শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Republic Day 2026: কৰ্তব্য পথত এইবাৰ দেশবাসীৰ নমন সীমান্তৰ অজান প্ৰহৰীক, দেশমাতৃৰ চৰণত উৎসৰ্গিত যাৰ নীৰৱ আনুগত্য…

কৰ্তব্য পথ'ত পোনপ্ৰথমবাৰৰ বাবে এই 'নীৰৱ যোদ্ধা'সকলক বিশেষ মৰ্যাদাৰে দেশৰ সন্মুখত উপস্থাপন কৰা হ’ব। স্বাভাৱিকতেই গণৰাজ্য দিৱসৰ বিশেষ ক্ষণত দেশৰ এই নীৰৱ যোদ্ধাৰ বিষয়ে জনাটো প্ৰতিজন নাগৰিকৰ বাবেও হ’ব গুৰুত্বপূৰ্ণ

Republic Day 2026: কৰ্তব্য পথত এইবাৰ দেশবাসীৰ নমন সীমান্তৰ অজান প্ৰহৰীক, দেশমাতৃৰ চৰণত উৎসৰ্গিত যাৰ নীৰৱ আনুগত্য…
গণৰাজ্য দিৱসত এইবাৰ দেখা যাব বিশেষ দৃশ্যImage Credit source: Imtiyaz Khan/Anadolu via Getty Images)
Monjit Dutta
Monjit Dutta | Published: 25 Jan 2026 17:20 PM

ভাৰতৰ দুৰ্গম সীমান্তত য’ত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপে মানুহৰ ধৈৰ্যৰ পৰীক্ষা লয়, তাত কেৱল আমাৰ জোৱানসকলেই জাগ্ৰত হৈ নাথাকে। তেওঁলোকৰ ছাঁটোৰ দৰে খোজত খোজ মিলাই পহৰা দিয়ে এদল নীৰৱ যোদ্ধাই। তেওঁলোকৰ মুখত কোনো জয়ধ্বনি নাই, বুকুত নাই কোনো জিলিকি থকা পদক। তথাপিও তেওঁলোকৰ আনুগত্যৰ কাহিনী হিমালয়ৰ বৰফৰ দৰেই শুভ্ৰ আৰু বিশাল। এইবাৰ দেশৰ ৰাজধানীৰ ‘কৰ্তব্য পথ’ত গণতন্ত্ৰ দিৱসৰ পেৰেডত পোনপ্ৰথমবাৰৰ বাবে সমদল কৰিব ভাৰতীয় সেনাৰ এই বিশেষ প্ৰাণী বাহিনীয়ে।

যিটো সময়ত প্ৰযুক্তি আৰু ড্ৰোনে আকাশ দখল কৰিছে, সেই সময়তো আমাৰ সেনাক অপৰিহাৰ্য সহায় আগবঢ়াই আহিছে এই অজান প্ৰাণীবোৰে। ‘কৰ্তব্য পথ’ত পোনপ্ৰথমবাৰৰ বাবে এই ‘নীৰৱ যোদ্ধা’সকলক বিশেষ মৰ্যাদাৰে দেশৰ সন্মুখত উপস্থাপন কৰা হ’ব। স্বাভাৱিকতেই গণৰাজ্য দিৱসৰ বিশেষ ক্ষণত দেশৰ এই নীৰৱ যোদ্ধাৰ বিষয়ে জনাটো প্ৰতিজন নাগৰিকৰ বাবেও হ’ব গুৰুত্বপূৰ্ণ।

বিপদৰ সংগী

চিয়াচেনৰ ২০ হাজাৰ ফুট উচ্চতাৰ হাড় কঁপোৱা ঠাণ্ডাই হওক বা লাডাখৰ অক্সিজেনহীন বালিচহীয়া মৰুভূমি— জাস্কাৰ পনী (ঘোঁৰা) আৰু বেক্ট্ৰিয়ান উটবোৰে ধুমুহাৰ মাজতো সৈন্যৰ বাবে খাদ্য আৰু গোলা-বাৰুদ কঢ়িয়াই লৈ যায়। য’ত কোনো বাহন চলিব নোৱাৰে, তাত এই প্ৰাণীবোৰেই হৈ পৰে সৈন্যৰ প্ৰধান ভৰসা। একেদৰে আকাশমাৰ্গত পহৰা দি বিমানঘাটৰ নিৰাপত্তা সুনিশ্চিত কৰে চিকাৰী চৰাই ৰেপটৰ্ছ (Raptors)- এ।

মৃত্যুকো নেওচি যোৱা বন্ধুত্ব

সেনা বাহিনীৰ ‘আৰ্মী ডগ স্কোৱাড’ৰ কথা ক’বলৈ গ’লে আৱেগ বাধা দি ৰখা টান। শত্ৰুৰ বোমাৰ গোন্ধ লৈয়েই হওক বা গভীৰ অৰণ্যত সন্ত্ৰাসবাদীৰ খোজ অনুসৰণ কৰিয়েই হওক, এই কুকুৰবোৰে সদায় জোৱানসকলৰ আগত নিজৰ বুকুপাতি দিয়ে। কেইবাটাও কুকুৰে দেশৰ বাবে শ্বহীদ হৈছে আৰু মৰণোত্তৰভাৱে বীৰত্বৰ সন্মানো বুটলিছে। এই অবুজ প্ৰাণীটিয়ে বুজি নাপায় ৰাজনীতি, কেৱল বুজি পায় নিজৰ ‘হেন্দলাৰ’ বা বন্ধু জোৱানজনৰ এটা ইঙ্গিত আৰু দেশৰ প্ৰতি থকা এক নিস্বাৰ্থ দায়বদ্ধতা।

দেশৰ এক অনন্য স্বীকৃতি

এইবাৰ গণতন্ত্ৰ দিৱসত তেওঁলোকৰ উপস্থিতি কেৱল এক সমদল নহয়, বৰঞ্চ ই এক ৰাষ্ট্ৰীয় নমন। যিসকলে বিনিময়ত একো নিবিচাৰাকৈ কেৱল সেৱা আগবঢ়াই আহিছে, সেই নীৰৱ যোদ্ধাসকলক এইবাৰ সমগ্ৰ দেশে চিনি পাব। আমাৰ নিৰাপত্তা কেৱল আধুনিক অস্ত্ৰৰে সুৰক্ষিত নহয়, বৰঞ্চ এই নিৰ্মল অন্তৰৰ প্ৰাণীবোৰৰ ত্যাগ আৰু সাহসো ইয়াৰ এক অবিচ্ছেদ্য অংশ।