস্থাত ১২ জন লোকক উদ্ধাৰ কৰা বুলি কোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত আনুষ্ঠানিক বিবৃতি দি ১১ জনৰ প্ৰাণ ৰক্ষা কৰা বুলি স্পষ্টীকৰণ দিয়ে। একাংশ সংবাদ মাধ্যমৰ খবৰ অনুসৰি,  ২৩ জন লোক নিৰুদ্দেশ হৈ আছে। আনহাতে বাকীসকলৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

ধুমুহাৰ সতৰ্কবাণী জাৰি কৰা হৈছে

জীৱিতসকলৰ ভিতৰত আছে এটি ১৪ বছৰীয়া কিশোৰ। উলটি যোৱা নাওখনৰ ভিতৰত চাৰি ঘণ্টা ধৰি আবদ্ধ হৈ থকাৰ পিছত তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। খবৰ অনুসৰি, অধিকাংশ পৰ্যটক ৰাজধানী হানয়ৰ। ইয়াৰে প্ৰায় ২০ জন শিশু। একে সময়তে ভিয়েটনামৰ বতৰ বিজ্ঞান বিভাগেও গ্রীষ্মমণ্ডলীয় ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে, যি অহৰহ অঞ্চলটোৰ দিশে গতি কৰি আছে। বতৰ বিজ্ঞান বিভাগে জনাইছে যে অহা সপ্তাহত হা লং বে’ উপকূলকে ধৰি উত্তৰ ভিয়েটনামত আমফান উইফায়ে আঘাত হানিব। গতিকে এনে সময়ত পৰ্যটককে ধৰি সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে।

 

অন্য খবৰ পঢ়কঃ RIC: সলনি হ’ব নেকি বিশ্ব ৰাজনীতি? একত্ৰিত হোৱাৰ দিশে ৰাছিয়া-ভাৰত আৰু চীন…