শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ছিৰিয়াত আমেৰিকাৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক; লক্ষ্য ISISৰ ঘাটি, ৭০টা স্থানত চলালে আক্ৰমণ

মাৰ্কিন বিষয়াসকলে জানিবলৈ দিয়া মতে, আইছিছৰ আন্তঃগাঁথনি আৰু অস্ত্ৰ-শস্ত্ৰ থকা মধ্য ছিৰিয়াৰ ৭০টা স্থানক লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হৈছে। এই প্ৰত্যাক্ৰমণ পুনৰ চলিব পাৰে বুলিও বিষয়াসকলে উল্লেখ কৰিছে।

ছিৰিয়াত আমেৰিকাৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক; লক্ষ্য ISISৰ ঘাটি, ৭০টা স্থানত চলালে আক্ৰমণ
ছিৰিয়াত এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 20 Dec 2025 09:00 AM

ছিৰিয়াত ইছলামিক ষ্টেটৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰিছে আমেৰিকাই। আমেৰিকাৰ সৈনিক আৰু এগৰাকী সাধাৰণ আমেৰিকান নাগৰিকৰ মৃত্যুৰ পিছতে শুকুৰবাৰে ছিৰিয়াত আইছিছৰ ঘাটিত প্ৰতিশোধমূলক বিমান আক্ৰমণ চলায় ট্ৰাম্প প্ৰশাসনে। অৱশ্যে এয়া যুদ্ধৰ আৰম্ভণি নহয় বুলি স্পষ্ট কৰি দিছে আমেৰিকাই। বৰঞ্চ আমেৰিকান নাগৰিকৰ হত্যা প্ৰতিশোধমৰ্মে এই আক্ৰমণ চলোৱা হৈছে বুলি ট্ৰাম্প প্ৰশাসনে উল্লেখ কৰিছে। মধ্য ছিৰিয়াৰ ৭০টা স্থানক লক্ষ্য কৰি আমেৰিকাই এই বিমান আক্ৰমণ চলায়।

মাৰ্কিন বিষয়াসকলে জানিবলৈ দিয়া মতে, আইছিছৰ আন্তঃগাঁথনি আৰু অস্ত্ৰ-শস্ত্ৰ থকা মধ্য ছিৰিয়াৰ ৭০টা স্থানক লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হৈছে। এই প্ৰত্যাক্ৰমণ পুনৰ চলিব পাৰে বুলিও বিষয়াসকলে উল্লেখ কৰিছে। প্ৰতিৰক্ষা সচিব পিট হেগছেথে সামাজিক মাধ্যম যোগে কয়- এয়া যুদ্ধৰ আৰম্ভণি নহয়, বৰঞ্চ প্ৰতিশোধৰ ঘোষণাহে।

শক্তিশালী প্ৰতিশোধৰ হুংকাৰ

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নেতৃত্বত আমেৰিকাই নিজৰ জনসাধাৰণৰ ৰক্ষাৰ ক্ষেত্ৰত কেতিয়াও কুণ্ঠাবোধ নকৰে আৰু কেতিয়াও পিছ হুহুকি নাযায় বুলিও স্পষ্ট বাৰ্তা দিছে পিট হেগছেথে। ছিৰিয়াৰ মৰুভূমিত শেহতীয়া আক্ৰমণৰ পিছতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কঠোৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিছিল। এই আক্ৰমণৰ বাবে ট্ৰাম্পে স্পষ্টকৈ আইছিছক দোষাৰোপ কৰিছিল।

সন্ত্ৰাসবাদীক সকীয়নি ট্ৰাম্পৰ

ইয়াৰ পিছতে আ্মেৰিকাই চলোৱা প্ৰত্যাক্ৰমণ সন্দৰ্ভত ট্ৰাম্পে সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আইছিছৰ ঘাটি এই আক্ৰমণৰ লক্ষ্য বুলি দোহাৰি ট্ৰাম্পে ছিৰিয়াৰ ৰাষ্ট্ৰপতি আহমেদ আল শ্বাৰাই সন্ত্ৰাসবাদী সংগঠনটোৰ বিৰুদ্ধে আমেৰিকাৰ এই প্ৰচেষ্টাক সম্পূৰ্ণৰূপে সমৰ্থন জনোৱা বুলি প্ৰকাশ কৰিছে ট্ৰাম্পে।

মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সন্ত্ৰাসবাদী গোটটোক আমেৰিকাৰ জোৱানক পুনৰ আক্ৰমণ নকৰিবলৈও সকীয়াই দিয়ে। অন্যথা আমেৰিকাই অধিক শক্তিশালী প্ৰত্যাক্ৰমণ চলাব বুলি ট্ৰাম্পে হুংকাৰ দিছে। আইছিছে আমেৰিকান সৈন্যৰ ওপৰত কৰা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও ছিৰিয়াৰ নিৰাপত্তা বাহিনীৰ ওপৰত কৰা দুটা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।