শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ধিঙত তৃতীয় দিনাও অব্যাহত উচ্ছেদ অভিযান, ৫৬৫ টা পুখুৰী উচ্ছেদ

ধিঙত তৃতীয় দিনাও অব্যাহত উচ্ছেদ অভিযান, ৫৬৫ টা পুখুৰী উচ্ছেদ

manas-borah
Manas Borah | Published: 19 Dec 2025 19:12 PM

ধিঙৰ টুকটুকি, ছালনাবড়ী, ৰৌ-মাৰী, আৰু আহোমগাঁৱৰ পিছত আজি চতুৰ্থ দিনা উচ্ছেদ চলিল গেৰেকণী বিলত। গেৰেকণী বিলৰ প্ৰায় ৮০ বিঘা ভূমি একাংশ মীন পালকে পুখুৰী বনাই নিজে মীন পালনৰ ব্যৱহাৰ কৰি আহিছিল।

ধিঙৰ গেৰেকণী বিলত আজি পুৱা ৮ বজাৰ পৰা প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হয়। ধিঙৰ টুকটুকি, ছালনাবড়ী, ৰৌ-মাৰী, আৰু আহোমগাঁৱৰ পিছত আজি চতুৰ্থ দিনা উচ্ছেদ চলিল গেৰেকণী বিলত। গেৰেকণী বিলৰ প্ৰায় ৮০ বিঘা ভূমি একাংশ মীন পালকে পুখুৰী বনাই নিজে মীন পালনৰ ব্যৱহাৰ কৰি আহিছিল।

আজি পুৱা নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰে। আজিৰ এই উচ্ছেদত প্ৰশাসনে দুখন জেচিবিৰ ওপৰিও চাৰি শতাধিক শ্ৰমিকক নিয়োগ কৰা দেখা যায়।