Nalbari Raas Mahotsav: নলবাৰীৰ ৰাস মহোৎসৱৰ ব্যতিক্ৰমী পদক্ষেপ, ১০ হাজাৰ শিল্পীয়ে গঢ়িব ৰেকৰ্ড! আপুনিও কৰিব পাৰে অংশগ্ৰহণ
১৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱ। বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ ৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব। ইয়াৰ বাবে ইতিমধ্যে হৰি মন্দিৰত আৰম্ভ হৈছে প্ৰস্তুতি।

সমাগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। প্ৰতিবছৰে আঘোন মাহৰ পূৰ্ণিমাত ৰাসোৎসৱ পালন কৰা হয়। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈ পৰে ৰাজ্যৰ চৌদিশ। বিভিন্ন স্থানত জীৱন্ত ৰাস অনুষ্ঠিত হোৱাৰ বিপৰীতে আন কিছু স্থানত মূৰ্তি ৰাস অনুষ্ঠিত হয়।
পূৰ্বৰ দৰে এইবাৰো ঐতিহ্যমণ্ডিত শ্রীশ্রীহৰিমন্দিৰৰ ৰাস মহোৎসৱ অনুষ্ঠিত হ’ব। নামনি অসমৰ অন্যতম নলবাৰীৰ ৰাস মহোৎসৱ। এই আধ্যাত্মিক উৎসৱ অন্যবছৰৰ দৰে আকষর্ণীয় কৰি তুলিবৰ বাবে সম্পূর্ণ প্রস্তুতি চলি আছে। এইবছৰ নলবাৰীৰ ৰাসত বিভিন্ন পদক্ষেপ হাতত লৈছে কমিটিয়ে।
১৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱ। বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ ৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব। ইয়াৰ বাবে ইতিমধ্যে হৰি মন্দিৰত আৰম্ভ হৈছে প্ৰস্তুতি। এইবাৰ কেইবাখনো ভ্ৰাম্যমাণ নাট্যদলে নাট মঞ্চস্থ কৰিব। হেঙুল, বৰদৈচিলা, ইতিহাস আৰু সূৰ্যই মনপৰশা অভিনয়েৰে দৰ্শকৰ হৃদয় জিনিবলৈ সাজু হৈছে। ইয়াৰ সমান্তৰালকৈ থাকিব জীৱন্ত ৰাস, ভাওনা, যাদু, চাৰ্কাছ, গ্ৰন্থমেলাৰ লগতে আন বহুতো।
এইবছৰৰ নলবাৰীৰ ৰাস মহোৎসৱত ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে কমিটীয়ে। ৰাস মহোৎসৱত ৬ নৱেম্বৰত জুবিন গাৰ্গৰ বাবে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে ৷ এই ঘোষণা হৰিমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তথা ৰাস মহোৎসৱৰ সভাপতি মাননীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। ১০ হাজাৰ কণ্ঠশিল্পীয়ে একেলগে গাব জুবিন গাৰ্গৰ কালজয়ী গীত। নলবাৰীৰ গৰ্ডন স্কুল খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটো পৰিচালনা কৰিব দিগন্ত ভাৰতীয়ে।
ইতিমধ্যে ইয়াৰ বাবে প্ৰ-পত্ৰ পূৰণৰ কাম চলি আছে । যদিহে আপুনিও অংশগ্ৰহণ কৰিব বিচাৰে আৰু জুবিন অনুৰাগী ৰূপে গাব বিচাৰে তেন্তে https://nalbarilac.in/Register.php ত গৈ প্ৰ-পত্ৰ পূৰণ কৰিব পাৰে। ৬ নবেম্বৰ তাৰিখে আবেলি ৩ বজাত গৰ্ডন স্কুল খেলপথাৰত একেলগে গাব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত। অংশগ্ৰহণ কৰিবলৈ এই লিংকত গৈ ফৰ্মখন পূৰণ কৰিব লাগিব ৷
উল্লেখ্য যে, আজি শ্ৰী শ্ৰী হৰিমন্দিৰ ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ ৰভা মঞ্চ-লাইখুঁটা স্থাপন কৰে। ৰাস উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত মনোজ কুমাৰ চৌধুৰীয়ে কৰ্ স্থাপন।