বীমা খণ্ডত ঘটিব বৃহৎ পৰিৱৰ্তন, কেন্দ্ৰই আনিছে নতুন বিধেয়ক!
এতিয়াৰ নিয়ম মতে বিদেশী কোম্পানীসমূহে ভাৰতত বীমাৰ ব্যৱসায় কৰিলেও সম্পূৰ্ণ নিয়ন্ত্ৰণ ক্ষমতা লাভ কৰে। কোম্পানীটোৱে সৰ্বাধিক ৭৪ শতাংশ বিনিয়োগৰ অধিকাৰী হোৱাৰ বিপৰীতে আন ভাৰতীয় কোম্পানীৰ অংশীদাৰ হ’ব লাগে।
দেশৰ বীমা খণ্ডত শীঘ্ৰেই দেখা যাব এক বৃহৎ পৰিৱৰ্তন। পূৰ্বৰ নীতি সলনি কৰি ভাৰত চৰকাৰে এতিয়া বীমা খণ্ডত বিদেশী বিনিয়োগৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। ইয়াৰ ফলত এতিয়া ভাৰতীয় বজাৰত বীমা ব্যৱসায়ৰ ক্ষেত্ৰত সম্পূৰ্ণ বিনিয়োগৰ অধিকাৰী হ’ব বিদেশী বিনিয়োগ কোম্পানী। এতিয়াৰ নিয়ম মতে বিদেশী কোম্পানীসমূহে ভাৰতত বীমাৰ ব্যৱসায় কৰিলেও সম্পূৰ্ণ নিয়ন্ত্ৰণ ক্ষমতা লাভ কৰে। কোম্পানীটোৱে সৰ্বাধিক ৭৪ শতাংশ বিনিয়োগৰ অধিকাৰী হোৱাৰ বিপৰীতে আন ভাৰতীয় কোম্পানীৰ অংশীদাৰ হ’ব লাগে।
কিন্তু কেন্দ্ৰই গ্ৰহণ কৰা নতুন বিধেয়ক অনুসৰি এতিয়া বিদেশী কোম্পানীয়ে ভাৰতত বীমাৰ ব্যৱসায়ত কোনো ভাৰতীয় কোম্পানীক অংশীদাৰ হিচাপে নোলোৱাকৈ সম্পূৰ্ণ ১০০ শতাংশ বিনিয়োগ কৰিব পাৰিব। এই নতুন নিয়ম সন্দৰ্ভত সবিশেষ তথ্যৰ বাবে চাওক ভিডিঅ’…
