শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Republic Day 2025 Wishes : ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে সকলোকে দিয়ক শুভেচ্ছা…

১৯৫০ চনৰ ২৬ জানুৱাৰীত যেতিয়া ভাৰতৰ সংবিধান কাৰ্যকৰী হ’ল, তেতিয়া এক নতুন যুগৰ সূচনা হ’ল। আজিও ৭৭ বছৰৰ পাছতো সেই সংবিধানে আমাক একেলগে বান্ধি ৰাখিছে। বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ কৰি ৰাজপথ পেৰেডলৈকে দেশৰ চুকে-কোণে উদ্যম আৰু আবেগ দেখিবলৈ পোৱা যায়।

Republic Day 2025 Wishes : ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে সকলোকে দিয়ক শুভেচ্ছা…
Barasha Misra
Barasha Misra | Updated On: 25 Jan 2026 08:21 AM

৭৭ সংখ্যক গণৰাজ্য দিৱসক লৈ চৌদিশে ব্যাপক প্ৰস্তুতি। সেয়ে বৃদ্ধি পাইছে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ২৫ জানুৱাৰীত দেশে উদযাপন কৰিব ৭৭ সংখ্যক গণৰাজ্য দিৱস। খানাপাৰাত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান। পেৰেডত অংশগ্ৰহণ কৰিব ২৪টা প্লাটুনে। এই দিনটোৰ বাবে আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ জোৱানসকল সাজু।

১৯৫০ চনৰ ২৬ জানুৱাৰীত যেতিয়া ভাৰতৰ সংবিধান কাৰ্যকৰী হ’ল, তেতিয়া এক নতুন যুগৰ সূচনা হ’ল। আজিও ৭৭ বছৰৰ পাছতো সেই সংবিধানে আমাক একেলগে বান্ধি ৰাখিছে। বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ কৰি ৰাজপথ পেৰেডলৈকে দেশৰ চুকে-কোণে উদ্যম আৰু আবেগ দেখিবলৈ পোৱা যায়। এই বিশেষ অনুষ্ঠানৰ বাবে আমি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান শুভেচ্ছা বাৰ্তা…

  1. সমগ্ৰ দেশবাসীৰ লগতে আপোনাকো ২০২৬ বৰ্ষৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। জয় আই অসম, জয় হিন্দ!
  2. গণৰাজ্য দিৱসৰ এই পবিত্ৰ ক্ষণত আহক আমি সকলোৱে দেশৰ ঐক্য আৰু সংহতি ৰক্ষা কৰাৰ সংকল্প লওঁ। আপোনাক জনালোঁ গণৰাজ্য দিৱসৰ হিয়াভৰা ওলগ।
  3. যিসকল বীৰ শ্বহীদৰ বলিদানৰ বিনিময়ত আজি আমি এই গৌৰৱোজ্জ্বল দিনটো লাভ কৰিছোঁ, সেইসকল মহান মনিষীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিলোঁ। গণৰাজ্য দিৱসৰ হিয়াভৰা শুভেচ্ছা!
  4. দেশৰ প্ৰতি থকা মৰম আৰু ভক্তি সদায় অটুট থাকক। গণৰাজ্য দিৱসৰ শুভেচ্ছা থাকিল।
  5. সংবিধানৰ মৰ্যাদা ৰক্ষা কৰি আমি প্ৰতিজনে একো একোজন সু-নাগৰিক হোৱাৰ পণ লওঁ আহক। গণৰাজ্য দিৱসৰ বহুত বহুত শুভেচ্ছা!
  6. ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনালো । বিশ্বৰ সৰ্ববৃহৎ সংবিধান হিচাপে চিহ্নিত ভাৰতবৰ্ষৰ সংবিধান খন গৃহীত হৈ এখন সাৰ্বভৌম আৰু গণৰাজ্য হিচাপে প্ৰতিস্হিত হোৱাৰ এই দিৱসটিৰ গুৰুত্ব অপৰিসীম।
  7. ৭২তম গণৰাজ্য দিৱস উপলক্ষে প্ৰতিগৰাকী নাগৰিককে আন্তৰিক শুভেচ্ছা। এই বিশেষ দিনটোত আমি সকলোৱে মিলি এখন শক্তিশালী ভাৰতবৰ্ষ গঢ়াৰ সংকল্প লওঁ আহক।

লগতে পঢ়ক- গণৰাজ্য দিৱসত শিক্ষানুষ্ঠানত দিয়ক সুকীয়া ভাষণ