এইসমূহ খাদ্য অত্যধিক খালে ক্ষতি হ’ব পাৰে বৃক্কৰ

20 DEC 2025

TV9 ASSAM

দেহৰ গুৰুত্বপূৰ্ণ অংগ বৃক্কৰ স্বাস্থ্য অটুট ৰাখিবলৈ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। কিছুমান খাদ্য অধিক পৰিমাণে খালে বৃক্কৰ ক্ষতি হ’ব পাৰে।

বৃক্ক

অধিক চেনি দেহৰ বাবে অপকাৰী বুলি সততে কোৱা হয়। সেইদৰে চেনিযুক্ত পানীয় মেদবহুলতা, ডায়েবেটিছৰ কাৰণ হ’ব পাৰে, ফলত পিছলৈ বৃক্কৰ ক্ষতিৰ সম্ভাৱনা থাকে।

চেনিযুক্ত পানীয়

অধিক তেলত ভজা খাদ্য যথেষ্ট পৰিমাণে অস্বাস্থ্যকৰ চৰ্বি থাকে। সেয়ে অত্যধিক মাত্ৰাত এনে খাদ্য খোৱাৰ ফলত মেদবহুলতা আৰু বৃক্কৰ ক্ষতি হয়।

তেলত ভজা খাদ্য

প্ৰচেছড মাংসত ছডিয়াম আৰু সংৰক্ষক পদাৰ্থৰ পৰিমাণ অধিক পৰিমাণে থাকে। সেয়ে নিয়মিত এনে খাদ্য খোৱাৰ ফলত বৃক্কৰ ওপৰত চাপ বৃদ্ধি পাব পাৰে।

প্ৰচেছড মাংস

অতিমাত্ৰা ৰেড মিট খালে দেহত অপ্ৰয়োজনীয় পদাৰ্থ অতিৰিক্তভাৱে জমা হয়, ইয়াৰ ফলত বৃক্কত চাপ পৰে আৰু পিছলৈ অধিক ক্ষতিৰ সম্ভাৱনা থাকে।

ৰেড মিট

অতিৰিক্ত নিমখে ৰক্তচাপ বৃদ্ধি কৰে। ইয়াৰ ফলত বৃক্কৰ কাৰ্যক্ষমতাও ক্ষতিকাৰক হ’ব পাৰে। সেয়ে কেঁচা নিমখৰ লগতে অধিক নিমখ দিয়া যিকোনো খাদ্য কমাব লাগে।

নিমখ

পঢ়িবলৈ ক্লিক কৰক 

হৃদযন্ত্ৰৰ ক্ষতি কৰে টোপনিৰ এনে অভ্যাসে