Morning News: প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পৰা বিশ্বকাপৰ দল ঘোষণালৈ, থোৰতে চাওক পুৱাৰ মুখ্য খবৰসমূহ
দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰিব। তেওঁ লগতে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোটৰ ভূমি পূজনত অংশ ল’ব।
পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰিব। তেওঁ লগতে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোটৰ ভূমি পূজনত অংশ ল’ব।
- ধিঙৰ কাছখাটিত সংঘটিত ভয়ংকৰ হত্যাকাণ্ডই জোকাৰিছে ৰাজ্য। পাৰিবাৰিক কন্দলৰ বাবেই এগৰাকী ব্যক্তিয়ে শুই থকা অৱস্থাতে দাৰে ঘপিয়াই হত্যা কৰে নিজ পত্নী আৰু দুই সন্তানক। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত এমদাদুল ইছলামক।
- ভূমি বেদখলৰ বিৰুদ্ধে ধিঙত অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান। নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে কালি ধিঙৰ গেৰেকণী বিলত উচ্ছেদ অভিযান চলায়। একাংশ লোকে বিলৰ এক বৃহৎ অংশত পুখুৰী বনাই ব্যক্তিগতভাৱে ব্যৱহাৰ কৰি আহিছিল।
- আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে ৰাজ্যৰ ৭ খন জিলাত দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল গাহৰি মাংসৰ ব্যৱসায়। অৱশ্যে এই ৰোগ হ্ৰাস পোৱাৰ দোহাই দি ৰাজ্যৰ পশুপালন বিভাগে গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাতিল কৰিছে।
- এমএনৰেগাৰ স্থানত নতুন জি ৰাম জি বিলে সংসদত লাভ কৰিলে অনুমোদন। এই বিধেয়কক লৈ সংসদত বিতৰ্কৰ সূচনা হোৱাৰ পিছত এতিয়া আন্দোলনৰ বাবে সাজু হৈছে বিৰোধী কংগ্ৰেছ। অহা ২৭ ডিচেম্বৰত আন্দোলনৰ ব্লুপ্ৰিণ্ট প্ৰস্তুতৰ বাবে কংগ্ৰেছে কৰ্মী সমিতিৰ বৈঠক আহ্বান কৰিছে।
- পুনৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশ। যুৱ নেতা ওছমান হাদীৰ হত্যাকাণ্ডৰ পিছত দেশখনত অশান্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। উল্লেখ্য যে বাংলাদেশৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল আৱামী লীগৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ দাবী তোলা অন্যতম এগৰাকী ব্যক্তি আছিল এই ওছমান হাদী।
- দক্ষিণ আফ্ৰিকাৰ বিপক্ষে টি-২০ শৃংখলাত জয় লাভ কৰিছে ভাৰতে। কালি আহমেদাবাদত অনুষ্ঠিত হোৱা শৃংখলাৰ অন্তিম মেচত জয়ৰ লগে লগে ভাৰতে পাঁচখনীয়া মেচৰ শৃংখলাটো নিজৰ দখললৈ আনে।
- অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে আজি ঘোষণা হ’ব ভাৰতীয় দল। মুম্বাইত বিচিচিআইৰ কাৰ্যালয়ত বৈঠক অনুষ্ঠিত হোৱাৰ পিছত মুখ্য নিৰ্বাচক অজিত আগাৰকাৰ আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱে সংবাদমেল যোগে দলটোৰ বিষয়ে সদৰী কৰিব।