Republic Day 2026: এসময়ত ২৬ জানুৱাৰী পালন কৰা হৈছিল স্বাধীনতা দিৱস ৰূপে, এতিয়া গণৰাজ্য দিৱস কিয়! জানেনে আপুনি?
স্বাধীনতাৰ তাৰিখটো ব্ৰিটিছে নিৰ্ধাৰণ কৰিছিল ১৯৪৭ চনৰ ১৫ আগষ্ট, কিন্তু গণতন্ত্ৰ দিৱসৰ বাবে ২৬ জানুৱাৰী তাৰিখটো কিয় বাছনি কৰা হ’ল? দৰাচলতে স্বাধীনতা সংগ্ৰামত এই তাৰিখটোৰ এক বিশেষ গুৰুত্ব আছে। জানো আহক এই বিষয়ে।
২৬ জানুৱাৰী— এয়া কেৱল কেলণ্ডাৰৰ এটা তাৰিখ নহয়, বৰঞ্চ দেশৰ প্ৰতিজন নাগৰিকক জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সমতা আৰু সমান অধিকাৰৰ মাজত আগুৱাই যোৱাৰ সাহস দিয়া এক মহান উৎসৱ। যিখন সংবিধানে আমাক এই বিশ্বাস প্ৰদান কৰিছে, সেই সংবিধানক স্মৰণ কৰাৰ লগতে এজন নাগৰিক হিচাপে আমাৰ অধিকাৰ আৰু দেশ-সমাজৰ প্ৰতি থকা আমাৰ দায়বদ্ধবোধ সোঁৱৰাই দিয়ে এই দিনটোৱে। ১৯৫০ চনৰ ২৬ জানুৱাৰী আছিল সেই ঐতিহাসিক যাত্ৰাৰ এক উজ্বল ক্ষণ, যিদিনা ভাৰতে নিজৰ সংবিধানৰ জৰিয়তে নাগৰিকক নিজৰ ভাগ্য নিজে গঢ়াৰ অধিকাৰ দিছিল।
সংবিধান গ্ৰহণৰ সময়ত অৱশ্যে কিছু আশংকা নথকাও নহয়। আমাৰ সংবিধান প্ৰণেতাসকল আছিল অতিশয় দূৰদৰ্শী। তেওঁলোকে তেতিয়াই সতৰ্ক কৰি দিছিল যে সংবিধান যিমানেই ভাল নহওক কিয়, সেই সংবিধান প্ৰয়োগ কৰা লোকসকল যদি ভাল নহয়, এয়া বেয়া হিচাপেই প্ৰমাণিত হ’ব। আজি ৭৬ বছৰীয়া যাত্ৰাৰ পাছত আমি গৰ্বেৰে ক’ব পাৰোঁ যে এই সংবিধানেই দেশৰ একতা-অখণ্ডতা-প্ৰগতি আৰু শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰ কৰাত সহায়ক প্ৰমাণিত হৈছে। চুবুৰীয়া দেশবোৰত সঘনাই ঘটা সামৰিক অভ্যুত্থান আৰু ক্ষমতালিপ্সালৈ চালে ভাৰতীয় সংবিধানৰ ওপৰত আমাৰ বিশ্বাস অধিক দৃঢ় হয়।
২৬ জানুৱাৰীৰ ঐতিহাসিক গুৰুত্ব
স্বাধীনতাৰ তাৰিখটো ব্ৰিটিছে নিৰ্ধাৰণ কৰিছিল ১৯৪৭ চনৰ ১৫ আগষ্ট, কিন্তু গণতন্ত্ৰ দিৱসৰ বাবে ২৬ জানুৱাৰী তাৰিখটো কিয় বাছনি কৰা হ’ল? দৰাচলতে স্বাধীনতা সংগ্ৰামত এই তাৰিখটোৰ এক বিশেষ গুৰুত্ব আছে। ১৯২৯ চনত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত লাহোৰ কংগ্ৰেছ অধিৱেশনে ব্ৰিটিছ চৰকাৰক সকীয়াই দিছিল যে যদি ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ ভিতৰত ভাৰতক পূৰ্ণ স্বাধীনতা দিয়া নহয়, তেন্তে দেশে নিজকে স্বাধীন বুলি ঘোষণা কৰিব।
সেই অনুসৰি ১৯৩০ চনৰ ২৬ জানুৱাৰী দিনটো সমগ্ৰ দেশে প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱস হিচাপে পালন কৰিছিল। ১৯৪৭ চনলৈকে এই ২৬ জানুৱাৰী তাৰিখটোৱেই স্বাধীনতা দিৱস হিচাপে পালন কৰি অহা হৈছিল। স্বাধীনতা লাভৰ পাছত সেই সোণালী স্মৃতি সজীৱ কৰি ৰাখিবলৈকে ১৯৫০ চনৰ এই দিনটোতে ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হয়।
উৎসৱ নহয়, ই এক উত্তৰদায়িত্ব
পৰাধীনতাৰ সময়তো ভাৰতত আইন-আদালত আছিল, কিন্তু সেই সকলোবোৰ আছিল বিদেশী ব্ৰিটিছ চৰকাৰৰ স্বাৰ্থত। দেশৰ জনসাধাৰণ আছিল কেৱল ‘প্ৰজা’, তেওঁলোকৰ কোনো নাগৰিক অধিকাৰ নাছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীয়ে এই সমীকৰণ সলাই দিলে— শাসনৰ উৎস হ’ল জনসাধাৰণ। গণতন্ত্ৰৰ আত্মা ইয়াতেই নিহিত হৈ আছে। সংবিধান সভাৰ বিতৰ্কবোৰ চালে দেখা যায় যে আমাৰ প্ৰণেতাসকলৰ চিন্তা কেৱল ক্ষমতা হস্তান্তৰৰ বাবে নাছিল, বৰঞ্চ অধিকাৰ সম্পন্ন এজন উত্তৰদায়ী নাগৰিক নিৰ্মাণৰ বাবেহে আছিল।
ড° আম্বেদকাৰে বাৰে বাৰে সোঁৱৰাই দিছিল যে গণতন্ত্ৰ তেতিয়াহে টিকি থাকিব যেতিয়া সামাজিক আৰু অৰ্থনৈতিক গণতন্ত্ৰই তাক সহায় কৰিব। ২৬ জানুৱাৰী সেয়েহে উৎসৱতকৈ অধিক দায়বদ্ধতা বুজি পোৱাৰ দিন। ১৮৫৭ চনৰ পৰা ১৯৪৭ চনলৈ ৯০ বছৰীয়া দীৰ্ঘ স্বাধীনতা সংগ্ৰামৰ অসংখ্য বলিদানৰ পাছত ভাৰতৰ এই সংবিধান নিৰ্মিত হৈছে।
আমাৰ সংবিধানখনে আমাৰ অতীতকো অস্বীকাৰ কৰা নাই আৰু পশ্চিমীয়া দেশৰো অন্ধ অনুকৰণ কৰা নাই। ইয়াত গ্ৰাম স্বৰাজৰ পৰা ধৰ্মনিৰপেক্ষতালৈকে ভাৰতীয় পৰম্পৰাৰ ছাঁ আছে। এই সংবিধানত ‘অসন্মতি’ৰ বাবেও সম্পূৰ্ণ স্থান আছে। ই কেতিয়াও অন্তিম নহয়, সেয়েহে সময়ে সময়ে সংশোধনৰ জৰিয়তে ইয়াক উন্নত কৰাৰ ব্যৱস্থা ৰখা হৈছে।
কৰ্তব্য পথৰ পেৰেড
গণতন্ত্ৰ দিৱসৰ পেৰেড কেৱল সমৃদ্ধি আৰু সামৰ্থ্যৰ প্ৰদৰ্শন নহয়, বৰঞ্চ ই আমাৰ বিভিন্ন ভাষা-সংস্কৃতি আৰু ধৰ্মৰ মাজত থকা একতাৰ বাৰ্তা। পেৰেডত অংশ লোৱা ৰাজ্যসমূহৰ প্ৰতীকপটবোৰে দেখুৱাই দিয়ে যে এই গণতন্ত্ৰ এক ৰূপতাৰ ওপৰত নহয়, বৰঞ্চ বৈচিত্ৰ্যৰ ওপৰত থিয় দি আছে।