শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

RIC: সলনি হ’ব নেকি বিশ্ব ৰাজনীতি? একত্ৰিত হোৱাৰ দিশে ৰাছিয়া-ভাৰত আৰু চীন…

একত্ৰিত হ'ব নেকি ভাৰত-ৰাছিয়া আৰু চীন? বিগত সময়চোৱাত ভাৰত-চীনৰ সম্পৰ্কত যথেষ্ঠ অৱনতি ঘটিছে। কিন্তু ইয়াৰ মাজতে খবৰ পোহৰলৈ আহিছে যে চীনে ভাৰতৰ সহায় বিচাৰিছে।

RIC: সলনি হ’ব নেকি বিশ্ব ৰাজনীতি? একত্ৰিত হোৱাৰ দিশে ৰাছিয়া-ভাৰত আৰু চীন…
চীন-ৰাছিয়া-ভাৰতImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 18 Jul 2025 13:37 PM

একত্ৰিত হ’ব নেকি তিনি শক্তি? যিয়ে স্তম্ভিত কৰি তুলিব বিশ্ববাসীক। সূত্ৰ অনুসৰি ৰাছিয়া, চীন আৰু ভাৰত একত্ৰিত হ’ব পাৰে। চীনে পুৰণি সম্পৰ্ক নবীকৰণ কৰিব বিচাৰিছে। ৰাছিয়াইও দেখুৱাইছে নিজৰ সমৰ্থন। কিন্তু জানিব পৰা গৈছে যে ভাৰতে বৰ্তমান পৰ্যন্ত কোনো বৈঠকত সন্মতি প্ৰদান কৰা নাই।

জানিব পৰা মতে, পশ্চিমীয়া দেশসমূহৰ বিশ্বৰ ওপৰত থকা একচেটিয়া অধিকাৰৰ অন্ত পেলাব বিচাৰিছে চীনে। এই ক্ষেত্ৰত সমৰ্থন আছে ৰাছিয়াৰ। কিয়নো এই কাম কেৱল দুই দেশৰ বাবে সহজ নহয়। যাৰ বাবে বিচাৰিছে ভাৰতৰ সহায়। ভাৰত বিশ্ব শক্তি হিচাপে পৰিগণিত হোৱাৰ পাছতে চীন আৰু ৰাছিয়াই বন্ধুত্বৰ হাত আগবঢ়াইছে। ৰাছিয়া, ভাৰত আৰু চীনে মিলি পশ্চিমীয়া আধিপত্যক প্ৰত্যাহ্বান জনাব পৰা বুলি এতিয়া চৰ্চা হৈছে। প্ৰায় এমাহ পূৰ্বে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে কৈছিল, এই তিনি শক্তিৰ কাম পুনৰ আৰম্ভ হৈছে। আৰু এয়া হ’ব লাগে।

চীন আৰু ৰাছিয়া এই ক্ষেত্ৰত এটা পক্ষতে আছে। ইয়াৰ দ্বাৰা কেৱল তিনিখন দেশৰ লাভ হোৱাই নহয়, ইয়াৰ ফলত বিশ্বৰ নিৰাপত্তা আৰু পৰিস্থিতিৰ বাবেও লাভৱান হ’ব। এই সন্দৰ্ভত বৃহস্পতিবাৰে ৰাছিয়াৰ এটা সংবাদ মাধ্যমে দেশখনৰ উপ-বিদেশ মন্ত্ৰীৰ উদ্ধৃতি দি কয় যে এই বিষয়ত বেইজিং আৰু নতুন দিল্লীৰ মাজত আলোচনা চলি আছে।

উল্লেখ কৰা প্ৰয়োজন যে এই তিনিখন দেশে পূৰ্বেও একেলগে কাম কৰি আহিছে। RIC ৰ অধীনত ২০ খনতকৈও অধিক বৈঠক অনুষ্ঠিত হৈছিল, কিন্তু ২০২০ চনত কোৰোনা মহামাৰী আৰু পূৱ লাডাখৰ বাবে গালৱানত ভাৰত-চীন সেনাৰ সংঘৰ্ষৰ পিছত আলোচনা বন্ধ হৈ পৰে।

আনহাতে ভাৰত যেনেকৈ এফালে ব্ৰিকছৰ সদস্য, আনফালে আমেৰিকা আৰু জাপানৰ সৈতে কোৱাডৰ সদস্য। সদস্য। চীনে ভাবিছিল যে তেওঁলোকৰ উত্থান বন্ধ কৰিবলৈ কোৱাডৰ সৃষ্টি কৰা হৈছে। সেয়ে চীনে ৰাছিয়াক নিজৰ লগত লৈ ভাৰতৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰিব বিচাৰিছে। অৱশ্যে বৰ্তমান পৰ্যন্ত এই ক্ষেত্ৰত ভাৰত চৰকাৰে কোনো সঁহাৰি প্ৰদান কৰা নাই। গতিকে ভাৰতে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

অৱশ্যে এয়াও ঠিক যে বিগত সময়চোৱাত চীনে ভাৰতৰ বিৰুদ্ধে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। পহলগাম কাণ্ডৰ পাছত চীনে মুকলিকৈ পাকিস্তানক সমৰ্থন কৰিছিল। এফালে ভাৰতৰ বিৰোধিতা আৰু আনহাতে বিচাৰিছে ভাৰতৰ সহায়। গতিকে এনে অৱস্থাত ভৱিষ্যতে বিশ্ব ৰাজনীতিত কি পৰিবৰ্তন হয় সেয়া সময়ে ক’ব।

 

অন্য খবৰ পঢ়কঃ বিপদত ভাৰত! চীনৰ সিদ্ধান্তৰ ফলত ৰপ্তানিৰ ক্ষেত্ৰত লোকচান হ’ব পাৰে ৩২ বিলিয়ন ডলাৰ…