শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আহমেদাবাদত উৰিল ভাৰতৰ বিজয় ধ্বজা, প্ৰটিয়াছ বাহিনীক ৰোধ কৰি দখল কৰিলে টি-২০ শৃংখলা

উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি ভাৰতে আহমেদাবাদত অনুষ্ঠিত মেচখনত জয় লাভেৰে শৃংখলা হস্তগত কৰে। এইদৰে ভাৰতে টেষ্ট শৃংখলাত শোচনীয় পৰাজয়ৰ পিছত সীমিত অভাৰৰ দুয়োটা শৃংখলাত জয়েৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিপাক্ষিক প্ৰতিদ্বন্দিতাৰ সামৰণি মাৰে।

আহমেদাবাদত উৰিল ভাৰতৰ বিজয় ধ্বজা, প্ৰটিয়াছ বাহিনীক ৰোধ কৰি দখল কৰিলে টি-২০ শৃংখলা
টি-২০ শৃংখলা জয় ভাৰতৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 20 Dec 2025 06:36 AM

আজি ঘোষণা কৰা হ’ব আগন্তুক টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ভাৰতীয় দল। তাৰ পূৰ্বে শুকুৰবাৰে ভাৰতীয় ক্ৰিকেট দলে লাভ কৰিলে বিশেষ সাফল্য। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলে কালি শক্তিশালী প্ৰদৰ্শন আগবঢ়াই ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকাক পাঁচখনীয়া মেচৰ টি-২০ শৃংখলাৰ অন্তিমখন মেচত ৩০ ৰানত পৰাস্ত কৰে। এই জয়েৰে ভাৰতীয় দলে ৩-১ ব্যৱধানত দখল কৰে টি-২০ শৃংখলা। এই দ্বিপাক্ষিক শৃংখলাৰ চতুৰ্থখন মেচ বাতিল হোৱাৰ পিছত শৃংখলা জয়ৰ বাবে ভাৰতক অন্তিম মেচত জয় অনিবাৰ্য হৈ পৰিছিল।

অৱশ্যে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি ভাৰতে আহমেদাবাদত অনুষ্ঠিত মেচখনত জয় লাভেৰে শৃংখলা হস্তগত কৰে। এইদৰে ভাৰতে টেষ্ট শৃংখলাত শোচনীয় পৰাজয়ৰ পিছত সীমিত অভাৰৰ দুয়োটা শৃংখলাত জয়েৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিপাক্ষিক প্ৰতিদ্বন্দিতাৰ সামৰণি মাৰে। শৃংখলাৰ অন্তিম মেচখনত ভাৰতৰ জয়ত উজলি উঠে কেইবাগৰাকীও তাৰকা।

সফল ভাৰতীয় দল

শুভমন গিলৰ অনুপস্থিতিত এই মেচখনত পুনৰ এবাৰ দলত সুযোগ লাভ কৰে সঞ্জু চেমচনে। অভিষেক শৰ্মাৰ সৈতে দলৰ ইনিংছ মুকলি কৰি চেমচনে ঘটায় এক সুন্দৰ আৰম্ভণি। মাত্ৰ ৫.৪ অভাৰত দুয়ো ৬৩ ৰানৰ যুটি বন্ধাৰ পিছত বিদায় লয় অভিষেকে। ফৰ্মত থকা অভিষেকে ২১ বলত ৬টা চাৰি আৰু এটা ছয়েৰে ৩৪ ৰান সংগ্ৰহ কৰে।

ইয়াৰ পিছত চেমচনে তিলকৰ সৈতে যুটি বান্ধি দলীয় স্ক’ৰ ৯৭ ৰানলৈ আগুৱাই নিয়ে। ইনিংছক দীঘলীয়া ৰূপ দিব নোৱাৰিলেও চেমচনে সুযোগৰ সদব্যৱহাৰ কৰি ২২টা বলত ৪টা চাৰি আৰু ২টা ছয়েৰে ৩৭ ৰান সংগ্ৰহ কৰে। অৱশ্যে পুনৰ এবাৰ ব্যৰ্থ হৈ মাত্ৰ ৫ ৰান সংগ্ৰহ কৰি বিদায় লয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে।

তিলক-পাণ্ডিয়াৰ মাৰমুখী বেটিং

সূৰ্যৰ বিদায়ৰ পিছত প্ৰটিয়াছ বলিং আক্ৰমণৰ সমুখত ত্ৰাস হৈ পৰে তিলক বাৰ্মা আৰু হাৰ্দিক পাণ্ডিয়া। দুয়ো ক্ৰীজত খোপনি পুতি মাৰমুখী বেটিঙেৰে দলৰ স্ক’ৰ ২০০ৰ পাৰ কৰায়। বিশেষকৈ হাৰ্দিক পাণ্ডিয়া হৈ পৰে অধিক আক্ৰমণাত্মক। মাত্ৰ ২৫টা বলত পাণ্ডিয়াই ৫টাকৈ চাৰি আৰু ছয়েৰে ২৫২ ষ্ট্ৰাইক ৰেটেৰে ৬৩ ৰান সংগ্ৰহ কৰে।

আনহাতে তিলকে দললৈ সৰ্বাধিক ৭৩ ৰানৰ অৱদান আগবঢ়াই ইনিংছৰ অন্তিম অভাৰত বিদায় লয়। ৪২টা বলত ১০টা চাৰি আৰু এটা ছয়েৰে এই ইনিংছটো সজায় তিলক বাৰ্মাই। শেষলৈ শিৱম ডুবেই ৩টা বলত ১০ ৰান সংগ্ৰহ কৰি দলৰ স্ক’ৰ ২৩১ ৰানলৈ নিয়ে। দক্ষিণ আফ্ৰিকাৰ হৈ কৰ্বিন বস্কে দুটা উইকেট লাভ কৰে।

বলিঙত বুমৰাহ-বৰুণৰ সফলতা

ইফালে এই বৃহৎ স্ক’ৰ অনুসৰণ কৰি দক্ষিণ আফ্ৰিকায়ো সফল আৰম্ভণি ঘটাইছিল। দলটোৰ অপেনাৰদ্বয় ডি ক’ক আৰু হেনৰিকছে মাত্ৰ ৬.৩ অভাৰত ৬৯ ৰান যোগ দি্যে। অৱশ্যে হেনৰিকছৰ বেটৰ পৰা আহে ইয়াৰ মাত্ৰ ১৩ ৰান। তেওঁক বিদায় দি প্ৰথমটো সফলতা আনে বৰুণ চক্ৰৱৰ্তীয়ে।

ইয়াৰ পিছত ক’কে ব্ৰেভিছৰ সৈতে আগুৱাই নিয়ে দলৰ ইনিংছ। পুনৰ এবাৰ আকৰ্ষণীয় বেটিং প্ৰদৰ্শন দাঙি ধৰা অভিজ্ঞ ক’কে মাত্ৰ ৩৫টা বলত ৯টা চাৰি আৰু ৩টা ছয়েৰে দললৈ সৰ্বাধিক ৬৫ ৰান সংগ্ৰহ কৰে। তেওঁক বিদায় দি ভাৰতীয় শিবিৰক সকাহ দিয়ে বুমৰাহে। ইয়ৰ পিছত পাণ্ডিয়াৰ চিকাৰ হয় ব্ৰেভিচ (৩১)।

এই দুই বেটাৰৰ বিদায়ৰ পিছত দক্ষিণ আফ্ৰিকাৰ কোনো এগৰাকী বেটাৰেই ক্ৰীজত বিশেষ দৃঢ়তা দেখুৱাব নোৱাৰিলে। নিজৰ স্পীন যাদুৰ প্ৰটিয়াছ শিবিৰৰ চাৰিটাকৈ উইকেট দখল কৰি বৰুণে ভাৰতীয় দলৰ জয়ৰ পথ সহজ কৰি তোলে। অৱশ্যে উইকেটৰ সফলতাৰ সমান্তৰালকৈ তেওঁ যথেষ্ট খৰচীও বিবেচিত হয়।

বৰুণৰ বিপৰীতে বুমৰাহে মাত্ৰ ১৭ ৰান খৰচ কৰি দুটা উইকেট দখল কৰে। এটাকৈ উইকেট পায় অৰ্শদীপ আৰু পাণ্ডিয়াই। মেচখনত অলৰাউণ্ড প্ৰদৰ্শনৰ সুবাদত পাণ্ডিয়া মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। আনহাতে ৪ খন মেচত মুঠ ১০টা উইকেট দখল কৰা বৰুণ চক্ৰৱৰ্তীয়ে শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।